![]() |
মহাত্মা গান্ধী |
মহাত্মা গান্ধীৰ নেতৃত্বত গঢ়ি উঠা
ভাৰতৰ স্বাধীনতা সংগ্ৰামে অন্ততঃ দুটা ধাৰণাৰ ধ্ৰুৱকতাক পৰিস্ফুট কৰিছিল— অহিংসা আৰু
সত্যাগ্ৰহ। ভাৰতবৰ্ষত এই দুটা কোনো অৰ্বাচীন ধাৰণা নাছিল, কিন্তু গান্ধীজীৰ
পৰীক্ষা আৰু এষণাইহে দুয়োটা ধাৰণাৰ শক্তিক বিশ্বৰ আগত পতিয়নযোগ্যকৈ দাঙি ধৰিব
পাৰিছিল। গান্ধীজীৰ সমগ্ৰ চিন্তা-চৰ্চাক সত্যাগ্ৰহে (সত্যৰ প্ৰতি আগ্ৰহ) বিশেষভাৱে
প্ৰভাৱিত কৰিছিল। এই সত্যাগ্ৰহক এক সামগ্ৰিক ৰূপ দিয়াৰ বাবে তেখেতৰ চেষ্টা
অবিৰতভাৱে চলি আছিল। সামগ্ৰিকতাৰ প্ৰতি সচেতনতাই গান্ধীজীক কিছুমান বাস্তৱিক
পদক্ষেপ লোৱাটো অনুপ্ৰেৰিত কৰিছিল বুলি ধাৰণা কৰিব পাৰি। শুদ্ধ আচাৰ-বিচাৰ, সৎ আৰু নিকা হৈ থকাৰ
প্ৰয়াস, নিজৰ কাম নিজে কৰা, প্ৰয়োজনতকৈ অধিক নিবিচৰা— এই ধৰণৰ কৰ্মসূচীৰ প্ৰতীক হিচাপে এটা
সময়ত সমগ্ৰ ভাৰতজুৰি প্ৰকৃত গান্ধীবাদীসকলৰ দেহত শোভা কৰিবলৈ ধৰিলে নিজ হাতে সূতা
কাটি বোৱা খদ্দৰৰ ধূতী, কামিজ আৰু মূৰত 'গান্ধীটুপী'য়ে। গান্ধীজীৰ বাণীক মহামন্ত্ৰ হিচাপে নিজৰ হৃদয়ত
প্ৰোথিত কৰা সেইসকল অনুগামীয়ে জীৱনৰ অন্তিম দিম পৰ্যন্ত খদ্দৰৰ শুভ্ৰতা আৰু তাত নিহিত সত্যৰ প্ৰতি আগ্ৰহক ত্যাগ নকৰিলে। এতিয়াও নব্বৈৰ ঊৰ্ধ্বৰ যি দুই-এক সত্যাগ্ৰহী জীৱিত আছে, তেখেতসকলেও এই কদৰ্যময় পৰিৱেশৰ মাজতো সেই শুভ্ৰতা আৰু সত্যক খদ্দৰৰ মাজেৰে নীৰৱেই লালন কৰি গৈছে।
প্ৰোথিত কৰা সেইসকল অনুগামীয়ে জীৱনৰ অন্তিম দিম পৰ্যন্ত খদ্দৰৰ শুভ্ৰতা আৰু তাত নিহিত সত্যৰ প্ৰতি আগ্ৰহক ত্যাগ নকৰিলে। এতিয়াও নব্বৈৰ ঊৰ্ধ্বৰ যি দুই-এক সত্যাগ্ৰহী জীৱিত আছে, তেখেতসকলেও এই কদৰ্যময় পৰিৱেশৰ মাজতো সেই শুভ্ৰতা আৰু সত্যক খদ্দৰৰ মাজেৰে নীৰৱেই লালন কৰি গৈছে।
![]() |
Source: http://www.jsrschools.com |
ভাৰত স্বাধীন হ'ল। ইংৰাজ গ'ল; কিন্তু লাহে লাহে
ঘৰশত্ৰু ভাৰতীয়য়েই ভাৰতীয়ৰ ওপৰত শোষণকাৰী ৰূপে আৱিৰ্ভূত হ'ল। ইংৰাজ আছিল দেখা-শুনা শত্ৰু, কিন্তু এই সকল নিজ
দেশৰ নাগৰিকৰে তেজ শোহা গুপ্ত শত্ৰু। "ৰাইজৰ তই সেৱা চুৰ
কৰি বঢ়াব খুজিছ বল/ তোৰ মিছা হ'ব কৌশল" বুলি কবিয়ে সকীয়নী দিলেও কিন্তু এইসকলৰ তেজ বাঢ়িয়েই থাকিল। ৰাইজৰ ধন
চুৰ কৰি নিজৰ পেট আৰু চুইছ বেংক গেৰেলা কৰা এইসকল দেশদ্ৰোহীৰ মূৰত কিন্তু
গান্ধীজীৰ আদৰ্শক ব্যংগ কৰি জিলিকি থাকিল গান্ধীটুপী ! সময় এনেকুৱা হ'ল— নাটক বা কাৰ্টুনত
দুৰ্নীতিগ্ৰস্ত মন্ত্ৰী-এমেলেৰ ৰূপটোক দৰ্শকৰ চকুত বিশ্বাসযোগ্য কৰি তুলিবলৈ এটা
গান্ধীটুপী পিন্ধাই দিয়া হ'ল। অত্যন্ত দুঃখদায়ক কথাটো হ'ল— এক নিকা আৰু শুদ্ধ ভাবমূৰ্তিৰ প্ৰতীক
গান্ধীটুপী ক্ৰমশঃ পৰ্যৱসিত হ'ল দুৰ্নীতিগ্ৰস্ততা আৰু দগাবাজীৰ প্ৰতীকলৈ।
![]() |
আন্না হাজাৰে |
সময়ে সময়ে শুভ বোধসম্পন্ন কিছু
ব্যক্তিয়ে এই দগাবাজহঁতক নাকী লগাবলৈ এখন আইনৰ পোষকতা কৰি আহিছিল যদিও নিজৰ সান্দহ
খোৱা বালি তল যোৱাৰ আশংকাত দুৰ্নীতিগ্ৰস্ত দেশদ্ৰোহীহঁতে ইয়াক আজিকোপতি হৈ উঠিবলৈ
দিয়া নাই। লাখ-কোটিৰ ঘৰৰ কেলেংকাৰীয়ে ভাৰতৰ আত্মাকে জোঁকাৰি যোৱাৰ সময়তে
ভ্ৰষ্টাচাৰবিহীন এক ভাৰতৰ কল্পনাৰে এখন শক্তিশালী জন লোকপাল বিধেয়কৰ দাবীত অনশনত
বহিল প্ৰৱীণ গান্ধীবাদী কিচান বাবুৰাও হাজাৰে (আন্না হাজাৰে)। আন্না হাজাৰেৰ কণ্ঠত আজি ভাৰতৰ সাধাৰণ আৰু পীড়িত জনতাই নিজৰ কণ্ঠক
বিচাৰি পাইছে। গান্ধীজীৰ অহিংসা আৰু সত্যাগ্ৰহৰ ধাৰণাক সাৰথি কৰা আন্না হাজাৰেৰ
দুৰ্নীতিবিৰোধী সংগ্ৰাম আজি ভাৰতবৰ্ষৰ দ্বিতীয় স্বাধীনতা সংগ্ৰাম হিচাপেও অভিহিত
হৈছে। স্বতঃস্ফুৰ্তভাৱে দেশৰ অগণিত জনতাই এই সংগ্ৰামত নিজকে জড়িত কৰিছে।
তাৎপৰ্যপূৰ্ণভাৱে, খদ্দৰৰ বস্ত্ৰ নিপিন্ধিলেও এই সকলৰ বহুতৰে মূৰত শোভা বৰ্ধন
কৰিছে গান্ধীটুপীয়ে; হঠাতে যেন গান্ধীটুপীয়ে নিজৰ হৃত মৰ্যাদা ঘূৰাই পালে !
গান্ধীটুপী এই মুহূৰ্তত হৈ পৰিছে দুৰ্নীতি-বিৰোধিতাৰ প্ৰতীক।
কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ,
অসমৰ পৰা গুজৰাটলৈ এই সকলে গান্ধীটুপী পৰিধান কৰি যেন ক’ব বিচাৰিছে— মই দুৰ্নীতিৰ
বিৰুদ্ধে; ক’ব বিচাৰিছে নহয়, কৈছেই— ইয়েছ, আই এম এগেইনষ্ট কৰাপ্চন!
![]() |
Source: http://www.thehindubusinessline.com |
No comments:
Post a Comment