![]() |
জয় গোস্বামী |
কথাখিনি পঢ়ি থৈ দিছিলো।
এইবাৰ কিতাপ চাৰিওখনেই অলপ অলপ পঢ়ি গৈ আছোঁ। হঠাৎ এখন কিতাপৰ এটা পৃষ্ঠাত ৰৈ যাবলৈ বাধ্য হ'লো— হাৰে এইটোচোন মই ক'ব খোজা কবিতাটো ! ঠিক মোৰ ভাবৰ হুবহু প্রতিফলন নহয়, কিন্তু এইটো কবিতা এবাৰ লিখিত হৈ যোৱাৰ পাছত আকৌ লিখাৰ কি দৰকাৰ? হ'ব পাৰে কবিতা বা সাহিত্য নীচক পাৰ্মুটেচন-কম্বিনেচন, কিন্তু আজি এইটো কবিতা দেখাৰ পিছত মোৰ কি গৰজ পৰিছে, চিন্তা কৰি চুলি পকাবলৈ?
হয়, ক'ব খুজিছোঁ জয় গোস্বামীৰ 'স্পৰ্শ' নামৰ কবিতাটোৰ কথা। সিদ্ধান্ত কৰিলো, অক্ষমেই হওক বা সক্ষমেই হওক, কবিতাটো অনুবাদ কৰোঁ। কৰিলো, কৰি উঠি মোৰ এটা মৌলিক কবিতা লিখাৰ দৰেই অনুভৱ আৰু সুখ হ'ল। মন গ'ল আপোনালোকক ভাগ দিবলৈ। এতিয়া কবিতাটো—
স্পৰ্শ
(মূলঃ বাংলা, 'স্পৰ্শ', জয় গোস্বামী)
ইমানেই অসাৰ মই, চুম্বনো নুবুজিছিলো
মনে মনে দিছিলা, তথাপিওতো নুবুজাৰ কথা নহয়—
কোঠাত কিমান মানুহ আছিল, সেইবাবে ঋণ স্বীকাৰ নকৰিলো।
ভয়, যদি কিবা ক্ষতি হয়।
কি হয়? কি হ'ব পাৰিলেহেঁতেন? এইবিলাকত কিবা আহে যায়?
চকুত চকু পৰা মাত্রেই আৱেশ লাগিল চকুৰ পতাত—
সেয়াইতো যথেষ্ট স্বৰ্গ— আজি ভাবোঁ সেই স্পৰ্শ। সেই যে অবাক কৰা কণ্ঠ
অন্ধকাৰত সেয়াও উভতি আহে...
স্বৰ্গৰ পৰা অধিক স্বৰ্গলৈ উৰি যোৱা আৰ্ত ৰিণিৰিণি
প্রথমতে বুজা নাছিলো, কিন্তু আজি কোৱা, দশক শতক ধৰি ধৰি
ঘৰত পথত লোকালয়ত স্রোতত জলস্রোতত মোক কি
অকলেই বিচাৰিছা তুমি? মই কি তোমাক বিচৰা নাই?
No comments:
Post a Comment