Saturday, December 10, 2011

ভূপেন হাজৰিকাৰে পোন্ধৰ মিনিট

{ সুধাকণ্ঠ ভূপেন হাজৰিকাক চাৰিবাৰমান লগ পোৱাৰ ভিতৰত দুবাৰ কিছু ওচৰৰ পৰা পাইছিলো। তাৰে এবাৰ লগ পোৱাৰ অভিজ্ঞতাৰে ‘দৈনিক অসম’ আৰু অধুনালুপ্ত ‘আজিৰ বাতৰি’ত দুটা লেখা লিখিছিলো। ভূপেন দা স্মৰণৰ এই সময়ত তাৰে এটা লেখা বাতৰি কাকতৰ পৃষ্ঠাৰ পৰা ইয়ালৈ তুলি আনিলো। }


অকস্মাতে মানুহবোৰ চঞ্চল হৈ উঠিল। ভঁৰালী নামঘৰ প্ৰাঙ্গণত এটা গুণগুণনি বৈ গ’ল— আহিল আহিল, পালেহি পালেহি। আবেলিৰে পৰা অপেক্ষা কৰি থকা শতাধিক মানুহৰ যেন প্ৰতীক্ষাৰ অন্ত পৰিল। ‘গধূলি ভঁৰালী নামঘৰলৈ ভূপেন হাজৰিকা আহিব’— বাৰ্তাটো ৰাতিপুৱাই বিয়পি গৈছিল কলিয়াবৰত। আবেলিৰ পৰাই মানুহৰ সোঁত ব’লে ভঁৰালী নামঘৰৰ সমীপলৈ। ক’ৰ মানুহ নাই? সোণাৰি গাঁৱৰ হংস হাজৰিকা ছাৰ, জখলাবন্ধাৰ সিদ্ধাৰ্থ শঙ্কৰ গোস্বামী, সৰুভগীয়াৰ তৰুণ মুক্তিয়াৰ, দামোদৰ শইকীয়া, শিলঘাটৰ নৃপেন কেওঁট, মাধতাৰিৰ পৰেশ ভূঞা, ভলাগুৰি সত্ৰৰ হেমচন্দ্ৰ
বৰা, শান্তিপুৰৰ মোহিত ভূঞা, কুঁৱৰীটোলৰ কেশৱ পাঁচনি, আক্ৰোহীচুকৰ ৰঞ্জিত ভট্টাচাৰ্য, দাঁতকটাৰ নৱ বৰা, মুৰুলী বৰা আৰু ওচৰৰ গাঁওকিখনৰ মানুহতো ঘৰে-ঘৰোৱাহে উবুৰি খাই পৰিছেহি। আমিও গৈছিলো— সাৰ্বজনীন আকৰ্ষণ আৰু লগতে অৱশ্যে এটা উদ্দেশ্যও আছিল।

দিনটো আছিল ২৯ জানুৱাৰী, ১৯৯৮। Glimpses of the Misty East শীৰ্ষক ধাৰাৱাহিকৰ চিত্ৰগ্ৰহণ কৰি আহি একেই উদ্দেশ্যৰে ভূপেন হাজৰিকা কলিয়াবৰৰ ভঁৰালী নামঘৰত উপস্থিত হৈছিলহি।
এই লেখাটোত ভূপেন হাজৰিকাৰ কাৰ্যসূচীৰ বিতং বিৱৰণ দিব খোজা নাই। অকণমান সময় লগ পাই তেখেতৰ ৰসবোধৰ যি উমান পালো, তাকেহে পুনৰাই চাকি চাব খুজিছোঁ আৰু পাঠককো ভাগ দিব বিচাৰিছোঁ।

এটা শুভেচ্ছা বাণীৰ বাবে ভূপেন দালৈ এখিলা কাগজ আৰু এটা কলম (ফাউণ্টেইন পেন। ভাব হ’ল, ভূপেন দাই ফাউণ্টেইন পেনেৰে লিখি ভাল পায়। কিয় ভাব হ’ল, অকণমান পাছতে উল্লেখ কৰিছোঁ।) আগবঢ়াই দিলো। হাটবৰত ‘উত্তৰ-পূৰ্বাঞ্চলীয় নাট সমাৰোহ’ পাতিছিলো। তাৰ স্মৃতিগ্ৰন্থ সম্পাদনাৰ ভাৰ এই লেখকৰ গাত আছিল। স্মৃতিগ্ৰন্থৰ বাবেই ভূপেন দাৰ শুভেচ্ছা বাণী। ভূপেন দাই ক’লে— ‘তুমি কৈ দিয়াছোন ডাটাখিনি’। ক’লো। ভূপেন দাই লিখিলে— ‘উত্তৰ-পূৰ্বাঞ্চলীয় নাট সমাৰোহৰ আয়োজন কৰিছে চিত্ৰলেখা ড্ৰামা প্ৰডাক্‌শ্বনৰ উদ্যোগত। হাটবৰত...।'

অকণমান পিছতে কলমটোৱে নিলিখা হ’ল। হয়তো চিঞাহী শেষ হ’ল। কলমটোলৈ এবাৰ চাই ভূপেন দাই মূৰ তুলিলে। নাটকীয়ভাৱে ভূপেন দাই মুখ খুলিলে— ‘তেজপুৰ গভ্‌মেণ্ট স্কুলত আমাক দণ্ডী কলিতা ছাৰে পঢ়াইছিল। দণ্ডীনাথ কলিতা। এদিন ছাৰে মোক সুধিলে, হেৰৌ, তোৰ নাম কি? মই ক’লো, ভূপেন। ছাৰে ক’লে, ভূপেন? তাৰ মানে তই পৃথিৱীৰ কলম। ভূ মানে পৃথিৱী আৰু পেন মানে কলম। তই পৃথিৱীৰ কলম। আৰু এতিয়া দেখিছে ৰাইজ, পৃথিৱীৰ কলমৰে এই অৱস্থা !’ ভূপেন দাৰ কথাত চৌদিশ আগুৰি থকা ৰাইজ হাঁহিত ফাটি পৰিল। ভূপেন দাই সকৌতুক দৃষ্টিৰে ৰাইজক এবাৰ চাই

ক’লে— ‘ই চিঞাহী দান কৰিব খোজা নাই, চাওঁ, বেলেগ কলম এটা দিয়ছোন।’ কেইবাজনেও কেইবাটাও কলম আগুৱাই দিলে; ভূপেন দাই এবাৰ চকু ফুৰাই গজেন হাজৰিকাই আগুৱাই দিয়া উয়িংচাং ফাউণ্টেইন পেনটো তুলি ল’লে। লিখিলে— ‘এই ভুল বুজাবুজিৰ দিনত উত্তৰ-পূৰ্বাঞ্চলৰ একতাৰ বাবে এনে নাট সমাৰোহৰ আৱশ্যকতা আছে। মন-প্ৰাণেৰে বুজিলে এখন এখন নাটে মানুহৰ চিন্তাকো নিকা কৰিব পাৰে।…’

প্ৰসংগান্তৰত ভূপেন দাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ কথা উলিয়ালে। ‘জ্যোতি ককাইদেউক মানুহে পাহৰি যাবলৈ ধৰিছে। জ্যোতি ককাইদেউৰ ‘কলগান’টো অনাদৃত হৈ পৰি আছে। ধূলিয়ে চামনি বান্ধিছে। এদিন হয়তো এই ভূপেন হাজৰিকাৰো একেই অৱস্থা হ’ব।’ মানুহবোৰ অলপ অস্বস্তিত পৰিল। কোনোবাই ক’লে, ‘আপুনি কেলেই তেনেকৈ কৈছে!’ কোনোবা এজনে ভূপেন দাৰ খহি যোৱা শ্বলখন উঠাই দিলে।

ভূপেন দাই ক’লে— ‘অঁ, যদি কোনোবা দুটামান ল’ৰাৰ কণ্ঠত সঁচা ৰূপত মোৰ গীতকেইটা দি যাব পাৰোঁ, তেতিয়া হয়তো আৰু কিছু বছৰ ভূপেন হাজৰিকা জীয়াই থাকিব। কেছেট কিমান দিন থাকিব?’ প্ৰসংগক্ৰমে তেখেতৰ গীতৰ বিকৃতিকৰণৰ কথা ওলাল। ভূপেন দাই ক’লে— ‘মোৰ গান যদি কোনোবাই বেয়া কৰিছে, তেওঁলোকক ৰাইজেই শাস্তি দিয়ক। তেনেকুৱা কেছেট ৰাইজে নিকিনিব।’

‘মঞ্চ’ অনুষ্ঠানৰ বিষয়ববীয়াৰ লগত ভূপেন দাই গত কেইবাবছৰৰ পৰা হাটবৰত অনুষ্ঠিত কৰি অহা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বিষয়ে আলোচনা কৰিলে। অহা বছৰৰ পৰা তেখেতে নিজে এটা বঁটা দিবৰ বাবেও প্ৰতিশ্ৰুতি দিলে। কথা পতাৰ মাজে মাজে ৰঞ্জিত ভট্টাচাৰ্যই আগবঢ়াই দিয়া এখন কাৰ্ডত তেখেতে শুভেচ্ছা বাণী লিখিলে আৰু কলিয়াবৰৰ পৰা প্ৰযোজনা কৰিব লগা এটা প্ৰস্তাৱিত কেছেটত ‘এইখন কলিয়াবৰ’ শীৰ্ষক গীতত কণ্ঠদান কৰাৰ কথাও আলোচনা কৰিলে।

হয়তো দেৰি হৈছিল। নামঘৰ প্ৰাঙ্গণত ইতিমধ্যেই কল্পনা লাজমীৰ তত্ত্বাৱধানত শ্বুটিং শেষ হৈছিল। কল্পনা লাজমী ভূপেন দাৰ ওচৰ চাপি আহিল— ‘দাদা, ইটছ্ টু লেট। উই শ্বুড গ’।’ ভূপেন দাই হাতৰ কাৰ্ডখনলৈ ইংগিত কৰি ক’লে— ‘আই হেভ টু জাষ্ট ফিনিশ্ব ইট।’ তাৰ পাছত আমাৰ মুখলৈ চাই ক’লে— ‘তাৰ পিছত মই এইফালেদিয়ে পলাই যাম।’ ভূপেন দাই যি ফালেৰে হাতৰ সঞ্চালনেৰে দেখুৱালে, সেইফালে আচলতে যাব পৰা কোনো উপায় নাই। আচলতে আৰু বেছি মানুহে গম পোৱাৰ আগতেই তেখেত ইয়াৰ পৰা যোৱাৰ কথাটো বোধহয় ইংগিত কৰিছিল।

বিভিন্ন কথাৰে পৰিৱেশটো ৰসাল কৰি ৰখা ভূপেন দাই মাজতে এবাৰ অকণমান খঙো কৰিলে এজন টেক্‌নিচিয়ানক। ভঁৰালী গাঁৱৰ ৰাইজলৈ লিখা এটা বাণী তেখেতে লাউড স্পিকাৰত পাঠ কৰি দিব বিচাৰিছিল। মাইক্ৰ’ফোনটো অন কৰি অকণমান পঢ়াৰ পিছতে স্পিকাৰটোৱে বিকটভাৱে ৰিং কৰি উঠিল। ভূপেন দা ৰ’ল। লগে লগে ৰিংটোও বন্ধ হ’ল। ভূপেন দাই পুনৰ পঢ়িবলৈ ধৰোঁতেই স্পিকাৰটোৱেও ৰিং কৰি উঠিল। ভূপেন দাই থমকি ৰৈ স্পিকাৰটো ধৰি থকা টেক্‌নিচিয়ানজনক ক’লে— ‘হেই ক্যা কৰ ৰহে হ’?’
—‘মেইনে কুছ নেহি কিয়া দাদা।’
—‘ঠিক হ্যে ঠিক হ্যে, ৰাখ দো স্পিকাৰ।’
এইবাৰ মাইক্ৰ’ফোন নোহোৱাকৈয়ে ভূপেন দাই কিঞ্চিৎ উচ্চগ্ৰামত, তেখেতৰ অননুকৰণীয় ভংগীত, সদ্য লিখি উলিওৱা বাণীটো পঢ়ি গ’ল— ‘মই ভঁৰালী নামঘৰলৈ প্ৰথমবাৰৰ বাবে আহিছোঁ…।’

চৌদিশে নিস্তব্ধতা। তাৰ মাজত মাথোঁ ভাহি থাকিল ভূপেন দাৰ মাতটো। সেই মাতটো— কলিয়াবৰৰ পৰা কেলিফৰ্নিয়ালৈ চিনি পোৱা দৰদী মাতটো।


১. পিছৰ বছৰেই ভূপেন দাই তেখেতৰ পিতৃ আৰু মাতৃৰ স্মৃতিত ‘নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকা সোঁৱৰণী বঁটা’ আগবঢ়াইছিল। আমি জনাত, ভূপেন হাজৰিকাই স্বয়ং ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ বাবে আগবঢ়োৱা এইটোৱেই একমাত্ৰ বঁটা।   
২. ভূপেন দাই কথা দিয়া ধৰণেই কেছেটটিত কণ্ঠদান কৰিছিল। ‘সূৰ্যাস্তৰ পিনে ধাৱমান কিয়’ নামৰ কেছেটত উল্লিখিত গীতটিত কণ্ঠদান কৰাৰ ওপৰিও আন কেইবাটাও গীততো কণ্ঠদান কৰিছিল। তেখেতৰ গীত হিচাপে শেষৰ ফালৰ ৰচনা কেছেটটিত সন্নিৱিষ্ট হৈছিল আৰু কেছেটৰ নামকৰণো সেই গীতটিৰেই হৈছিল।

No comments:

Post a Comment