Thursday, June 05, 2014

এটা অতি ব্যক্তিগত টোকা: দোক্‌মোকালিৰ সংগীত


আঠ মাহৰ আগতে আমাৰ মাজলৈ এপাহ শেৱালি ফুল হৈ অহা আমাৰ ছোৱালীজনী একলা একলাকৈ ডাঙৰ হ'ব ধৰিছে। জন্মাৰ পাঁচ দিনৰ দিনা তেজ পৰীক্ষাত বিলিৰুবিনৰ পৰিমাণ বেছি থকা বুলি ওলোৱাত ফটো-থেৰাপিৰ বাবে একাষৰীয়া কোঠাটোত আন দহোটামান অনাত্মীয় কেঁচুৱাৰ লগতে তাইকো থোৱা হৈছিল— আঠচল্লিছ ঘণ্টাৰ বাবে। আৰু আত্মীয় সকলোৰে পৰা বিচ্ছিন্ন তাই দুঘণ্টা নহওঁতেই চেৰেউ-ফেৰেউকৈ হাত-ভৰি জোঁকাৰি কান্দিছিল; নাৰ্চ এগৰাকীয়ে যেতিয়া তাইক আনি মোৰ হাতত তুলি দিছিল, নিমিষতে এক অন্তৰ্ভেদি চাৱনিৰে মোৰ চকুত চকু থৈ তাই নিশ্চুপ হৈ গৈছিল, ভাবিছিল চাগে— আঃ কি প্ৰশান্তি!

তাইৰ জন্মৰ আগতেই, যদি আমাৰ মাজলৈ সঁচাকৈ ছোৱালী এজনী আহে, তেনেহ'লে তাইৰ নাম 'দোক্‌মোকালি' ৰাখিম বুলি ভাবিছিলো (ল'ৰা হ'লে কি নাম ৰাখিম, সেইটো অৱশ্যে ভবা নহ'ল, কিয় নাজানো, ভাব হৈছিল— ছোৱালী এজনীয়েই যেন আহিব!)। ৰাখিলো, কিন্তু যিদিনা তাইৰ মাকৰ ফালৰ আইতাকে জ্যোতিষী এজনক তাইৰ সোঁৱৰণি তৈয়াৰ কৰাৰ বাবে মাতি আনিলে, ৰাশি মতে
তাইৰ বাবে 'ম' আখৰৰ নাম এটাৰ দৰকাৰ হ'ল। বিশেষ নভবাকৈয়ে মুখলৈ আহিল, কৈ দিলো— 'মিচিকি'। মিচিকি এতিয়া তাইৰ ঘৰুৱা নামো। এতিয়া দেখিছোঁ, নামটো তাইৰ বাবেই যেন আছিল! কিবা এটা আচিলাতে তাইৰ মুখত মিচিকি হাঁহি এটা লাগি থাকে। আনটো নামৰ বাবেও অন্তঃকৰণেৰে আশা কৰিম, সেইটো নামো যেন তাইৰ ক্ষেত্ৰত সঠিক হয়। নিষ্কলুষ প্ৰতিশ্ৰুতিপূৰ্ণ এটা দোক্‌মোকালি যেন তাই হ'ব পাৰে।

অবুজ কল-কাকলিৰে এতিয়া তাই ঘৰখন ভৰাই ৰাখিছে। অদ্ভুত শব্দ আৰু শাৰীৰিক ভংগিমাৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ শিকিছে— গুৰুত্ব নিদিয়া যেন দেখিলে গোজৰণি মাৰিবলৈ শিকিছে (আৰু মাক নথকা সময়ত মোক জ্বলা-কলা খুৱাবলৈও শিকিছে। খুৱাই থাকোঁতে তাইৰ মুখ-মোৰ মুখত ফুল বাচি খাদ্যবস্তু ফুঃ কৰি মাৰি দিবলৈ শিকিছে। অফ দ্য ৰেকৰ্ড— দুদিনমান বাথৰুমৰ দুৱাৰ খুলি তাই দেখাকৈ 'থ্ৰি-ইডিয়টছ'ৰ আমিৰ খানহঁতৰ দৰে নাচি নাচি গা ধুব লগাও হৈছে। তথাপিও গৰ্বৰেই কওঁ— অল ইজ ৱেল...।) তাইক লৈ খুবেই উৎসাহী ককাকে তাইৰ কল-কাকলিৰ মাজতো অৰ্থ বিচাৰি পায়,— আজি তাই মা কৈছে, আজি তাই আইতা কৈছে, আজি তাই...।

মই ভাবিলো, এয়াতো সংগীতেই। শব্দ আছে, সুৰ আছে, তাল (rythm) আছে। কবীৰ সুমনে কৈছে— গান তুমি হও আমাৰ মেয়েৰ ঘুমিয়ে পৰা মুখ (গান তুমি হোৱা মোৰ ছোৱালীজনীৰ শুই থকা মুখ); ওলোটাকে এনেকৈ ব্যাখ্য দিব পাৰি— মোৰ ছোৱালীজনীৰ শুই থকা মুখত গান আছে। মই কওঁ, আমাৰ ছোৱালীজনীৰ (আচলতে সকলো শিশুৰে) কল-কাকলিত গান আছে, সংগীত আছে। তেনেহ'লে কিয়নো তাইৰ কল-কাকলিৰে পৰীক্ষা এটা নকৰোঁ? সমস্যা হ'ল, বুজ বা বোধ থাকিলেও (অৱশ্যেই সামান্য) মই হাতে-কামে গান-সংগীতৰ পৰা সাত ধাপৰ বাহিৰত। তেনেহ'লে? মোৰ সংগ্ৰহৰ যন্ত্ৰ-সংগীতৰ মাজৰ পৰা বিচাৰি বিচাৰি পণ্ডিত ৰনু মজুমদাৰৰ কম্পজিশ্যন এটা ল'লো (তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা), আৰু ৰেকৰ্ড কৰি থোৱা তাইৰ চল্লিছটামান অডিঅ' ক্লিপৰ পৰা চাৰিটামান বাছি উলিয়ালো। তাইৰ কল-কাকলিৰ এটা ক্লিপ ইতিমধ্যে মবাইল ৰিংটন হিচাপে ব্যৱহাৰ কৰি আছিলো; ভাবিলো বাছনি কৰা সমলখিনিৰে এটা ৰিংটন সজোৱা যাওক।

পিনাকল (Pinnacle) মোৰ পুৰণি বন্ধু, তাকে খুলি ল'লো। দুঘণ্টামান লাগি ৰিংটনৰ বেটা সংস্কৰণ এটা তৈয়াৰ কৰি উলিয়ালো। ভাল লাগি আছে, তাইতো হৃদয়ত সংগীত হৈয়েই পেখম জোৰে, এতিয়া মোৰ পকেটতো তাইয়েই বাজে, তাই— আহিনমহীয়া শেৱালি ফুল হৈ অহা আমাৰ ছোৱালীজনী!

এতিয়া মই সজোৱা ৰিংটনটো— 


2 comments: