Sunday, March 13, 2011

শাৰীৰিক

উটি যাব খুজিছোঁ
আজি ৰক্তস্রোতত উটি যাব খুজিছোঁ
আজি ভাগি-ছিগি ভাঁহি যাব খুজিছোঁ

উইচিৰিঙাৰ মাতৰ নির্মম অন্ধকাৰত
তোৰ শৰীৰ চাব বিচাৰিছোঁ
চাব খুজিছোঁ
কিমান অশ্লীল ৰক্ত-প্ৰবাহত
ধুৱাব পাৰ মোৰ শৰীৰ
কিমান অশ্লীল

চাকি চা চাকি চা মোৰ জিহ্বা
এতিয়াও অজন্মা
উদ্দাম এক ৰাগৰ বিৰতিত
তই থুৱাই দে
তোৰ ঘাম আৰু অন্ধকূপৰ নির্যাসেৰে
মচি পেলা মোৰ চকু
আৰু তোৰ বুকুৰ আক্ৰোশী
স্তন

আহ, থুৱাই দিওঁ আজি
তোৰ পিতা-মাতা
মোৰ ভৱিষ্যৎ

আহ, খুলি পেলা তোৰ শৰীৰ
ভাঙি পেলা তোৰ জানু জংঘা
চিকমিক কৰক তোৰ লেতেৰা গোন্ধ
আৰু তেজৰ উদ্দাম সুৰ।

6 comments:

  1. ধন্যবাদ তালুকদাৰ ডাঙৰীয়া। সময় পালে মাজে মাজে আহিব।

    ReplyDelete
  2. ভাল লাগিল্.....realy great'''

    ReplyDelete
  3. অনুবাদ প্ৰশংসনীয়

    ReplyDelete
    Replies
    1. ধন্যবাদ HRISHIRAJ SHARMA। এইটো অৱশ্যে মোৰ মৌলিক কবিতাহে (অনুবাদ নহয়)।

      Delete