Tuesday, June 07, 2011

শিল্পপ্রাণ চন্দ্র ফুকনৰ প্রেমৰ কবিতা

শিল্পপ্ৰাণ চন্দ্ৰ ফুকন
জন্মঃ ২৭ আগষ্ট, ১৯0৯ . মৃত্যুঃ ২৭ আগষ্ট, ১৯৭১
অসমৰ মঞ্চজগতৰ উজ্জ্বল জ্যোতিষ্ক শিল্পপ্রাণ চন্দ্র ফুকনৰ প্রতিভা অকল নাটক কিম্বা মঞ্চতে আৱদ্ধ নাছিল। তেওঁৰ ভিতৰত এজন অভিনেতাৰ উপৰি এজন কবিও জাগৰুক হৈ আছিল। কবি হিচাপে আত্মপ্রকাশৰ অন্তৰালত লুকাই থকা কথাবোৰ চন্দ্র ফুকনে প্রকাশ কৰিছে এনেদৰে—
“দেৱকান্ত ক্লান্ত আজি
ছন্দহীন কবিতা এৰিলে
এৰিলে কবিতা—
ৰত্নকান্ত শেৱালি কবিয়ে
গুচি গ’ল কবিতা নেলেখে
এৰি গ’ল নুমাল শলিতা।
সেই দেখি মই আজি
চন্দ্রকান্ত আহিছোঁ ওলাই...।”
          (মঞ্চ এৰি আহিছোঁ ওলাই)

জীৱিত কালত বিভিন্ন কাকত-আলোচনীত তেওঁৰ কবিতা প্রকাশ হৈছিল যদিও কোনো সংকলন প্ৰকাশ পোৱা নাছিল। মৃত্যুৰ পিছতহে চন্দ্র ফুকনৰ কবিতাৰ এটা

সংকলন আমি পাইছোঁ। ড. সৰ্বেশ্বৰ ৰাজগুৰুৱে সংকলন আৰু সস্পাদনা কৰা ‘চন্দ্ৰমল্লিকা’ নামৰ এতিয়া প্রায় দুষ্প্ৰাপ্য এই সংকলনটো ১৯৮০ চনত প্রথম আৰু শেষবাৰৰ বাবে প্রকাশ কৰিছিল অসম প্রকাশন পৰিষদে। উল্লিখিত সংকলনটিৰ আধাৰত শিল্পপ্রাণ চন্দ্ৰ ফুকনৰ প্ৰেমৰ কবিতাৰ বিষয়ে এটি চমু আলোচনা কৰিব বিচাবিছোঁ।

ফুকনৰ আটাইতকৈ উৎকৃষ্ট প্রেমৰ কবিতাটো বোধহয ‘আজি আহিনত পৰিছে মনত’। আমাৰ বিচাৰত গোটেই সংকলনটিৰে আটাইতকৈ উৎকৃষ্ট দুটা কবিতাৰ এটা হ’ল এইটো। আনটো কবিতা— ‘কুঠৰী ২’।‘আজি আহিনত পৰিছে মনত’ কবিতাটিৰ জম্ম সম্পর্কে আমোদজনক তথ্য আছে। সেই তথ্য ড. ৰাজগুৰুৱে কিতাপখনৰ পৰিশিষ্টত সংযোজন কৰিছে। সেই তথ্য মতে, আলোচ্য কবিতাটি ফুকনে তেওঁৰ এগৰাকী অন্তৰংগ বন্ধুৰ বাবে ৰচনা কৰিছিল। বন্ধুৰ প্রেমিকালৈ, বন্ধুৰ হৈ ফুকনে কবিতাটি লিখিছিল।
সেয়ে হ’লেও এই কবিতাটি ফুকনৰ ৰোমাণ্টিক ভাব-ধাৰণাৰ এক অনুপম গাম্ভীর্যপূর্ণ প্রকাশ। ১৯৩৩ চনত কোচবিহাৰত থকা সময়ত ৰচনা কৰা ‘আজি আহিনত পৰিছে মনত’ কবিতাটি ফুকনৰ নিজৰ ক্ষেত্ৰতো কম প্ৰাসংগিক নহয়।
“আজি আহিনত পৰিছে মনত
দুশ মাইল আজি দূৰ
সেই গাঁওখনি মোৰ।
সেই পৰিচিত দূবৰি বনত
কত যে শেৱালি পৰিছে সৰি,
সাদৰি বুটলি লাহৰি হাতেৰে
মালা গাঁথি কত ভাবিছা বহি।
আজি আহিনত দূৰ প্রবাসত
কুঁৱলিয়ে মন কেনেবা কৰে
সুঁৱৰি তোমাৰে শেৱালি বোটলা
পুৱাতে যেতিয়া নিয়ৰ সৰে।...”
(আজি আহিনত পৰিছে মনত)

আজি আহিনত মনত পৰা দুশ মাইল দূৰৰ গাঁওখন যেন কবি ফুকনৰ অতি মৰমৰ ঠাই কুঠৰী। কলিয়াবৰৰ উত্তৰ-পূব সীমামুৰীয়া কাজিৰঙাৰ কাষৰে কুঠৰীৰ বাবে কবিৰ দৰদৰ অন্ত নাই। য’তেই সুবিধা পাইছে, চন্দ্র ফুকনে কুঠৰীৰ প্রসংগ আনিছে। কুঠৰীলৈ যাঁচিছে অন্তৰৰ মৰম। ‘কুঠৰী ১’, ‘কুঠৰীৰ আঘোণ’ কবিতাৰ বাহিৰে ‘কুঠৰী ২’ কবিতাত কবিয়ে কুঠৰীৰ বর্ণনা দিছে এনেদৰে—
“ওচৰৰ বহু নিলগত
পাৰ হৈ পথাৰ পর্বত
গৈ গৈ আমনি লাগিব
বাটৰুৱা যদি মন কৰা
এখনি দুখীয়া গাঁও পাবা;—
এখনি ধুনীয়া ঠাই
এতিয়াও ভূগোলত নাম পৰা নাই।”
(কুঠৰী ২)

দূৰ প্রবাসত (কোচ বিহাৰত), বহু দূৰত থকা নিজৰ ঠাইখনলৈ মনত পৰাটো, মনত পৰি মন কেনেবা কৰাটো অতিকৈ স্বাভাৱিক। আৰু স্বাভাৱিক সেই ঠাইত এৰি অহা কোনোবা লাহৰীলৈ মনত পৰাটো।

কবিতাটিত শাৰদীয় এটি পুৱাৰ বাতৰি বৰ মিঠাকৈ পৰিস্ফুট হৈছে। শৰতৰ পুৱা পদূলিমুখত শেৱালি বোটলা কথাটো অসমব গাঁওবিলাকৰ এটা বৰ সুন্দৰ অনুষংগ। এই অনুষংগটো বৰ সাৱলীলভাৱে ফুকনে কবিতালৈ তুলি আনিছে। আৰু শেৱালি বোটলাত যদি মনৰ গাভৰুগৰাকী কাষতে থাকে, তেনেহ’লে কথাই নাই। সেই গৰাকী গাভৰু, যাৰ অধৰৰ হাঁহিয়ে গাঁওখনলৈ সৰগ নমাই আনিব পাৰে, সেইগৰাকী আৰু গাঁওখন, প্রবাসত থাকিল বুলিয়ে কি সহজে পাহৰি যাব পাৰি? নোৱাৰি, সেয়ে দুশ মাইলৰ দূৰৰ গাঁওখনলৈ কবিৰ ইমান দৰদ!

‘স্মৃতি’ কবিতাত পাই হেৰুওৱাৰ বেদনাব কথা আছে। কিন্ত সেই বেদনা সর্বসাধাৰণৰ দৰে মাথোঁ বেদনা হৈ থকা নাই। ‘তেওঁ’ৰ স্মৃতি যেন একোপাহ ফুল—
“আদৰৰ স্মৃতিখনি পৰিলে মনত
সি যে এটি ফুল হৈ ফুলে...।”
(স্মৃতি)

‘স্মৃতি’ কবিতাৰ এটি অনুৰণন শুনিবলৈ পোৱা যায় ‘প্রথমা’ কবিতাত। ‘স্মৃতি’ কবিতাৰ দৰেই ইয়াতো তেওঁৰ ব্যৰ্থ প্রেমৰ বাবে কবিৰ কোনো খেদ নাই। তথাপি—
“...তুমি মোৰ নৱ পৰিচিতা
প্রভাতী তৰাৰ দৰে— হে অপৰিচিতা,
ক্ষতি নাই যদিওবা নাইকিয়া হ’বা।
মাধুৰীৰে সিক্ত তুমি প্রথম বেদনা—
অভিশপ্ত জীৱনত তুমি মোৰ প্রথম কবিতা...।”
(প্রথমা)

এই নৱ পৰিচিতাই কবিৰ অন্তৰত যি ‘প্রথম বেদনা’ দিলে, সেই বেদনাই কবিৰ বহু কবিতাৰ বাবে ছাবি-কাঠি হ’ল বুলি অনুমান কৰিব পাৰি। এই দুটা কবিতাৰ দৰেই একে ভাবৰ চাৰিটা কবিতা হ’ল— ‘ওলগ’, ‘পাহৰি যোৱা’, ‘কিয় সখি’ আৰু ‘নিৰাশ’। এই ধৰণৰ কবিতাকেইটাৰ ভিতৰত ‘নিৰাশ’ কবিতাটিতেই কবিৰ ভাব-অভিব্যঞ্জনা নিটোল ৰূপত প্রকাশ পাইছে। কবিতাটিত কিছু পৰিমাণে প্রতীকৰ ব্যৱহাৰো মন কৰা যায়—
“শৰৎকালত শেৱালিয়ে ঢকা দূবৰিগছি
বতাহত থকা কুঁৱলিয়ে মই সপোন দেখি—
সুধিলো তোমাক দিবা নেকি বুলি
ফুলনিবাৰীৰ এটি সৰু মোক গোলাপ কলি;
তুমি ক’লা মোক— আহিব ফাগুন
ফুলিব কলি,
নিদিওঁ তোমাক
দোলনৰ নিশা পিন্ধিম নিজেই
খোপাত তুলি।
আহিল ফাগুন শিমলু ফুলাই
দোলন আহিল বনানী ৰঙাই।
আহিলো পুনৰ চাওঁ বুলি মই
তোমাৰ খোপাত গোলাপ-কলি,
দেখিলো তোমাৰ উদং ফুলনি
তুমি আছা বহি মুকলি চুলি।...”
(নিৰাশ)


চন্দ্র ফুকনৰ ৰোমাণ্টিক কবিতালানিৰ আন এটা উল্লেখযোগ্য কবিতা— ‘আমি আছোঁ’। এই কবিতাটিত প্রেমৰ জয়গান খুব নিৰ্জুভাৱে কিন্ত বলিষ্ঠ ৰূপত প্ৰকাশ পাইছে।
“আজি নিশা একো নাই
বিদ্যা নাই
জ্ঞান নাই
গৰিমাৰ নাই একো আভা।
তুমি আছা মই আছোঁ
কবিতাৰ
অতীতৰ
দুটি প্রাণী— আমি দুটি মাথোঁ...।”

(আমি আছোঁ)

চন্দ্র ফুকনৰ প্রেমৰ কবিতা দেহাতীত প্লেট’নিক প্রেমৰে উপাসাঁ মাথোঁ নহয়। প্রেমৰ বাবে কবিয়ে দেহক অস্বীকাৰ কৰা নাই। কিন্ত এই কথাও ঠিক, প্ৰেমৰ বাবে কেবল দেহ অপৰিহার্য বুলিও গণ্য কবা নাই। মুঠ কথাত, ফুকনৰ প্রেমৰ কবিতা দেহ-মন উভয়ৰে এক সমতুল বন্দনা। তেওঁৰ প্রেমৰ কবিতা আহিনৰ শেৱালি সুবাস সনা মলয়াৰ সুখদায়ক বতৰা।
 

(পূৰ্ব প্ৰকাশঃ দৈনিক অসম)

No comments:

Post a Comment