Tuesday, June 07, 2011

শিল্পপ্রাণ চন্দ্র ফুকনৰ প্রেমৰ কবিতা

শিল্পপ্ৰাণ চন্দ্ৰ ফুকন
জন্মঃ ২৭ আগষ্ট, ১৯0৯ . মৃত্যুঃ ২৭ আগষ্ট, ১৯৭১
অসমৰ মঞ্চজগতৰ উজ্জ্বল জ্যোতিষ্ক শিল্পপ্রাণ চন্দ্র ফুকনৰ প্রতিভা অকল নাটক কিম্বা মঞ্চতে আৱদ্ধ নাছিল। তেওঁৰ ভিতৰত এজন অভিনেতাৰ উপৰি এজন কবিও জাগৰুক হৈ আছিল। কবি হিচাপে আত্মপ্রকাশৰ অন্তৰালত লুকাই থকা কথাবোৰ চন্দ্র ফুকনে প্রকাশ কৰিছে এনেদৰে—
“দেৱকান্ত ক্লান্ত আজি
ছন্দহীন কবিতা এৰিলে
এৰিলে কবিতা—
ৰত্নকান্ত শেৱালি কবিয়ে
গুচি গ’ল কবিতা নেলেখে
এৰি গ’ল নুমাল শলিতা।
সেই দেখি মই আজি
চন্দ্রকান্ত আহিছোঁ ওলাই...।”
          (মঞ্চ এৰি আহিছোঁ ওলাই)

জীৱিত কালত বিভিন্ন কাকত-আলোচনীত তেওঁৰ কবিতা প্রকাশ হৈছিল যদিও কোনো সংকলন প্ৰকাশ পোৱা নাছিল। মৃত্যুৰ পিছতহে চন্দ্র ফুকনৰ কবিতাৰ এটা