Friday, January 04, 2013

২০১২: পৰ্যৱেক্ষণ আৰু উপলব্ধি

 ১/ পৰ্যৱেক্ষণ
অসমীয়া সাহিত্য জগতত বৈচিত্ৰ্যহীনতাৰে ২০১২ বছৰটো শেষ হ’ল। কথাষাৰ আমাৰ নিজস্ব উন্নাসিক মন্তব্য মাথোন নহয়, উত্তৰ-পূবৰ পৰা প্ৰকাশিত আৰু উত্তৰ-পূব সম্পৰ্কত প্ৰকাশিত গ্ৰন্থৰ আলোচনা আৰু পৰিচয়ৰ বাবে ৰুচিৰা আৰ্টছ ফাউণ্ডেচনে প্ৰকাশ কৰা ‘গ্ৰন্থ পৰিচিতি ২০১১-১২’ নামৰ গ্ৰন্থখনৰ সম্পাদকদ্বয় সঞ্জীৱ সভাপণ্ডিত আৰু অনুজ গোস্বামীৰো (“...গ্ৰন্থ পৰিচিতিৰ বাবে গোট খোৱা শ শ কিতাপলৈ যথেষ্ট আশাৰে বাট চোৱা হৈছিল। কিন্তু বিষয়বস্তুৰ মাজত নতুনত্ব তথা বৈচিত্ৰ্যৰ প্ৰাচুৰ্য দেখা নগ’ল। সংখ্যা কম। চেতনা জগাই তুলিব পৰা বা অজস্ৰ নতুন চিন্তাৰ বুৰবুৰণি তুলিব পৰা লেখা কম।”)। শ শ কিতাপৰ পঠন আৰু আলোচনা গ্ৰন্থনাৰ অভিজ্ঞতাৰ ভেটিত তেখেতসকলে এই অনুভৱেই প্ৰাপ্ত কৰিছে। ‘বৰ ফিকা হৈ গৈছে’ অসমীয়া সাহিত্য! ‘অমুক কলেজৰ তুমি তমুক হাজৰিকা’ৰ নিচিনা ধৰণেই এতিয়া ন-কবিসকলৰ কবিতাৰ মোক্ষ-সীমা। কবিতাক বাদ দি বাকী ফিকশ্যন শ্ৰেণীৰ সাহিত্যও একে ঠাইতে ৰৈ আছে— পুখুৰীৰ পানীৰ দৰে স্থিৰ। আমাৰ দৃষ্টিত, মানুহৰ অন্তৰ্জগতলৈ এতিয়াৰ অসমীয়া ফিকশ্যনে ভুমুকি মৰা দূৰৰে কথা, বহিৰ্জগতখনেই ভালকৈ প্ৰতিভাত কৰিব পৰা নাই। বৃহৎ নদীদ্বীপ বুলি গৰ্ব কৰা মাজুলীক লৈ, তাৰ জীৱন-যাত্ৰা, উদাসীন সত্ৰৰ ভকতসকলৰ জীৱন-যাত্ৰা, পোৱা-নোপোৱাক লৈ এখন সু-বৃহৎ উপন্যাস আজিলৈ ৰচিত হ’ল নে?

নন-ফিকশ্যন বিভাগতো একেই। বৈচিত্ৰ্যহীন গতানুগতিক বিষয়ত অহেতুক বাগাড়ম্বৰ। আলোচনীৰ পাতত ‘অসমীয়া জাতীয় জীৱনত বাঁহগছ’ জাতীয় লেখা আৰু গ্ৰন্থাকাৰে ‘বাঁহী’,’চেতনা’তে থমকি ৰোৱা সাহিত্যালোচনা। অন্য ভাষী সাহিত্যিকসকলে বিবিধ বিষয় বিচাৰি পোৱা সময়ত আমাৰ সাহিত্যিকসকল কূপ-মণ্ডুক হৈ ৰ’ল কিয়?

২/ উপল্ধি
মানুহৰ আসুৰিক প্ৰবৃত্তি আৰু তাৰ নিকৰুণ ফলশ্ৰুতিৰে ২০১২ বছৰটো শেষ হ’ল। ক’ব খুজিছোঁ দিল্লীৰ গণ ধৰ্ষণ আৰু ধৰ্ষণৰ বলি ছোৱালীজনীৰ নিদাৰুণ মৃত্যুৰ কথা। ফেচবুকৰ পৰা (আনকি গুৱাহাটীৰ প্ৰতিবাদথলীতো প্ৰতিবাদকাৰীৰ হাতৰ লেপটপত ফেচবুক!) বলিউদলৈ এতিয়া প্ৰতিবাদৰ