Tuesday, February 01, 2011

এটি আবেদন

ইত্যাদি.অর্গ
এটি আবেদন
সাম্প্রতিক সময়ত তথ্য আৰু জ্ঞান আহৰণ তথা বিনিময়ৰ এক শক্তিশালী মাধ্যম হ'ল ইণ্টাৰনেট। জ্ঞান-সাগৰৰ লক্ষ-কোটি উপকৰণেৰে ইণ্টাৰনেটৰ ভঁৰাল থাহ খাই আছে। কিন্তু দুখৰ বিষয়, ইণ্টাৰনেটত অসমীয়া সমলৰ বাৰুকৈয়ে অভাৱ। অসমৰ বিষয়ে বা অসমীয়া সম্পদৰ বিষয়ে কিছু পৰিমাণে পোৱা যায় যদিও অসমীয়া সাহিত্য কিম্বা সাংস্কৃতিক উপাদান আঙুলিৰ মূৰত লেখিব পৰা!
ব্যক্তিগতভাৱে তৈয়াৰ কৰা ব্লগ আৰু অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ ৱেবচাইটসমূহত অসমীয়া আখৰেৰে লিখা লেখাবোৰ 'সন্ধানী যন্ত্র' (Search Engine, যেনে- Google)ই পঢ়িব নোৱৰা ৰূপ (format)ত (যেনে pdf, jpeg)ত দিয়াৰ বাবে প্রায়েই সন্ধান কৰোঁতাসকলৰ দৃষ্টিলৈ অহাৰ পৰা দূৰত থাকি যায়। ইউনিক'ড আখৰ (unicode fonts)ৰ বিকাশে এই ক্ষেত্রত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। Windows XP-ৰ পৰা পৰৱর্তী সংস্কৰণসমূহত এটা অসমীয়া (তথা বাংলা) ফণ্ট ('vrinda') দিয়া হৈছে। ইয়াৰ ফলত ইণ্টাৰনেট ব্রাউজাৰৰ সামান্য সাল-সলনিৰে অসমীয়া আখৰ সহজেই পঢ়িব পাৰি। ঠিক সেইদৰে Windows Vista আৰু Windows 7-অৰ ক্ষেত্রত সামান্য সাল-সলনি আৰু Windows XP-ৰ ক্ষেত্রত এটি সৰু আহিলা (যেনে 'অভ্র কিব'র্ড') ব্যৱহাৰ কৰি অতি সহজে অসমীয়া লিখিবও পাৰি।
১৯৯২ চনৰ পৰা কিছু ব্যতিক্রমী আৰু উদ্ভাৱনমূলক কাম-কাজেৰে কলিয়াবৰৰ বৌদ্ধিক সমাজখনৰ মনোযোগ আকর্ষণ কৰা সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান 'ইত্যাদি'য়ে ওপৰত উল্লেখ কৰা কথাখিনিৰ প্রতি লক্ষ্য ৰাখি 'ইত্যাদি.অর্গ' নামেৰে এটি প্রকল্প পৰিকল্পনা কৰিছে। এই প্রকল্পৰ অধীনত অসমীয়া সাহিত্যৰ সর্বপ্রথম চানেকিৰ পৰা আৰম্ভ কৰি গুৰু দুজনা তথা বৈষ্ণৱ লেখকসকলৰ সৃষ্টিৰাজি, পৰৱর্তী সময়ৰ সত্রাধিকাৰসকলে ৰচনা কৰা সাঁচিপাতত আৱদ্ধ নাটসমূহ, আধুনিক কালৰ সাহিত্য-সম্ভাৰলৈকে (ব্যক্তিগত আৰু পৰিয়ালৰ Copyright আঁতৰি যোৱা আৰু অনুমতিক্রমে Copyright বাহাল থকা) ইউনিক'ড আখৰত বিন্যাস কৰি ইণ্টাৰনেটত তুলি দিয়া হ'ব। ইউনিক'ড ব্যতিৰেকে আন ফণ্ট ব্যৱহাৰ কৰি লিখা লেখা এই প্রকল্পৰ বাবে উপযোগী নহ'ব।
প্রস্তাৱিত প্রকল্পটিৰ সকলো সম্পদ বিনামূলীয়াকৈ সকলোৰে বাবে উপলব্ধ হ'ব। Open source ধাৰণাৰে সকলোবোৰ সম্পদ সকলোৰে বাবে সহজে ডাউনলোড-যোগ্য হ'ব।
অলাভজনক (non profit) এই বিশাল কর্মযজ্ঞৰ বাবে বিপুল পৰিমাণৰ শ্রম, সময় আৰু অর্থৰ প্রয়োজন হ'ব। ইতিমধ্যে প্রকল্পটিৰ বাবে এটা ডমেইন নেম ('etyadi.org') পঞ্জীয়ন কৰি ইয়াৰ ৱেবচাইট ডিজাইনৰ কাম কৰি থকা হৈছে।
আপুনি এই প্রকল্পৰ এজন সক্রিয় অংশগ্রহণকাৰী হ'ব পাৰে। প্রাৰম্ভিক অৱস্থাত অপুনি তিনি ধৰণে এই প্রকল্পৰ অংশগ্রহণকাৰী হ'ব পাৰে
১।প্রকল্পটিত অন্তর্ভুক্ত কৰিব পৰা সাহিত্য-সম্ভাৰৰ তথ্য/ উৎস আমাক জনাব পাৰে।
অথবা/ আৰু ২। প্রকল্পত অন্তর্ভুক্ত গ্রন্থ/ গ্রন্থৰ অধ্যায় ইউনিক'ড আখৰত বিন্যাস (compose) কৰি আমাক জমা দিব পাৰে।
অথবা/ আৰু ৩। প্রকল্পটিত পেছাদাৰী ব্যক্তি নিয়োগৰ ক্ষেত্রত (আখৰ বিন্যাসৰ বাবে) সহায়ক হোৱাকৈ অর্থ-সাহায্য আগবঢ়াব পাৰে।

আপুনি যি ধৰণেই এই প্রকল্পত অংশগ্রহণকাৰী হ'ব বিচাৰে, সেই সম্পর্কে আমাক জনালে পৰৱর্তী নির্দেশনা আৰু কাৰিকৰী পথ-নির্দেশনা আপোনালৈ প্রেৰণ কৰা হ'ব।
এই যৌথ প্রকল্পৰ সকলো অংশগ্রহণকাৰীৰে নাম যথাস্থানত দিয়া হ'ব আৰু সকলোলৈকে ইত্যাদি.অর্গৰ তৰফৰ পৰা প্রমাণ পত্র আগবঢ়োৱা হ'ব।
আহক, এক সুদূৰপ্রসাৰী প্রকল্পৰ অংশীদাৰ হৈ অসম আৰু অসমীয়াৰ বাবে যোগাত্মক কিছু অৰিহণা আগবঢ়াওঁ!
শ্রদ্ধাসহকাৰে
পল্লৱপ্রাণ গোস্বামী
প্রকল্প সঞ্চালক,
ইতাদি.অর্গ


http://www.etyadi.org (under const.)
etyadi.org@gmail.com, etyadi.org@rediffmail.com, Ph. +91 94353 67802
etyadi.org, Barnamala, Hatbor Kendriya Natya Samaj Bhawan, Hatbor, Kaliabor, Nagaon 782 136, Assam, India

No comments:

Post a Comment