Tuesday, December 14, 2010

প্রথমে নবৌ, তাৰ পাছত মামা!

প্রথমে নবৌ, তাৰ পাছত মামা! শেহতীয়াকৈ, নিষিদ্ধ ঘোষিত ‘সংযুক্ত মুক্তি বাহিনী’ (আলফা)ৰ কাৰাৰুদ্ধ কেইবাজনো নেতা-পালিনেতাই পর্যায়ক্রমে মুক্তি পোৱা পৰিলক্ষিত হৈছে। আলফাৰ সাংস্কৃতিক সম্পাদক প্রণতি ডেকা কাৰাগাৰৰ পৰা মুক্ত হৈ জখলাবন্ধাৰ স্বামীগৃহলৈ আহিব বুলি গম পোৱাৰ লগে লগে কলিয়াবৰত হৈ-চৈ লাগিল (বাতৰি কাকতৰ মতে)। একেবাৰে নলগাও নহয়, কিন্ত কাকতত লিখাৰ দৰে সমগ্র কলিয়াবৰ তল-ওপৰ হৈ যোৱা নাছিল। জখলাবন্ধা এলেকাৰ কিছু মানুহে সমিতি পাতি প্রণতি ডেকাক আদৰণি আৰু সম্বর্ধনা জনাবলৈ উখল-মাখল লগালে। ঠিক একেটা ঘটনাই ঘটিল আলফাৰ উপদেষ্টা ভীমকান্ত বুঢ়াগোহাঁই (মামা) মুক্ত হোৱাৰ ক্ষেত্রতো। আগদিনা ভাড়া কৰা গাড়ীত মাইক লগাই পিছদিনালৈ হ’ব লগা ভীমকান্ত বুঢ়াগোহাঁই আদৰণি তথা সম্বর্ধনা সভালৈ ৰাইজক আমন্ত্রণ কৰা হ’ল।

ৰাজপথত তোৰণ লগাই 'আলফা নেতা' (তোৰণৰ ভাষা মতে) ‘মামা’ক আদৰা হ’ল। গামোচা পিন্ধাই ভীমকান্ত বুঢ়াগোহাঁই আৰু প্রণতি ডেকা (নবৌ?)ক সম্বর্ধনা জনোৱা হ’ল। বক্তৃতাৰ বাগাড়ম্বৰতো আছেই।


এতিয়া প্রশ্নটো হ’ল, আদৰণি-সম্বর্ধনা কাক জনোৱা হয়? জীৱনজোৰা সেৱাৰ পিছত অৱসৰপ্রাপ্ত এজন শিক্ষকক সম্বর্ধনা জনোৱা হয়, জীৱনজোৰা সাধনাৰ বাবে এজন শিল্পী বা সাহিত্যিকক সম্বর্ধনা জনোৱা হয়, সমাজৰ বাবে উল্লেখনীয় সেৱা আগবঢ়োৱা এজন ব্যক্তিক সম্বর্ধনা জনোৱা হয়। চমুকৈ এই কথা ক’ব পাৰি যে দহৰ উপকাৰৰ বাবে পর্যাপ্ত সেৱা আগবঢ়োৱা এজন ব্যক্তিক ৰাজহুৱা সম্বর্ধনা জনোৱা হয়।


তেতিয়া হ’লে ওপৰত উল্লেখ কৰা ব্যক্তি দুজনক কি সেৱাৰ ভিত্তিত ৰাজহুৱা সম্বর্ধনা জনোৱা হ’ল? আমি জনাত দহৰ উপকাৰৰ বাবে উক্ত দুয়োজনৰে কোনো ধৰণৰ অৰিহণা নাই। নে কথাটো এনেকুৱা— ধেমাজিৰ শিশু হত্যাকাণ্ডৰ বাবে আমি খুবেই উৎফুল্লিত আৰু তাৰ জৰিয়তে ‘অসমীয়াৰ নাম উজ্জ্বল কৰা’ সংগঠনটোৰ প্রতিনিধিক আনুষ্ঠানিক স্বীকৃতি তথা সম্বর্ধনা জ্ঞাপন কৰিলো? নে ছার্গেই গ্রীটছেংকোৰ অপহৰণ তথা হত্যাকাণ্ডৰ বাবে? নে সঞ্জয় ঘোষৰ অপহৰণ আৰু হত্যাকাণ্ডৰ বাবে? নে আৰু অলেখ তেনেকুৱা উদাহৰণৰ বাবে?


দ্বিতীয় প্রশ্নটো হ’ল— আলোচিত দুয়োজন ব্যক্তিয়েই বর্তমানো নিষিদ্ধ ঘোষিত সংগঠনটোৰে সদস্য, তেনে ক্ষেত্রত তেওঁলোকক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱাসকলে সেই নিষিদ্ধ সংগঠনৰ প্রতি আনুগত্য প্রকাশ কৰা নহ’লনে? তেনেহ’লে সেই সকলক দেশদ্রোহিতাৰ অপৰাধত গ্রেপ্তাৰ কৰি বিচাৰ চলোৱা উচিত নহয়নে?

6 comments:

  1. হিমন্তালি, অখিলামি আৰু নিউজ লাইভ... অতি সুন্দৰ হৈছে । পিছে উত্তৰ কাছাৰ কাণ্ডৰ পিছত হিমন্তালিৰ প্ৰকোপ অলপ কমিছে যেন লাগে ।

    ReplyDelete
  2. ঠিকেই কৈছে। নির্বাচনে বঢ়াই নে কমাই সেইটোহে লক্ষণীয় হ'ব। নে কি কয়?

    ReplyDelete
  3. পঢ়ি খুউব ভাল লাগিল...আগলৈ আশা কৰিলো...

    ReplyDelete
  4. ভাল পোৱাৰ বাবে ভাল পালো। আকৌ লগ নিশ্চয় পাম।

    ReplyDelete
  5. ভাল লাগিল্.....

    ReplyDelete