Wednesday, November 07, 2012

বৈজয়ন্তীৰ পাঁচ ৰং

দৰঙীয়া 'কালিয়া' বাদন
এক.
সুৰীয়া গীত-মাত আৰু পৰিৱেশ্য কলাৰ সাতোৰঙী ৰূপ আৰু ৰহস্যৰ মাজেৰেই আমি জন্মাৱধি লালিত হৈছোঁ। অসমৰ বিশিষ্ট সাংস্কৃতিক অঞ্চল কলিয়াবৰৰ গীত-মাত-ভাওনাৰে সমৃদ্ধ এখন সত্ৰৰ সাংস্কৃতিক সম্পদৰ সৈতে আমাৰ চিনাকি জ্ঞান হ'বৰ দিন ধৰি আজিকোপতি নিৰিৱচ্ছিন্ন। সময়ৰ লগে লগে বহুখিনি সম্পদৰ চৰ্চা খীণ হ'লেও বিলাপ-পয়াৰ-মুক্তাৱলী-মধ্যাৱলীৰ সুৰ আৰু ব্যঞ্জনা হৃয়ত অনুৰণিত হয় আজিও।


সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে।

পৰৱৰ্তী কালত আমি নিজে মঞ্চ আৰু অভিনয় জগতৰ লগত কম-বেছি পৰিমাণে জড়িত হোৱাৰ বাবেই হয়তো শৈশৱৰে পৰা চিনাকি হেঁচানাম, ব'ৰাগী নাম, হুঁচৰি, কলীবুঢ়ীৰ নৃত্য আদিয়ে আজিও আমাৰ মনত একেই কৌতুহল আৰু উল্লাসৰ সৃষ্টি কৰে;— 'মাধৈমালতী ফুল চালত শুকাল/ হৰিনাম লওঁতেই ৰাতি পুৱাল' বুলি মাঘৰ বিহুৰ হাৰলিঘৰৰ জুইৰ কাষতে ৰাতি পুৱাই দিয়াৰ ইচ্ছা জাগে।

দুই.
টেলিভিচনৰ পৰ্দা আৰু দুই-এটা আমন্ত্ৰিত দলৰ পৰিৱেশনা কৃত্ৰিম পৰিৱেশত চোৱাৰ বাহিৰে নামনি অসমৰ পৰিৱেশ্য কলাৰ লগত আমাৰ চিনাকি প্ৰায় নাছিল বুলিলেই হয়। অৰ্থাৎ এই সমূহৰ নিজস্ব ৰূপ-ৰস-গন্ধৰে পৰিৱেশিত অনুষ্ঠান আমাৰ ইন্দ্ৰিয়-চেতনাৰ বাহিৰতে ৰৈ আছিল। নামনি অসমৰ