![]() |
| জয় গোস্বামী |
Wednesday, April 20, 2011
এটা কবিতা অনুবাদৰ আঁৰৰখিনি
Saturday, March 05, 2011
কোনো এক নিৰ্বিকাৰ ল'ৰাৰ প্রতি
(মূল বাংলাঃ পাপড়ি গুহ, 'কোনও নির্বিকাৰ ছেলেকে')
এতিয়া ৰাতিৰ বাৰ। ৰাতিৰ খোৱাৰ পিছত হয়তো তুমি
গৰম কৰি লৈছা তিনি কাপ কাঢ়া চাহ। অথবা তুমুল আড্ডা দিছা
সাতজনী যুৱতীৰ সৈতে। দুজনী কুমাৰী, পাঁচজনী বিবাহিতা আৰু
তোমাৰ ক্ষীণকায় শৰীৰৰ পৌৰষ যেন এমুঠি ধূলি, উৰি যায়
সিহঁতৰ ওৰণাৰ পৰা ওৰণালৈ।
তুমি যেতিয়া অৰণ্যত আছিলা, আন্ধাৰত জোনাকী পৰুৱাৰ দৰে
তোমাৰ শৰীৰৰ পৰা পোহৰ ওলাইছিল। এতিয়া নদীৰ পাৰত
বাস কৰিছা, মাছৰ দৰে ফান গজিছে তোমাৰ দুপাশে,
হাঁহৰ দৰে জোৰা লাগিছে তোমাৰ আঙুলি।
এই পৃথিৱী সম্পর্কে ঈশ্বৰৰো কিছু অভিযোগ আছে, তোমাৰ নাই।
বেশ্যাৰ জীৱনতো এক বিশেষ প্রেম আছে, তোমাৰ নাই। অথবা
ক'ব পাৰি, এই গ্রহত তোমাৰ এশ কোটি ভাল বান্ধৱী আছে,
সকলোকে তুমি সমানে ভাল পাই আহিছা ইমান দিনে।
আৰু মোলৈ চোৱা, ৰ'দে পোৰে, বৰষুণে তিয়ায়, তথাপি
শিপাৰ টানে মোক এৰি নিদিয়ে, তোমাৰ দৰে চৰাই হ'বৰ
কথা ভাবিবও পৰা নাই কেতিয়াও। শিপাত মোৰ যন্ত্রণা, আকাশলৈ
মোৰ ভয়, মই এজনী খুব সাধাৰণ বাঙালী ছোৱালী।
তুমি মোক বহুবাৰ সহায় কৰিব বিচাৰিছা। কৈছা, 'মন বেয়া
লাগিলেই ফোন কৰিবা। কথা পাতিবৰ মন গ'লেই মোক মাতিবা।
ক'বা, কেতিয়াবা যদি কিবা কামত লাগোঁ।' এশ কোটি
যুৱতীৰ বাবে তোমাৰ যি অফুৰন্ত কোমল সময় আছে, তাৰে এক
অংশ তুমি অনায়াসে মোক দিব বিচাৰিছা। এজনী বিষণ্ণ
ছোৱালীক।
মই দুঃখী হ'লেও সিমান নিৰীহ নহওঁ। মোৰ ভিতৰত যি হিংস্র
বাঘিনীৰ বাস, তাক তুমি চিনি নোপোৱা। মোৰ ইচ্ছা হয় তোমাৰ
সন্মুখত পট্কৈ মেলি ধৰোঁ ভেন গঘৰ গমখেতি আৰু ভয়ংকৰ
কাউৰীৰ ছবি। ইচ্ছা হয়, জীবনানন্দৰ মখা মখা তেজ
তোমাৰ শৰীৰত দুহাতেৰে সানি দিওঁ। জীৱনযে কিমান ভীষণ
জটিল হ'ব পাৰে, শান্তি কিদৰে মানুহৰ কাষৰ পৰা আঁতৰি
যাব পাৰে, সেই কথা শুনাই তোমাৰ টোপনি কাঢ়ি আনো।
তোমাৰ ৰেখাবিহীন কপালত মাৰোঁ বৰফৰ দৰে মোৰ দুখ,
তোমাৰ দুভৰিত পিন্ধাই দিওঁ গধুৰ শিকলিৰ দৰে পাকে পাকে
মোৰ ভয় আৰু উদ্বেগ, তোমাক ফালি-ছিড়ি, কামিহাড় ভাঙি
টানি বাহিৰ কৰি আনি হৃৎপিণ্ড, দুহাতত পিহি চাওঁ,
তোমাৰ ভিতৰৰ ক'ৰবাত অকণমানো ৰক্তক্ষৰণ সম্ভৱনে!

Monday, February 14, 2011
অভিশাপ
মূল (বাংলা): তচলিমা নাচৰিন
প্ৰেমে মোক একেবাৰে ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছে
মই আৰু মই হৈ থকা নাই, মোক আৰু মই চিনি নাপাওঁ
শৰীৰটোক নাপাওঁ, মনটোক নাপাওঁ।
চলা-ফিৰাবোৰক নাপাওঁ
দৃষ্টিবোৰক নাপাওঁ
কেনেকুৱা যেন অদ্ভুত হৈ গৈছোঁ, বন্ধুৰ আড্ডাত যেতিয়া
হঁহা উচিত
মই হঁহা নাই, যেতিয়া দুখ কৰা উচিত, কৰা নাই।
মনটোক কোনো প্ৰকাৰেই প্ৰেমৰ পৰা তুলি আনি
অন্য ক’ৰবাত এক মুহূৰ্তৰ বাবেও
স্থিৰ কৰিব নোৱাৰোঁ।
গোটেই পৃথিৱীতে এতিয়া আন্ধাৰ নামি আহিছে,
চন্দ্ৰ-সূৰ্যৰ ঠিক নাই, ৰাতি-দিনৰ ঠিক নাই,
মোৰ জীৱন গৈছে, জীৱন-যাপন গৈছে
নাশ হৈ গৈছে।
এতিয়া শত্ৰুৰ বাবে যদি অভিশাপ দিবলগা হয়, মই আৰু
নকওঁ যে তোৰ কুষ্ঠ হওক, তই মৰি যা, তই মৰ।
এতিয়া অতিশয় স্বচ্ছন্দে এই বুলি অভিশাপ দি দিওঁ-
তই প্ৰেমত পৰ।
Subscribe to:
Posts (Atom)