Friday, June 17, 2011

গালি পাৰোঁ, গালি খাওঁ আহক


আমাতকৈ বয়সত ডাঙৰ, কিন্তু অতি অন্তৰংগ এজন বন্ধু আছে, যি লগ পালেই এটা অদ্ভুত গালিৰে সম্বোধন কৰে। মোক বুলিয়েই নহয়, আমাৰ লগৰ সকলোকে। বিস্তৰ আমোদৰ খোৰাক যোগোৱা তেওঁৰ গালি তথা সম্বোধনবোৰ এনেকুৱা— 'হেপাটাইটিছে পোৱা', 'ফ্লৰ'চিছত মৰা', 'জোকাই নল'বি, ট্ৰেড চেণ্টাৰ ভগাদি ভাগিবি' আৰু এনেকুৱা ধৰণৰ।

বোধহয়, সময় আৰু পৰিৱেশৰ তাগিদাতে তেওঁৰ মুখৰ গালিবোৰে ৰূপ সলাইছে; কিন্তু ঠাঁচটো পুৰণি অসমীয়া গালিৰ চেহেৰাতে আছে। গালিয়ে ইতিমধ্যেই লোক-সংস্কৃতিৰ সমল ৰূপে স্বীকৃতি আদায় কৰিছে। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল— লোক-সংস্কৃতিৰ সমল ৰূপে দাবী কৰিব পৰা আমাৰ গালিবোৰ হেৰাবলৈ ধৰিছে। তাৰ বিপৰীতে কিছুমান বিজতৰীয়া অশ্লীল গালিয়ে আমাৰ মাজত উৰি আহি জুৰি বহিবলৈ আৰম্ভ কৰিছে। পুৰণি অসমীয়া গালিবিলাকত, অন্ততঃ আমি সৰু থাকোঁতে যিবিলাক
সণ্ঢালনিকৈ প্ৰচলিত আছিল, সেই বিলাকত অশ্লীলতাৰ লেশমাত্ৰ নাছিল।

আমি গালিৰ আদিপাঠ শুনিছিলো আমাৰ চুবুৰীয়া এগৰাকী বৃদ্ধাৰ মুখত। সেই বৃদ্ধাই খঙৰ ভমকত, জোকালে কৃত্ৰিম খঙত কিম্বা অতিশয় আনন্দত দিয়া গালিবোৰ এনে ধৰণৰ আছিল— 'মাউৰত মৰা/ মৰতী', 'নাউ নুমুওৱা', 'হাইজাত যোৱা', 'ৰাজ-বেমাৰত যোৱা', 'হতচিৰি হোৱা', 'জুই লগা', 'বাঘে খোৱা/ খাইতী', 'তললৈ যোৱা', 'সীয়নীত শোৱা' আদি। আন লোকৰ মুখত শুনা এই ধৰণৰ অন্য গালি কিছুমান হ'ল— 'ক'লা বেমাৰত যোৱা', 'ভৰ বয়সত মাদলী ফুটা', 'জহনীত যোৱা', ধনগুলৈয়ে পোৱা', কাণি-মুনিত যোৱা' আদি। এই বিলাকৰ বাহিৰে আমি কিছু বেয়া বুলি ভবা গালি এনে ধৰণৰ— 'খেকাৰ খোৱা', 'চুৱা খোৱা', হগা গু খোৱা', 'নৰকী/ নাৰকী', 'মেখেলাতলীয়া', 'বিতালী', 'বাৰেঘৰী', 'বনৰা/ বনৰী' আদি।

গুৱাহাটীৰ এখন মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীত নাম লগোৱাৰ পিছত হোষ্টেল জীৱনৰ দ্বিতীয় দিনা 'চিনাকি পৰ্ব'ত এজন জ্যোষ্ঠ আবাসীয়ে আমাক এটা অসমীয়া বাক্য ইংৰাজীলৈ মৌখিকভাৱে অনুবাদ কৰিবলৈ দিছিল আৰু আমিও সৰলভাৱে বাক্যটো অনুবাদ কৰি শুনাইছিলো। বাক্যটো শেষ হোৱাৰ লগে লগে আমাৰ ওপৰত কেউফালৰ পৰা গৰিহণা আৰু ধিক্কাৰ বৰ্ষিত হৈছিল, আমি হেনো এটা অত্যন্ত বেয়া কথা ক'লো। তেতিয়াএ একো বুজা নাছিলো (অসমীয়া বাক্যটোত দোষণীয় একো নাছিল, ইংৰাজী বাক্যটোৱে লোৱা ৰূপটোৰ সম্পৰ্কে আমি তেতিয়ালৈ অজ্ঞ আছিলো)। পাছত বাক্যটো ভাঙি-ছিঙি চাই এটা অৰ্থ উদ্ধাৰ কৰিছিলো আৰু গালিও যে ইমান অশালীন আৰু এটা পৱিত্ৰ সম্পৰ্কৰ প্ৰতি চুড়ান্ত অপমানসূচক হ'ব পাৰে, ভাবি শিয়ৰি উঠিছিলো। পাছলৈ হোষ্টেলৰ বহু আবাসীৰ মুখত সেই বাক্যটো শুনিছিলো।

প্ৰধানতঃ হিন্দীভাষীৰ মুখৰ পৰা অহা, এইমাত্ৰ কৈ অহা ধৰণৰ, মাতৃ-ভগ্নীৰ সৈতে যৌন সম্পৰ্কৰ ইংগিত বহনকাৰী, সভ্যতা-সংস্কৃতিৰ প্ৰতি চূড়ান্ত অপমানকৰ বহুবোৰ গালিয়ে (এনে ধৰণৰ গালিৰ বহুল প্ৰয়োগ 'বেণ্ডিত কুইন' নামৰ চিনেমাখনত আছে) আমাৰ আকাশ-বতাহ আজিকালি প্ৰদূষিত কৰি ৰাখিছে। এয়া জানো আমাৰ সংস্কৃতি? এইখন জানো আমাৰ সমাজ?

খঙৰ মুহূৰ্তত গালিৰ প্ৰয়োজন আছে বুলি আমি স্বীকাৰ কৰোঁ। দৰকাৰৰ সময়ত উপযুক্ত গালি বিচাৰি নোপোৱাত, বহুত পৰ খোনাই থাকি "তোৰ মূৰত নোম গজিব" বুলি গালি পৰা আমি নিজ কাণে শুনিছোঁ। ক'তা, সেই মুহূৰ্তত যাক গালি পৰা হৈছিল, তেওঁতো "এইটোনো গালি হ'লনে" বুলি হাঁহি দিয়া আমি শুনা নাছিলো। অৰ্থাৎ সিজনৰ যে প্ৰচণ্ড খং উঠিছিল, তেওঁ ঠিকেই বুজিছিল। দুগৰাকী তিৰোতা মানুহৰ কাজিয়াত, এগৰাকীয়ে "তই আজি ইমান হাগিবি, ইমান হাগিবি, পাচিয়ে পাচিয়ে পেলাইয়ো তৎ নাপাবি" বুলি পৰা গালিও শুনিছোঁ। অশ্লীলতা নোহোৱাকৈ, বিশেষ ধৰণৰ অভিশাপ নোহোৱাকৈ গালিৰ উদ্দেশ্য সফল হৈছিল।

গালিৰ বাবে অশ্লীলতা আৰু ওপৰত কৈ অহা ধৰণৰ অপমানজনক ইংগিতবোৰৰ খুবেই প্ৰয়োজন নে? ধৰি ল'লো, বৰ্তমান সময়ত পুৰণি অসমীয়া গালিবোৰ খাপ নাখায়; সময়ৰ লগত মিলাবলৈ লিখনিটোৰ প্ৰথমতে উল্লেখ কৰি অহা বন্ধুজনৰ দৰে কিছুমান নতুন অ-অশ্লীল গালি আমি সৃষ্টি কৰি ল'ব নোৱাৰোঁনে? হিন্দীভাষীৰ গালিবোৰ চলাই থাকিলে পাছৰ প্ৰজন্মকো তাৰ বাবে প্ৰলুব্ধ কৰা হ'ব আৰু আনৰ চকুত আমি এখন অতিপাত বেয়া সমাজৰ নাগৰিক ৰূপে পৰিগণিত হ'ম।

পুনশ্বঃ ওপৰত উল্লেখ কৰি অহা বন্ধুজনক শেহতীয়াকৈ লগ পাওঁতে আমাক সম্বোধন কৰিলে— "ঐ লাডেনৰ পো, ক'ত চৰিবলৈ যাৱ ফুলৰা?" এই 'ফুলৰা' শব্দটো আমি আগতে আন এজনী আইতাৰ মুখতো শুনিছোঁ। অৰ্থটো সম্পৰ্কে একো ধাৰণ কৰিব পৰা নাই যদিও অৰ্থটো যে অশ্লীল নহয়, সেই কথাত আমি এশ ভাগ নিশ্চিত।

পূৰ্ব প্ৰকাশঃ অসমীয়া খবৰ।

7 comments:

  1. bhukta bhugi - mane tene ekhan xhmajate bartaman baxh kori aso, etiya hindi galibor aru ashlil loga hoise, thanks , ami antata xhei badhu janar dare ladenor po galito international level ot gali rupe rupe use karibo paro,

    lekhato xhosai bhal lagil

    ReplyDelete
  2. এজাঊৰি দিওঁ নেকি.................!!!!!!!!!!!!

    ReplyDelete
  3. Borhia...Keep it up.

    Wish you were in twitter too. :)

    ReplyDelete
  4. ধন্যবাদ Syed M Raza। মাজে মাজে আহিব।

    ReplyDelete
  5. liked it...
    I'm here in ur program in tezpur university

    ReplyDelete