Sunday, December 18, 2011

ভূপেন হাজৰিকাৰ উত্তৰাধিকাৰ

ড. ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্ম অনুধাৱন কৰিলে এই কথাত পতিয়ন যাব পাৰি যে তেখেতৰ সৃষ্টি-সাম্ৰাজ্যৰ উত্তৰাধিকাৰ প্ৰতিজন অসমীয়াৰ, প্ৰতিজন ভাৰতীয়ৰ বা অধিক শুদ্ধকৈ ক’বলৈ গ’লে প্ৰতিজন মানুহৰে। কিন্তু আইনে কথাবোৰ তেনেকৈ নাচায়। আইনৰ বাবে কোনো-কিছুৰ উত্তৰাধিকাৰ এজন নিৰ্দিষ্ট ব্যক্তি নাইবা নিৰ্দিষ্ট অনুষ্ঠান হোৱাটো জৰুৰী। ভূপেন দাই এৰি যোৱাৰ শূন্যতাবোধে হৃদয় কুৰুকি থাকোঁতেই এই কথাবোৰ কিয় পাতিবলগা হ’ল? যোৱা কেইবাদিনো ধৰি ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্ম আৰু স্থাৱৰ সম্পত্তিৰ উত্তৰাধিকাৰ লৈ হোৱা কিছু অসুস্থ বিতৰ্কই এই সম্পৰ্কত আমাৰ দৰে সাধাৰণ লোককো ভাবিবলৈ বাধ্য কৰাইছে।

সংবাদ মাধ্যমে কঢ়িয়াই অনা বাতৰি মতে, সন্মুখ সমৰত দুই যুযুধান পক্ষ। এটা পক্ষত ভূপেন হাজৰিকাৰ জীৱন কালতে গঠিত বুলি কোৱা ‘ড. ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ আৰু আনটো পক্ষত শিল্পীজনাৰ পুত্ৰ তেজ হাজৰিকা আৰু পৰিয়ালৰ

Saturday, December 10, 2011

ভূপেন হাজৰিকাৰে পোন্ধৰ মিনিট

{ সুধাকণ্ঠ ভূপেন হাজৰিকাক চাৰিবাৰমান লগ পোৱাৰ ভিতৰত দুবাৰ কিছু ওচৰৰ পৰা পাইছিলো। তাৰে এবাৰ লগ পোৱাৰ অভিজ্ঞতাৰে ‘দৈনিক অসম’ আৰু অধুনালুপ্ত ‘আজিৰ বাতৰি’ত দুটা লেখা লিখিছিলো। ভূপেন দা স্মৰণৰ এই সময়ত তাৰে এটা লেখা বাতৰি কাকতৰ পৃষ্ঠাৰ পৰা ইয়ালৈ তুলি আনিলো। }


অকস্মাতে মানুহবোৰ চঞ্চল হৈ উঠিল। ভঁৰালী নামঘৰ প্ৰাঙ্গণত এটা গুণগুণনি বৈ গ’ল— আহিল আহিল, পালেহি পালেহি। আবেলিৰে পৰা অপেক্ষা কৰি থকা শতাধিক মানুহৰ যেন প্ৰতীক্ষাৰ অন্ত পৰিল। ‘গধূলি ভঁৰালী নামঘৰলৈ ভূপেন হাজৰিকা আহিব’— বাৰ্তাটো ৰাতিপুৱাই বিয়পি গৈছিল কলিয়াবৰত। আবেলিৰ পৰাই মানুহৰ সোঁত ব’লে ভঁৰালী নামঘৰৰ সমীপলৈ। ক’ৰ মানুহ নাই? সোণাৰি গাঁৱৰ হংস হাজৰিকা ছাৰ, জখলাবন্ধাৰ সিদ্ধাৰ্থ শঙ্কৰ গোস্বামী, সৰুভগীয়াৰ তৰুণ মুক্তিয়াৰ, দামোদৰ শইকীয়া, শিলঘাটৰ নৃপেন কেওঁট, মাধতাৰিৰ পৰেশ ভূঞা, ভলাগুৰি সত্ৰৰ হেমচন্দ্ৰ

Friday, December 09, 2011

ৰবিবাৰে ৰবিবাৰে মামণি ৰয়ছম

শ্ৰদ্ধাঞ্জলিঃ মামণি ৰয়ছম
১৯৪১-২০১১

ৰবিবাৰে ৰবিবাৰে মামণি ৰয়ছম প্ৰশান্তৰ ঘৰলৈ যায়
ৰবিবাৰে ৰবিবাৰে তুমি মামণি ৰয়ছমৰ ঘৰলৈ যোৱা
মামণি দুভাগ হৈ যায় মামণি চাৰিভাগ হৈ যায়
আঠভাগ হৈ যায়, নহয় মামণি ষোল্লভাগ হৈ...

মই তিনিআলিৰ দোমোজাত ৰৈ থাকোঁ
এটা নিয়ন লাইটৰ তলত অপেক্ষা কৰি থাকোঁ
গছৰ পাতৰ মাজেৰে বৈ অহা পোহৰৰ কাৰুকাৰ্যত
অপেক্ষাৰ সমানেই পুৰণা মোৰ অপেক্ষা।

ঠিক কোনফালৰ পৰা কোন আহিব
মই খাতাং নহয়, অৱশ্যে প্ৰশান্ত নাহে
প্ৰশান্তই গৱেষণা কৰিব মামণিয়ে কিমান ডিগ্ৰী হাঁহিলে
দুজোপা খৰিকাজাঁই একেলগে ফুলিব।

এফালৰ পৰা মামণি আহিব, মামণি আহিবই
কাজল সনা দুচকুত এহেজাৰবাৰ স্পন্দন উঠিব

Friday, November 11, 2011

গায়ক জুবিনঃ আপদ জুবিন

জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ গানৰ বিৰুদ্ধে অসমৰ বিভিন্ন শ্ৰেণীৰ মানুহ আৰু সংগঠনে যি সময়ত হুংকাৰ দি আছিল, ফটোৱা জাৰি হৈছিল, তেনেকুৱা সময়তে আমি জুবিন আৰু তেওঁৰ গানৰ সপক্ষত ৰাজহুৱাভাৱে থিয় দিছিলো। ১৯৯৮ চনৰ অক্টোবৰ সংখ্যা ‘ৰংঘৰ’ত প্ৰকাশিত এই লেখকৰ ‘জুবিনৰ গান’ শীৰ্ষক লেখা আৰু আন এজন লেখকৰ লেখাই সম্ভৱতঃ জুবিনৰ সপক্ষত প্ৰথম বিশ্লেষণাত্মক লেখা। তাৰ পিছত, খুব সম্ভৱতঃ ‘দৈনিক জনমভূমি’ত বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে এটা লেখা লিখিছিল।

কি আছিল আমাৰ লেখাটোত? কম পৰিসৰত আমি ফঁহিয়াবলৈ চেষ্টা কৰিছিলো জুবিনৰ (আৰু জুবিনৰ গানৰ) গুণ, দোষ আৰু কৰণীয়। আমি কৈছিলো— “ড. ভূপেন হাজৰিকাৰ পিছত নিজে ৰচনা কৰি, সুৰ দি, সংগীত সজাই গীত গাই ‘জনপ্ৰিয়’ হোৱা সংগীত শিল্পীসকলৰ ভিতৰত অন্যতম জুবিন গাৰ্গ। যি ধৰণৰ গীতেই নাগাওক কিয়, নিজে ৰচনা কৰি গীত গোৱা গায়ক খুব কম। পৰ্যৱেক্ষণে কয়, দুয়োটা

Saturday, November 05, 2011

এক মহাজীৱনৰ প্ৰস্থানঃ বিদায় ভূপেন দা !

শ্ৰদ্ধাঞ্জলিঃ ভূপেন দালৈ
৮ ছেপ্তেম্বৰ ১৯২৬ — ৫ নৱেম্বৰ ২০১১




আজি ৫ নৱেম্বৰ। গতানুগতিকাৰ পৰা ফালৰি কাটি প্ৰায় বিয়লি চাৰে তিনিমান বজালৈকে ব্যস্ত আছিলো এজাক কণ কণ শিশুৰ সৈতে,— 'বুঢ়ী আইৰ সাধু'ৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে পতা এটা অনুষ্ঠানত। ৪.৪৫ বজামানত পালো খবৰটো, আমাৰ সামাজিক কাম-কাজৰ সংগী, দাদা মুৰুলী বৰাৰ পৰা।

মৃত্যু কি, বুজা হোৱা দিন ধৰি বহু মানুহৰ মৃত্যু দেখিছোঁ, শুনিছোঁ, ব্যথিত হৈছোঁ। অনাত্মীয় বহু মানুহৰ মৃত্যুতো স্থবিৰ হৈ গৈছোঁ, মুক হৈ গৈছোঁ, তাৰ পিছতো বহুদিন শুই থকা শোকে কুৰুকি কুৰুকি ৰক্তাক্ত কৰিছে হৃদয়; এই যেনেকৈ বিশিষ্ট লেখক, শিক্ষাবিদ হৰেশ্বৰ গোস্বামীৰ অকাল বিয়োগত, এই যেনেকৈ দহ্‌দহীয়া ডেকা শিল্পী প্ৰশান্ত বৰাৰ বিযোগত, এই যেনেকৈ...; নাঃ থাকক, আজি অন্য প্ৰসংগ।

মৃত্যু কি, বুজা হোৱা দিন ধৰি এনেকুৱা বিশাল মহীৰূহৰ পতন দেখা নাছিলো। অনুভৱ কৰা নাছিলো এনে সৰ্বনাশী শূন্যতা। বোধহয় কলাগুৰু ৰাভাদেৱৰ বিয়োগত হোৱা শূন্যতাবোধৰ লগত আজিৰ

Saturday, August 27, 2011

আই এম এগেইনষ্ট কৰাপ্‌চন

মহাত্মা গান্ধী
মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা ভাৰতৰ স্বাধীনতা সংগ্ৰামে অন্ততঃ দুটা ধাৰণাৰ ধ্ৰুৱকতাক পৰিস্ফুট কৰিছিলঅহিংসা আৰু সত্যাগ্ৰহ। ভাৰতবৰ্ষত এই দুটা কোনো অৰ্বাচীন ধাৰণা নাছিল, কিন্তু গান্ধীজীৰ পৰীক্ষা আৰু এষণাইহে দুয়োটা ধাৰণাৰ শক্তিক বিশ্বৰ আগত পতিয়নযোগ্যকৈ দাঙি ধৰিব পাৰিছিল। গান্ধীজীৰ সমগ্ৰ চিন্তা-চৰ্চাক সত্যাগ্ৰহে (সত্যৰ প্ৰতি আগ্ৰহ) বিশেষভাৱে প্ৰভাৱিত কৰিছিল। এই সত্যাগ্ৰহক এক সামগ্ৰিক ৰূপ দিয়াৰ বাবে তেখেতৰ চেষ্টা অবিৰতভাৱে চলি আছিল। সামগ্ৰিকতাৰ প্ৰতি সচেতনতাই গান্ধীজীক কিছুমান বাস্তৱিক পদক্ষেপ লোৱাটো অনুপ্ৰেৰিত কৰিছিল বুলি ধাৰণা কৰিব পাৰি। শুদ্ধ আচাৰ-বিচাৰ, সৎ আৰু নিকা হৈ থকাৰ প্ৰয়াস, নিজৰ কাম নিজে কৰা, প্ৰয়োজনতকৈ অধিক নিবিচৰাএই ধৰণৰ কৰ্মসূচীৰ প্ৰতীক হিচাপে এটা সময়ত সমগ্ৰ ভাৰতজুৰি প্ৰকৃত গান্ধীবাদীসকলৰ দেহত শোভা কৰিবলৈ ধৰিলে নিজ হাতে সূতা কাটি বোৱা খদ্দৰৰ ধূতী, কামিজ আৰু মূৰত 'গান্ধীটুপী'য়ে। গান্ধীজীৰ বাণীক মহামন্ত্ৰ হিচাপে নিজৰ হৃদয়ত

Friday, June 17, 2011

গালি পাৰোঁ, গালি খাওঁ আহক


আমাতকৈ বয়সত ডাঙৰ, কিন্তু অতি অন্তৰংগ এজন বন্ধু আছে, যি লগ পালেই এটা অদ্ভুত গালিৰে সম্বোধন কৰে। মোক বুলিয়েই নহয়, আমাৰ লগৰ সকলোকে। বিস্তৰ আমোদৰ খোৰাক যোগোৱা তেওঁৰ গালি তথা সম্বোধনবোৰ এনেকুৱা— 'হেপাটাইটিছে পোৱা', 'ফ্লৰ'চিছত মৰা', 'জোকাই নল'বি, ট্ৰেড চেণ্টাৰ ভগাদি ভাগিবি' আৰু এনেকুৱা ধৰণৰ।

বোধহয়, সময় আৰু পৰিৱেশৰ তাগিদাতে তেওঁৰ মুখৰ গালিবোৰে ৰূপ সলাইছে; কিন্তু ঠাঁচটো পুৰণি অসমীয়া গালিৰ চেহেৰাতে আছে। গালিয়ে ইতিমধ্যেই লোক-সংস্কৃতিৰ সমল ৰূপে স্বীকৃতি আদায় কৰিছে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল— লোক-সংস্কৃতিৰ সমল ৰূপে দাবী কৰিব পৰা আমাৰ গালিবোৰ হেৰাবলৈ ধৰিছে। তাৰ বিপৰীতে কিছুমান বিজতৰীয়া অশ্লীল গালিয়ে আমাৰ মাজত উৰি আহি জুৰি বহিবলৈ আৰম্ভ কৰিছে। পুৰণি অসমীয়া গালিবিলাকত, অন্ততঃ আমি সৰু থাকোঁতে যিবিলাক

Tuesday, June 07, 2011

শিল্পপ্রাণ চন্দ্র ফুকনৰ প্রেমৰ কবিতা

শিল্পপ্ৰাণ চন্দ্ৰ ফুকন
জন্মঃ ২৭ আগষ্ট, ১৯0৯ . মৃত্যুঃ ২৭ আগষ্ট, ১৯৭১
অসমৰ মঞ্চজগতৰ উজ্জ্বল জ্যোতিষ্ক শিল্পপ্রাণ চন্দ্র ফুকনৰ প্রতিভা অকল নাটক কিম্বা মঞ্চতে আৱদ্ধ নাছিল। তেওঁৰ ভিতৰত এজন অভিনেতাৰ উপৰি এজন কবিও জাগৰুক হৈ আছিল। কবি হিচাপে আত্মপ্রকাশৰ অন্তৰালত লুকাই থকা কথাবোৰ চন্দ্র ফুকনে প্রকাশ কৰিছে এনেদৰে—
“দেৱকান্ত ক্লান্ত আজি
ছন্দহীন কবিতা এৰিলে
এৰিলে কবিতা—
ৰত্নকান্ত শেৱালি কবিয়ে
গুচি গ’ল কবিতা নেলেখে
এৰি গ’ল নুমাল শলিতা।
সেই দেখি মই আজি
চন্দ্রকান্ত আহিছোঁ ওলাই...।”
          (মঞ্চ এৰি আহিছোঁ ওলাই)

জীৱিত কালত বিভিন্ন কাকত-আলোচনীত তেওঁৰ কবিতা প্রকাশ হৈছিল যদিও কোনো সংকলন প্ৰকাশ পোৱা নাছিল। মৃত্যুৰ পিছতহে চন্দ্র ফুকনৰ কবিতাৰ এটা

Wednesday, April 20, 2011

এটা কবিতা অনুবাদৰ আঁৰৰখিনি

জয় গোস্বামী
এসপ্তাহমান হ'ল, দুটা লাইনে বৰ অশান্তি কৰি আছিল,— "তুমি মোক বিচাৰি আছিলা" আৰু "মই কি তোমাক বিচৰা নাছিলো?" দুটা বেলেগ বেলেগ ঠাইৰ বাবে দুটা লাইন। সমস্যাটো হ'ল— ইয়াৰ পিছত একো আগো নাবাঢ়ে, লাইন দুটা পাহৰিবও পৰা নাই। এনেকুৱা হ'লে মই সাধাৰণতে দুটা কাম কৰোঁ— চিনেমাত সোমাই যাওঁ অথবা কিতাপত সোমাওঁ। এইবাৰ পিছৰটো কৰা ভাল হ'ব বুলি চাৰিখন কিতাপ মেলি ল'লো। চাৰিখন কিয়? এইটোও এটা বৃতান্ত, মই সৰলৰৈখিকভাৱে এখন কিতাপ পঢ়ি সুখ নাপাওঁ, বেলেগ বেলেগ বিষয়ৰ কমেও দুখন কিতাপ একেলগে পঢ়িলেহে মোৰ পঢ়াত সুখ। এইবাৰ মেলি ল'লো— ড. প্রফুল্ল কটকীয়ে অনুবাদ কৰা 'শতাব্দীৰ সূৰ্যঃ আলবাৰ্ট আইনষ্টাইন', অন্নদাশংকৰ ৰায়ৰ 'আৰ্ট', বিদ্যা নিৱাস মিশ্রই সম্পাদনা কৰা 'Creativity and Environment', আৰু জয় গোস্বামীৰ 'কবিতা সংগ্রহ'। ইয়াৰে প্রথম দুখন আগতে পঢ়িছোঁ। তৃতীয়খন একেবাৰে পঢ়া নাই, চতুৰ্থখনৰ পাতনি আৰু ব্লাৰ্বৰ

Sunday, March 13, 2011

শাৰীৰিক

উটি যাব খুজিছোঁ
আজি ৰক্তস্রোতত উটি যাব খুজিছোঁ
আজি ভাগি-ছিগি ভাঁহি যাব খুজিছোঁ

উইচিৰিঙাৰ মাতৰ নির্মম অন্ধকাৰত
তোৰ শৰীৰ চাব বিচাৰিছোঁ
চাব খুজিছোঁ
কিমান অশ্লীল ৰক্ত-প্ৰবাহত
ধুৱাব পাৰ মোৰ শৰীৰ
কিমান অশ্লীল

চাকি চা চাকি চা মোৰ জিহ্বা
এতিয়াও অজন্মা
উদ্দাম এক ৰাগৰ বিৰতিত
তই থুৱাই দে
তোৰ ঘাম আৰু অন্ধকূপৰ নির্যাসেৰে
মচি পেলা মোৰ চকু
আৰু তোৰ বুকুৰ আক্ৰোশী
স্তন

আহ, থুৱাই দিওঁ আজি
তোৰ পিতা-মাতা
মোৰ ভৱিষ্যৎ

আহ, খুলি পেলা তোৰ শৰীৰ
ভাঙি পেলা তোৰ জানু জংঘা
চিকমিক কৰক তোৰ লেতেৰা গোন্ধ
আৰু তেজৰ উদ্দাম সুৰ।

Saturday, March 05, 2011

কোনো এক নিৰ্বিকাৰ ল'ৰাৰ প্রতি

(মূল বাংলাঃ পাপড়ি গুহ, 'কোনও নির্বিকাৰ ছেলেকে')

এতিয়া ৰাতিৰ বাৰ। ৰাতিৰ খোৱাৰ পিছত হয়তো তুমি
গৰম কৰি লৈছা তিনি কাপ কাঢ়া চাহ। অথবা তুমুল আড্ডা দিছা
সাতজনী যুৱতীৰ সৈতে। দুজনী কুমাৰী, পাঁচজনী বিবাহিতা আৰু
তোমাৰ ক্ষীণকায় শৰীৰৰ পৌৰষ যেন এমুঠি ধূলি, উৰি যায়
সিহঁতৰ ওৰণাৰ পৰা ওৰণালৈ।
তুমি যেতিয়া অৰণ্যত আছিলা, আন্ধাৰত জোনাকী পৰুৱাৰ দৰে
তোমাৰ শৰীৰৰ পৰা পোহৰ ওলাইছিল। এতিয়া নদীৰ পাৰত
বাস কৰিছা, মাছৰ দৰে ফান গজিছে তোমাৰ দুপাশে,
হাঁহৰ দৰে জোৰা লাগিছে তোমাৰ আঙুলি।
এই পৃথিৱী সম্পর্কে ঈশ্বৰৰো কিছু অভিযোগ আছে, তোমাৰ নাই।
বেশ্যাৰ জীৱনতো এক বিশেষ প্রেম আছে, তোমাৰ নাই। অথবা
ক'ব পাৰি, এই গ্রহত তোমাৰ এশ কোটি ভাল বান্ধৱী আছে,
সকলোকে তুমি সমানে ভাল পাই আহিছা ইমান দিনে।
আৰু মোলৈ চোৱা, ৰ'দে পোৰে, বৰষুণে তিয়ায়, তথাপি
শিপাৰ টানে মোক এৰি নিদিয়ে, তোমাৰ দৰে চৰাই হ'বৰ
কথা ভাবিবও পৰা নাই কেতিয়াও। শিপাত মোৰ যন্ত্রণা, আকাশলৈ
মোৰ ভয়, মই এজনী খুব সাধাৰণ বাঙালী ছোৱালী।
তুমি মোক বহুবাৰ সহায় কৰিব বিচাৰিছা। কৈছা, 'মন বেয়া
লাগিলেই ফোন কৰিবা। কথা পাতিবৰ মন গ'লেই মোক মাতিবা।
ক'বা, কেতিয়াবা যদি কিবা কামত লাগোঁ।' এশ কোটি
যুৱতীৰ বাবে তোমাৰ যি অফুৰন্ত কোমল সময় আছে, তাৰে এক
অংশ তুমি অনায়াসে মোক দিব বিচাৰিছা। এজনী বিষণ্ণ
ছোৱালীক।
মই দুঃখী হ'লেও সিমান নিৰীহ নহওঁ। মোৰ ভিতৰত যি হিংস্র
বাঘিনীৰ বাস, তাক তুমি চিনি নোপোৱা। মোৰ ইচ্ছা হয় তোমাৰ
সন্মুখত পট্‌কৈ মেলি ধৰোঁ ভেন গঘৰ গমখেতি আৰু ভয়ংকৰ
কাউৰীৰ ছবি। ইচ্ছা হয়, জীবনানন্দৰ মখা মখা তেজ
তোমাৰ শৰীৰত দুহাতেৰে সানি দিওঁ। জীৱনযে কিমান ভীষণ
জটিল হ'ব পাৰে, শান্তি কিদৰে মানুহৰ কাষৰ পৰা আঁতৰি
যাব পাৰে, সেই কথা শুনাই তোমাৰ টোপনি কাঢ়ি আনো।
তোমাৰ ৰেখাবিহীন কপালত মাৰোঁ বৰফৰ দৰে মোৰ দুখ,
তোমাৰ দুভৰিত পিন্ধাই দিওঁ গধুৰ শিকলিৰ দৰে পাকে পাকে
মোৰ ভয় আৰু উদ্বেগ, তোমাক ফালি-ছিড়ি, কামিহাড় ভাঙি
টানি বাহিৰ কৰি আনি হৃৎপিণ্ড, দুহাতত পিহি চাওঁ,
তোমাৰ ভিতৰৰ ক'ৰবাত অকণমানো ৰক্তক্ষৰণ সম্ভৱনে!

Monday, February 21, 2011

স্নেহে আমাৰ শত শ্রাৱণৰঃ এটি পুনর্নির্মাণ

ৰ’দ আৰু বৰষুণ। বৰষুণ আৰু ৰ’দ। আগ বসন্তৰ দুই-এজাক বৰষুণ পৰিবলৈ লোৱাৰে পৰা এই দুটা চৰিত্রই মনত খুন্দিয়াই থাকে। কলহৰ কাণে ঢলা বৰষুণৰ দৰে মনৰ ভিতৰত বর্ষণপাত হৈ থাকে। দুটা বিপৰীত প্রক্রিয়া— ৰ’দ থাকিলে বৰষুণ নাথাকে, বৰষুণ থাকিলে ৰ’দ নাথাকে। কিন্তু ৰ’দৰ পাছত বৰষুণ থাকিব পাৰে আৰু বৰষুণৰ পাছতো ৰ’দ থাকিব পাৰে। দুয়োটা একেলগে থকাটো ব্যতিক্রম। তেনেহ’লে দুয়োটা প্রক্রিয়াৰ কথা একে সময়তে মনলৈ কিয় আহে? ৰ’দ আৰু বৰষুণ? আৰু মনলৈ বাৰে বাৰে উভতি আহে এই দুটা শাৰী—

অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে


‘বাৰিষাৰ তৰংগৰাশি’ কি? কল্পনা কৰক— আহাৰ মাহৰ এটা ন বজাৰ পুৱা। দহ বজাত কর্মস্থলী অথবা শিক্ষানুষ্ঠান পাবগৈ লাগিব। তাৰ আগতে শেষ কৰিব লাগিব গা ধোৱা, আহাৰ খোৱা আদি যাৱতীয় কামবোৰ। দুডৰা মাটিত আলি বান্ধি কিম্বা পাঁচ আষি কঠীয়া তুলি খৰধৰকৈ ঘৰলৈ উভতি আহিছে। আকাশৰ কোনখিনিত জানো গোট খাই আছিল ইমানবোৰ মেঘ, ৰ’দখিনি শুহি খাই উত্তাল হৈ নামি আহিল এজাক বৰষুণ। যোৱা দুদিন একেৰাহে বৰষুণত তিতিছে, আজি আৰু তিতাৰ ইচ্ছা একেবাৰেই নাই। ক’ত সোমাব, ক’ত আশ্রয় ল’ব? এই দিগন্ত বিয়পা মুকলি পথাৰৰ মাজত? কথাষাৰ ভাবি এবাৰ চৌফালে চকু ফুৰাই ক্ষণিকতে সিদ্ধান্ত এটা লৈ দৌৰ মাৰিলে বঁকিয়াটোৰ কাষৰ প্রকাণ্ড আঁহতজোপাৰ তললৈ।

কেই মিনিটলৈ নিতিতাকৈ থাকিব? গছৰ পাতৰ পৰা বৰ বৰ টোপাল খহি পৰিবলৈ ধৰিলে দুহাতত, মূৰত, মুখত। ঢৌ তুলি তুলি উফৰি পৰিব ধৰিছে পথাৰৰ পানীত, বঁকিয়াটোৰ মাটিত আৰু বননিত। ঢৌ, ঢৌ আৰু ঢৌ। কেউফালে। বাৰিষাৰ তৰংগৰাশি— দিগন্ত বিয়পা।

এটা সময়ত এই গোটেই প্রক্রিয়াটোৱেই ভাল লাগি যায়। শৰীৰৰ আধাতকৈ বেছি তিতি যোৱাৰ পাছত গছৰ তলত থকাটো অসাৰ-সাৰ হৈ যায়। এটা মুহূর্তত গোটেই ঘটনাটোৱেই এক বিৰাট আনন্দৰ উৎস বুলি উপলব্ধি হ’ব আৰু সেই মুহূর্তত খুব নিশ্চিন্ত মনেৰে আপুনি মুকলিলৈ ওলাই আহিব। এটা নির্ভাৰ মন লৈ নিজৰ

Monday, February 14, 2011

অভিশাপ


মূল (বাংলা): তচলিমা নাচৰিন

প্ৰেমে মোক একেবাৰে ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছে
মই আৰু মই হৈ থকা নাই, মোক আৰু মই চিনি নাপাওঁ
শৰীৰটোক নাপাওঁ, মনটোক নাপাওঁ।
চলা-ফিৰাবোৰক নাপাওঁ
দৃষ্টিবোৰক নাপাওঁ
কেনেকুৱা যেন অদ্ভুত হৈ গৈছোঁ, বন্ধুৰ আড্ডাত যেতিয়া 
                                হঁহা উচিত
মই হঁহা নাই, যেতিয়া দুখ কৰা উচিত, কৰা নাই।
মনটোক কোনো প্ৰকাৰেই প্ৰেমৰ পৰা তুলি আনি
অন্য ক’ৰবাত এক মুহূৰ্তৰ বাবেও
স্থিৰ কৰিব নোৱাৰোঁ।
গোটেই পৃথিৱীতে এতিয়া আন্ধাৰ নামি আহিছে,
চন্দ্ৰ-সূৰ্যৰ ঠিক নাই, ৰাতি-দিনৰ ঠিক নাই,
মোৰ জীৱন গৈছে, জীৱন-যাপন গৈছে
নাশ হৈ গৈছে।

এতিয়া শত্ৰুৰ বাবে যদি অভিশাপ দিবলগা হয়, মই আৰু
নকওঁ যে তোৰ কুষ্ঠ হওক, তই মৰি যা, তই মৰ।
এতিয়া অতিশয় স্বচ্ছন্দে এই বুলি অভিশাপ দি দিওঁ-
                     তই প্ৰেমত পৰ।

Saturday, February 12, 2011

ভাওনা

(সাহিত্যাচার্য যজ্ঞেশ্বৰ শর্মাদেৱক সশ্রদ্ধ সোঁৱৰণেৰে)
দালানৰ সন্মুখতে তিনিফালে মানুহ বহাৰ ঠাই
মাজতে চাচি-চিকুণাই ৰভাখন দিছে
তাতে ল’ৰাহ’তে বিজুলী-চাকি জ্বলাইছে
পোহৰকৈ

ডিঙিত চেলেং লোৱা থগিত ডেকাটিয়ে
মাইকত কিবা এটা কৈ শেষ কৰাৰ লগে লগে
হৰিধ্বনিৰ লগে লগে কলিয়াবৰীয়া শিল্পীসকলে
ডবা-কাঁহত কোব দিছে

দল বান্ধি মানুহ আহিছে
মানুহে ডিঙি মেলি মেলি চাইছে
আজি ৰাইজে প্ৰহ্লাদৰ ভক্তি
আৰু নৰসিংহৰ অতিমানৱিক ৰূপ চাব

আজি বৰপেটা সত্রত ভাওনা।

Tuesday, February 01, 2011

এটি আবেদন

ইত্যাদি.অর্গ
এটি আবেদন
সাম্প্রতিক সময়ত তথ্য আৰু জ্ঞান আহৰণ তথা বিনিময়ৰ এক শক্তিশালী মাধ্যম হ'ল ইণ্টাৰনেট। জ্ঞান-সাগৰৰ লক্ষ-কোটি উপকৰণেৰে ইণ্টাৰনেটৰ ভঁৰাল থাহ খাই আছে। কিন্তু দুখৰ বিষয়, ইণ্টাৰনেটত অসমীয়া সমলৰ বাৰুকৈয়ে অভাৱ। অসমৰ বিষয়ে বা অসমীয়া সম্পদৰ বিষয়ে কিছু পৰিমাণে পোৱা যায় যদিও অসমীয়া সাহিত্য কিম্বা সাংস্কৃতিক উপাদান আঙুলিৰ মূৰত লেখিব পৰা!
ব্যক্তিগতভাৱে তৈয়াৰ কৰা ব্লগ আৰু অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ ৱেবচাইটসমূহত অসমীয়া আখৰেৰে লিখা লেখাবোৰ 'সন্ধানী যন্ত্র' (Search Engine, যেনে- Google)ই পঢ়িব নোৱৰা ৰূপ (format)ত (যেনে pdf, jpeg)ত দিয়াৰ বাবে প্রায়েই সন্ধান কৰোঁতাসকলৰ দৃষ্টিলৈ অহাৰ পৰা দূৰত থাকি যায়। ইউনিক'ড আখৰ (unicode fonts)ৰ বিকাশে এই ক্ষেত্রত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। Windows XP-ৰ পৰা পৰৱর্তী সংস্কৰণসমূহত এটা অসমীয়া (তথা বাংলা) ফণ্ট ('vrinda') দিয়া হৈছে। ইয়াৰ ফলত ইণ্টাৰনেট ব্রাউজাৰৰ সামান্য সাল-সলনিৰে অসমীয়া আখৰ সহজেই পঢ়িব পাৰি। ঠিক সেইদৰে Windows Vista আৰু Windows 7-অৰ ক্ষেত্রত সামান্য সাল-সলনি আৰু Windows XP-ৰ ক্ষেত্রত এটি সৰু আহিলা (যেনে 'অভ্র কিব'র্ড') ব্যৱহাৰ কৰি অতি সহজে অসমীয়া লিখিবও পাৰি।
১৯৯২ চনৰ পৰা কিছু ব্যতিক্রমী আৰু উদ্ভাৱনমূলক কাম-কাজেৰে কলিয়াবৰৰ বৌদ্ধিক সমাজখনৰ মনোযোগ আকর্ষণ কৰা সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান 'ইত্যাদি'য়ে ওপৰত উল্লেখ কৰা কথাখিনিৰ প্রতি লক্ষ্য ৰাখি 'ইত্যাদি.অর্গ' নামেৰে এটি প্রকল্প পৰিকল্পনা কৰিছে। এই প্রকল্পৰ অধীনত অসমীয়া সাহিত্যৰ সর্বপ্রথম চানেকিৰ পৰা আৰম্ভ কৰি গুৰু দুজনা তথা বৈষ্ণৱ লেখকসকলৰ সৃষ্টিৰাজি, পৰৱর্তী সময়ৰ সত্রাধিকাৰসকলে ৰচনা কৰা সাঁচিপাতত আৱদ্ধ নাটসমূহ, আধুনিক কালৰ সাহিত্য-সম্ভাৰলৈকে (ব্যক্তিগত আৰু পৰিয়ালৰ Copyright আঁতৰি যোৱা আৰু অনুমতিক্রমে Copyright বাহাল থকা) ইউনিক'ড আখৰত বিন্যাস কৰি ইণ্টাৰনেটত তুলি দিয়া হ'ব। ইউনিক'ড ব্যতিৰেকে আন ফণ্ট ব্যৱহাৰ কৰি লিখা লেখা এই প্রকল্পৰ বাবে উপযোগী নহ'ব।
প্রস্তাৱিত প্রকল্পটিৰ সকলো সম্পদ বিনামূলীয়াকৈ সকলোৰে বাবে উপলব্ধ হ'ব। Open source ধাৰণাৰে সকলোবোৰ সম্পদ সকলোৰে বাবে সহজে ডাউনলোড-যোগ্য হ'ব।
অলাভজনক (non profit) এই বিশাল কর্মযজ্ঞৰ বাবে বিপুল পৰিমাণৰ শ্রম, সময় আৰু অর্থৰ প্রয়োজন হ'ব। ইতিমধ্যে প্রকল্পটিৰ বাবে এটা ডমেইন নেম ('etyadi.org') পঞ্জীয়ন কৰি ইয়াৰ ৱেবচাইট ডিজাইনৰ কাম কৰি থকা হৈছে।
আপুনি এই প্রকল্পৰ এজন সক্রিয় অংশগ্রহণকাৰী হ'ব পাৰে। প্রাৰম্ভিক অৱস্থাত অপুনি তিনি ধৰণে এই প্রকল্পৰ অংশগ্রহণকাৰী হ'ব পাৰে
১।প্রকল্পটিত অন্তর্ভুক্ত কৰিব পৰা সাহিত্য-সম্ভাৰৰ তথ্য/ উৎস আমাক জনাব পাৰে।
অথবা/ আৰু ২। প্রকল্পত অন্তর্ভুক্ত গ্রন্থ/ গ্রন্থৰ অধ্যায় ইউনিক'ড আখৰত বিন্যাস (compose) কৰি আমাক জমা দিব পাৰে।
অথবা/ আৰু ৩। প্রকল্পটিত পেছাদাৰী ব্যক্তি নিয়োগৰ ক্ষেত্রত (আখৰ বিন্যাসৰ বাবে) সহায়ক হোৱাকৈ অর্থ-সাহায্য আগবঢ়াব পাৰে।

আপুনি যি ধৰণেই এই প্রকল্পত অংশগ্রহণকাৰী হ'ব বিচাৰে, সেই সম্পর্কে আমাক জনালে পৰৱর্তী নির্দেশনা আৰু কাৰিকৰী পথ-নির্দেশনা আপোনালৈ প্রেৰণ কৰা হ'ব।
এই যৌথ প্রকল্পৰ সকলো অংশগ্রহণকাৰীৰে নাম যথাস্থানত দিয়া হ'ব আৰু সকলোলৈকে ইত্যাদি.অর্গৰ তৰফৰ পৰা প্রমাণ পত্র আগবঢ়োৱা হ'ব।
আহক, এক সুদূৰপ্রসাৰী প্রকল্পৰ অংশীদাৰ হৈ অসম আৰু অসমীয়াৰ বাবে যোগাত্মক কিছু অৰিহণা আগবঢ়াওঁ!
শ্রদ্ধাসহকাৰে
পল্লৱপ্রাণ গোস্বামী
প্রকল্প সঞ্চালক,
ইতাদি.অর্গ


http://www.etyadi.org (under const.)
etyadi.org@gmail.com, etyadi.org@rediffmail.com, Ph. +91 94353 67802
etyadi.org, Barnamala, Hatbor Kendriya Natya Samaj Bhawan, Hatbor, Kaliabor, Nagaon 782 136, Assam, India