Friday, December 09, 2011

ৰবিবাৰে ৰবিবাৰে মামণি ৰয়ছম

শ্ৰদ্ধাঞ্জলিঃ মামণি ৰয়ছম
১৯৪১-২০১১

ৰবিবাৰে ৰবিবাৰে মামণি ৰয়ছম প্ৰশান্তৰ ঘৰলৈ যায়
ৰবিবাৰে ৰবিবাৰে তুমি মামণি ৰয়ছমৰ ঘৰলৈ যোৱা
মামণি দুভাগ হৈ যায় মামণি চাৰিভাগ হৈ যায়
আঠভাগ হৈ যায়, নহয় মামণি ষোল্লভাগ হৈ...

মই তিনিআলিৰ দোমোজাত ৰৈ থাকোঁ
এটা নিয়ন লাইটৰ তলত অপেক্ষা কৰি থাকোঁ
গছৰ পাতৰ মাজেৰে বৈ অহা পোহৰৰ কাৰুকাৰ্যত
অপেক্ষাৰ সমানেই পুৰণা মোৰ অপেক্ষা।

ঠিক কোনফালৰ পৰা কোন আহিব
মই খাতাং নহয়, অৱশ্যে প্ৰশান্ত নাহে
প্ৰশান্তই গৱেষণা কৰিব মামণিয়ে কিমান ডিগ্ৰী হাঁহিলে
দুজোপা খৰিকাজাঁই একেলগে ফুলিব।

এফালৰ পৰা মামণি আহিব, মামণি আহিবই
কাজল সনা দুচকুত এহেজাৰবাৰ স্পন্দন উঠিব


কপালৰ ৰক্ত-সূৰ্যই শুভেচ্ছাৰ বাণী বিলাব
পাটৰ আঁচলত গুটি গুটি বাখৰুৱা তৰা বুৰ যাব

অথবা তাৰ আগতে তুমিও আহিব পাৰা
পকা কৰ্জাৰ দৰে গুলপীয়া তোমাৰ মাতেৰে
দহোটা শাস্ত্ৰীয় অথবা লঘু শাস্ত্ৰীয় সঙ্গীতৰ
অভ্যন্তৰলৈ তুমি মোক লৈ যাব পাৰা।

জালিকটা পোহৰৰ পৰা জোনটো মূৰত লৈ
মই যেতিয়া উভতিম, হয়তো দেখিম
তোমাৰ কোঠাত ইমান ৰাতিও পোহৰ
আজি হয়তো তোমাৰ ঘৰলৈ মামণি আহিছে

খিৰিকিৰে বাহিৰত পৰা এচিৰা জ্যামিতিক পোহৰত
মামণিৰ ছন্দোময় ছাঁটোৱে ক’ব,
দেখিছা দেখিছা ইমান ৰাতি বাপিৰ কোঠাত পোহৰ
এৰা, আজি বাপিৰ পঢ়া কোঠাত ইমান পোহৰ !

[২০০২-০৩ (?) চন মানত প্ৰশান্ত কুমাৰ দাসে ‘ৰবিবাৰে ৰবিবাৰে মামণি ৰয়ছম’ নামেৰে এটা গল্প লিখিছিল; সেই গল্প পঢ়াৰ পিছত আৰু কিছু মিশ্ৰ অনুভূতিৰ সংমিশ্ৰণেৰে এই কবিতা (?)টো তেতিয়াই লিখিছিলো।]

No comments:

Post a Comment