
৬৭ বছৰীয়া স্বাধীনতাৰ ভগা-ছিগাবোৰ বাটিবলৈ
এলান্ধু-কলীয়া গাৰ ৰং পোহৰ কৰিবলৈ
কংগ্ৰেছ নামৰ শেলুৱৈ, বিজেপি নামৰ ধৰ্মান্ধতা আৰু উন্মাদনা
বাগাড়ম্বৰ আৰু ছলাহী কথাৰ ফুলজাৰিৰ আধাপোৰা আৱৰ্জনা
সাৰি-মচি চিকুণাবলৈ স্বাধীনতা
৬৭ডাল কাঠীৰ এডাল বাঢ়নীয়েই লাগে চাগে কেজৰিৱাল?
অকণমান সততা, অকণমান নিষ্ঠাৰ ফিৰিঙতি দেখি
কৰ্পোৰেটৰ উদৰত জীণ নোযোৱা দুচকুৰ দীপ্তি দেখি
গৰম তেলৰ পৰা জুইত পৰা অজলা জনগণৰ
সেয়েহে চাগে ইমান উছাহ আৰু ওপচাই দিয়া শুভেচ্ছা
স্বাধীনতাৰ নাযায়-নুপুৱাই যেন লগা ৬৭ বছৰত
৬৭জনীয়া নিৰংকুশ সংখ্যাগৰিষ্ঠতা আপোনাক কেজৰিৱাল?
সাৰক-মচক জাবৰ বুলি, নিকা কৰক মন বুলি
উন্নত কৰক জীৱন বুলি, ছিঙি পেলাওক শিকলি বুলি
প্ৰকৃতাৰ্থত স্বাধীন হওক স্বাধীনতা বুলি
কংগ্ৰেছে অনা স্বাধীনতাৰ গৌৰৱ অক্ষুণ্ম ৰাখিবলৈকে
কংগ্ৰেছমুক্ত কৰাটো প্ৰয়োজনীয় কাৰণেই চাগে
৬৭খন হাতত আপোনাৰ ৰাইজৰ অক্ষয় নিৰ্মালি কেজৰিৱাল?
লংকালৈ গৈ ৰাৱন হোৱাৰ কথা নাভাবিব
জনতাৰ আবেগ ধানখেৰৰ জুই বুলি নাভাবিব
নহ'লে দুহাতত আশীৰ্বাদৰ সাতোৰঙী নিৰ্মালি লোৱা
ৰাইজৰ সহস্ৰ হাতে আপোনাৰেই বাঢ়নীটাৰ ল'বলৈ
পিছ নুহুঁহকিব আৰু আপোনাকো চাগে অকাতৰে
যমুনাৰ পানীতে বিসৰ্জন দি আহিব কেজৰিৱাল?
দেশ আগত-ৰাইজ আগত বোলা সৎ পথ আৰু শপত
মই কি কৈছিলো-মই কি কৰিছোঁ বোলা দায় আৰু দায়িত্ব
সোঁৱৰাই থাকিবলৈ অহৰহ নিভৃতে অভিন্ন বন্ধুৰ দৰে
বিবৰ্ণ হ'লেও উমাল, ঘৰুৱা আৰু চিনাকি গোন্ধৰ
সততাৰ এডাল আন্তৰিক মাফলাৰ ডিঙিত
সেয়েহে লাগেও চাগে কেজৰিৱাল?
#AAP #AravindKejriwal
No comments:
Post a Comment