ঘুমটি যায়োৰে অ’ৰে কাণাই
হুৰে কাণখোৱা আসে।সকল শিশুৰ কাণ খাই খাইআসয় তোমাৰ পাশে।।মাৱৰ বচন শুনি পাশ চাপিহাসিয়া বোলে কাণাই।কেনেকুৱা গোটে কাণ খাই ফুৰেচিনোৱা হাৰলী আই।।তাৰ নাম শুনি ঘুমটি নাসয়ডৰে কাম্পে মোৰ বুক।দেখিলে লৱৰি পলাইবাক পাৰিসত্বৰে চিনোৱা মোক।।চৰাচৰ ভেদ কৰি।সমস্ত জগত প্রতিপাল কৰিআত্মাৰূপে আছোঁ ধৰি।।ব্রহ্মা মহেশ্বৰ আদি কৰি য’তসমস্ত মোৰ স্রজনা।মই নাজানিলো সিটো কাণখোৱাস্রজিলেক কোনজনা।।বিষ্ণুৰূপে মই বৈকুণ্ঠৰ হন্তেচড়িয়া গৰুড় স্কন্ধে।সমস্ত জগত বিচাৰি চাহিলোফুৰিয়া অতি প্রৱন্ধে।।স্বৰগী নৰকী দুর্জন মহন্তবিচাৰি ফুৰিলো পাছে।সিও কালে মই লাগ নপাইলোহোকাণখোৱা কৈত আছে।।প্রথমতে মই অৱতাৰ ভৈলোদিব্য মৎস্য ৰূপ ধৰি।চাৰিও বেদক পাতালৰ হন্তেআনিলো সঙ্গে উদ্ধাৰি।।পাছে সেহি ঠাই বঢ়াই মৎস্য কায়জুৰিলো সাগৰ তীৰ।সিও কালে মই লাগ নপাইলোহোকাণখোৱা কেনে বীৰ।।কূর্মৰূপে মই মন্দৰ ধৰিলোসাগৰ মথিবে লাগি।যত জলচৰ খলকি সাগৰসমস্ত পলাইল ভাগি।।কালকূট বিষ উচ্চৈশ্রৱা হয়লক্ষ্মীয়ো ওলাইল পাছে।সিও কালে মই লাগ নপাইলোহোকাণখোৱা কৈত আছে।।বৰাহ স্বৰূপে পৃথিৱী উদ্ধাৰিআনিলো দন্তৰ আগে।হিৰণাক্ষ নামে বীৰক বধিলোযুদ্ধ কৰি বৰ ৰাগে।।মোৰ ভয়ে যত অসুৰ পলাইলকম্পি গৈলা ত্রিজগত।সিও কালে মই লাগ নপাইলোহোকাণখোৱা কেন মত।।স্ফটিকৰ স্তম্ভে বাজ ভৈলো পুনুনৰসিংহ ৰূপ ধৰি।হিৰণ্যকশিপু বীৰক বধিলোনখ অগ্রে হিয়া ছিৰি।।জটাৰ ছাটত মেঘ উৰুৱাইলোমেদিনী কম্পাইলো বলে।সিও কালে মই লাগ নপাইলোহোকাণখোৱা কাক বোলে।।বামন স্বৰূপে দেৱকার্য সাধিবলিক ছলিবে গৈলো।দান লওঁ বুলি তিনি পদ ভূমিত্রৈলোক্য জুৰিয়া লৈলো।।উপায় কৰিয়া বলিক ছলিয়াপঠাইলো পাছে পাতালে।কাণখোৱা নামে বীৰ গোট আছেনুশুনিলো সিও কালে।।পর্শুৰাম ৰূপে তিনি সাত বাৰপৃথিৱী পর্যটি ফুৰি।ক্ষত্রিয়ক কাটি নিক্ষত্রিয় কৈলোহাতত কুঠাৰ ধৰি।।ক্ষত্রিয়ৰ নাম নথৈলো সংগ্রামেকাটিলো পেটৰ চৱা।সিও কালে মই লাগ নপাইলোহোকাণখোৱা কেনেকুৱা।।ৰামৰূপে মই সীতাৰ নিমিত্তেসাগৰ ভৈলোহো পাৰ।সবংশে ৰাৱণ ৰাক্ষস বধিলোখণ্ডাইলো ভূমিৰ ভা্ৰ।।দেৱাসুৰ নৰ ভালুক বানৰসবে আইলা মোৰ কাছে।লঙ্কা নগৰীত কাণে নুশুনিলোকাণখোৱা কৈত আছে।।হলিৰাম ৰূপে নাঙ্গল ধৰিলোসম কৰি খাল বাম।সমস্ত পৃথিৱী বাই বাটি থৈলোলৈলো হলধৰ নাম।।সিও কালে মই লাগ নপাইলোহোআবে মনে মনে গুণো।কাণখোৱা নামে বীৰ গোট আছেআজি তযু মুখে শুনো।।আসিয়া ইবাৰ কৃষ্ণ অৱতাৰহুয়া আছোঁ তযু ঘৰে।কাণখোৱা নাম শুনি মোৰ গাৰথৰ থৰি কাম্পে ডৰে।।ঘুমটিৰ ছলে নিচুকিয়া মইচক্ষু মেলি আছোঁ চাই।কেনেকুৱা গোটে কাণ খাই ফুৰেচিনায়োক মোক আই।।কৃষ্ণৰ বচন শুনিয়া যশোদাভয় হুয়া বহি আছে।একোৱে উত্তৰ দিবাক নপাৰিহাসি মাতিলন্ত পাছে।।মিছাসে বুলিয়া মুখে স্তন দিয়াকৃষ্ণক সাৱটি ধৰি।শ্রীধৰ কন্দলী কহে কৃষ্ণ কেলিডাকি বোলা হৰি হৰি।।
No comments:
Post a Comment