Thursday, March 01, 2012

তুমি থকা চহৰত


এদিন তুমি থকা চহৰত মই বাট বুলিম
মুখামুখি হোৱা অচিনাকি জনকো মাত লগাম
—ভালনে আপোনাৰ?
বাছষ্টেণ্ডৰ চুকৰ দোকানীজনৰ পৰা
এখন তামোল কিনিম
ঈষৎ মলিয়ন পাঁচটকীয়াটো দি ক'ম
—মোৰ হ'লে বেলেগ খুচুৰা টকা নাই!
দোকানীজনে হয়তো ক'ব— কিয়নো চিন্তা কৰিছে?
আৰু হঠাৎ মই দেখাৰ আগতেই
তোমাৰ মাত শুনিম— আহক!


আহক! কলৈ যাম কলৈ যাম মই?
—আপোনাক মোৰ চহৰ ফুৰাম
মোৰ শুৱনি চহৰৰ অলি-গলি অফিছ বজাৰ
আৰু দেখুৱাম মানুহ।
তোমাৰ গৰ্বিত চহৰেৰে বাট বুলি
এসময়ত তোমাৰ ঘৰ পাম
তুমি বাট দেখুৱাই নিবা
পুৰাতন ঐতিহ্যবাহী কিন্তু প্ৰাণ-প্ৰাচুৰ্যৰে উচ্ছল
তোমাৰ চ'ৰাঘৰত উপস্থিত কৰি
তুমি ক'বা— বহক।




বহক? ক'ত বহিম ক'ত বা বহিম?
—আচলতে আপোনাক হৃদয়তে বহুৱাইছোঁ
কিন্তু এই যে মোক শৰীৰ আৰু
সত্তা দিয়া মানুহ দুজন,
মোৰ সহোদৰ আৰু সুহৃদ,
তেওঁলোকক চিনাই দিয়াৰ বাবে বাৰে বাৰে
মোকলাবতো নোৱাৰোঁ হৃদয়ৰ দুৱাৰ, সেয়ে
আপাততঃ চোফাতে বহক।
বহিম আৰু হৃদয়ঙ্গম কৰিব খুজিম
ঘৰময় পোহৰৰ ঐতিহাসিক প্ৰাণ-চাঞ্চল্য।


প্ৰাণ-চাঞ্চল্য? ক'ত ক'ত সেই মহাৰ্ঘ্য?
সেয়া, সেয়াচোন দুৱাৰৰ চেপত তোমাৰ শৈশৱ
পঢ়া টেবুলত বিদ্যাপাতৰ কৈশোৰ
আৰু খিৰিকী কাষত স্নিগ্ধ যৌৱন।
তোমাৰ শৈশৱ কৈশোৰ যৌৱনৰ একোটা টোপাল
উশাহত টানি ল'ম, তোমাৰ সৈতে এটা পল
একেলগে জীম, এটা জীৱন উদযাপনৰ সপোন দেখিম
মহুৱাৰ দৰে সুতীব্ৰ নিচাত
মাতাল হৈ যাম মাতাল হৈ যাম
আৰু নতজানু হৈ তুমি থকা চহৰক প্ৰণাম জনাম।


প্ৰণাম? প্ৰণাম কিহৰ বাবে?
—হে ঐহিহ্যমণ্ডিত আৰু গৰ্বিত চহৰ
আপুনি মোৰ সপোনক শৰীৰ দিছে
উশাহ দিছে, দুচকুত মায়া দিছে
মানুহক মানুহ বুলিবলৈ, আন্তৰিক দুহাত চিনিবলৈ
হৃদয়ত প্ৰেম দিছে আৰু মোক দিছে প্ৰশ্ৰয়।
—চহৰে চহৰেই আছে প্ৰেম আৰু প্ৰত্যয়
চিনিবলৈ আৰু বুটলি ল'বলৈয়েতো বুকুৱে বুকুৱে হৃদয়!
—আপোনাৰ বুকুতে বুটলিছোঁ আস্থা-বিশ্বাসৰ পোৱালমণি
আপোনাক প্ৰণাম, হে বিৰাট মঙ্গলময় চহৰ।

No comments:

Post a Comment