Wednesday, November 07, 2012

বৈজয়ন্তীৰ পাঁচ ৰং

দৰঙীয়া 'কালিয়া' বাদন
এক.
সুৰীয়া গীত-মাত আৰু পৰিৱেশ্য কলাৰ সাতোৰঙী ৰূপ আৰু ৰহস্যৰ মাজেৰেই আমি জন্মাৱধি লালিত হৈছোঁ। অসমৰ বিশিষ্ট সাংস্কৃতিক অঞ্চল কলিয়াবৰৰ গীত-মাত-ভাওনাৰে সমৃদ্ধ এখন সত্ৰৰ সাংস্কৃতিক সম্পদৰ সৈতে আমাৰ চিনাকি জ্ঞান হ'বৰ দিন ধৰি আজিকোপতি নিৰিৱচ্ছিন্ন। সময়ৰ লগে লগে বহুখিনি সম্পদৰ চৰ্চা খীণ হ'লেও বিলাপ-পয়াৰ-মুক্তাৱলী-মধ্যাৱলীৰ সুৰ আৰু ব্যঞ্জনা হৃয়ত অনুৰণিত হয় আজিও।


সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে।

পৰৱৰ্তী কালত আমি নিজে মঞ্চ আৰু অভিনয় জগতৰ লগত কম-বেছি পৰিমাণে জড়িত হোৱাৰ বাবেই হয়তো শৈশৱৰে পৰা চিনাকি হেঁচানাম, ব'ৰাগী নাম, হুঁচৰি, কলীবুঢ়ীৰ নৃত্য আদিয়ে আজিও আমাৰ মনত একেই কৌতুহল আৰু উল্লাসৰ সৃষ্টি কৰে;— 'মাধৈমালতী ফুল চালত শুকাল/ হৰিনাম লওঁতেই ৰাতি পুৱাল' বুলি মাঘৰ বিহুৰ হাৰলিঘৰৰ জুইৰ কাষতে ৰাতি পুৱাই দিয়াৰ ইচ্ছা জাগে।

দুই.
টেলিভিচনৰ পৰ্দা আৰু দুই-এটা আমন্ত্ৰিত দলৰ পৰিৱেশনা কৃত্ৰিম পৰিৱেশত চোৱাৰ বাহিৰে নামনি অসমৰ পৰিৱেশ্য কলাৰ লগত আমাৰ চিনাকি প্ৰায় নাছিল বুলিলেই হয়। অৰ্থাৎ এই সমূহৰ নিজস্ব ৰূপ-ৰস-গন্ধৰে পৰিৱেশিত অনুষ্ঠান আমাৰ ইন্দ্ৰিয়-চেতনাৰ বাহিৰতে ৰৈ আছিল। নামনি অসমৰ

লোকশিল্পৰ অন্যতম সোণৰ খনি স্বৰূপ দৰঙৰ সৈতে বিবাহসূত্ৰে আমাৰ সম্পৰ্ক স্থাপিত হোৱাত সেই এটা বাট যেন মুকলি হ'ল! বিয়াৰ দিনা কইনাঘৰৰ পদূলিত দৰঙীয়া বৰঢুলীয়াই আদৰণি জনাওঁতে দৰা হৈ থকাৰ টেনশ্যন আৰু নাৰ্ভাচনেচৰ মাজতো আমাৰ এই কথাই মনলৈ আহিছিল। 

বৈজয়ন্তী তালুকদাৰৰ নাগাৰা নাম পৰিৱেশন
আমাৰ শহুৰ পৰিয়ালৰ কেইবাজনো গুণী ব্যক্তিৰ সান্নিধ্যৰ উপৰিও আমাৰ সন্মুখত ভূৰি-ভোজনৰ সুযোগ আনি উপস্থিত হ'ল শাৰদীয় দুৰ্গা পূজা উৎসৱ। এইবাৰৰ দুৰ্গা পূজাত মঙলদৈ নগৰৰ
কেইবাখনো দুৰ্গা পূজাৰ থলীত আমি মূলতঃ ওজাপালি আৰু নাগাৰা নাম উপভোগ কৰাৰ সুযোগ পালো। আৰু কিঞ্চিৎ আভাস দি হেঁপাহ বঢ়ালে খুলীয়া ভাউৰীয়া আৰু 'কালিয়া' বাদনে।

তিনি.
মঙলদৈ নগৰৰ মাজ-মজিয়াৰ নাট্য মন্দিৰ পথৰ বাৰোৱাৰী দুৰ্গা পূজা উৎসৱৰ এইবেলি শতবৰ্ষ পূৰ্ণ হ'ল। এই উপলক্ষত উদ্যোক্তা আৰু স্থানীয় লোকসকলৰ বিশেষ আয়োজন। এই আয়োজনৰ অংশ

স্বৰূপে দশমীৰ দিনা নিশালৈ অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছিল নলবাৰীৰ ঘগ্ৰাপাৰাৰ বৈজয়ন্তী তালুকদাৰ। ইতিমধ্যে আগৰ দুদিনত নাগাৰা নামৰ দুই-এটা পৰিৱেশনা চাই,— এই পৰিৱেশনাৰ বাবে প্ৰয়োজনীয় শক্তি আৰু সামৰ্থ্যৰ উমান পাই বৈজয়ন্তী তালুকদাৰ আৰু তেখেতৰ মহিলা দলটিয়ে পৰিৱেশন কৰিব লগা নাগাৰা নাম চাবলৈ উৎসুকতাৰে ৰৈ আছিলো।
বৈজয়ন্তী তালুকদাৰৰ নাগাৰা নাম পৰিৱেশন
আমাৰ কৌতুহলী চকুক সন্মোহিত কৰি শ্ৰীযুতা তালুকদাৰ আৰু তেখেতৰ কম বয়সীয়া ছোৱালী (মহিলা?)ৰে গঠিত দলটিয়ে নিৰৱচ্ছিন্নভাৱে ডেৰ ঘণ্টীয়া দুটা অনুষ্ঠান (আখ্যান?) পৰিৱেশন কৰিলে। আৰু আমাক স্তম্ভিত, আপ্লুত কৰিলে। কণ্ঠ আৰু শৰীৰৰ তেজ, সমধুৰ গায়কী আৰু প্ৰাণৱন্ত অভিনয়েৰে ৰভাতলখন নিস্তব্ধ কৰি ৰাখি নিজৰ পৰিৱেশনা আগুৱাই নিলে মসৃণভাৱে। কম বয়সীয়া ছোৱালীৰ দলটিয়েও সুন্দৰভাৱে সহযোগিতা আগবঢ়ালে। দলটিৰ বহাৰ ধৰণৰ ক্ষেত্ৰত আমাৰ মনত উদয় হোৱা এটা কথা হ'ল— মঞ্চ উপযোগী কৰাৰ বাবে দলটিৰ বহাৰ ধৰণ অন্য ধৰণে হোৱা উচিত আছিল। অৰ্থাৎ সেইদিনা সকলো গোলাকৃতি কৰি বহাৰ বাবে তেওঁলোকৰ মুখবিলাক আৰু অভিনয় দেখা পোৱা নগ'ল। প্ৰচেনিয়াম মঞ্চৰ নিয়ম মানি সদস্যসকল বহা হ'লে ইয়াৰ পৰা দৰ্শকসকল বঞ্চিত হ'ব লগা নহ'লহেঁতেন।

বৈজয়ন্তী তালুকদাৰৰ অধিক পৰিৱেশনা চোৱাৰ বাবে আমাৰ ইচ্ছা জাগৰুক হৈ থাকিল। সেই শিল্পৰে সমৃদ্ধ সন্ধ্যাটিৰ বাবে মঙলদৈ বাৰোৱাৰী দুৰ্গা পূজা সমিতিলৈও আমাৰ ধন্যবাদ।

........................
লেখাটিৰ নামকৰণ প্ৰসঙ্গত: 'বৈজয়ন্তী' হ'ল ভগৱান বিষ্ণুৱে পৰিধান কৰা পাঁচৰঙী মালা।

No comments:

Post a Comment