বৰাহ আৰু অভ্ৰ কিব'ৰ্ড স্থাপন (installation) আৰু টাইপিং পদ্ধতি

Windows XP-ত অসমীয়া লিখিবৰ বাবে আপোনাক এটা সৰু আহিলাৰ প্রয়োজন হ'ব। আপোনাৰ অপাৰেটিং চিষ্টেম যদি Windows Vista বা Windows 7, তেনেহ'লে অসমীয়া লিখিব পৰা উপায় আপোনাৰ কম্পিউটাৰতে আছে। কিন্তু তাত কেইটামান সীমাৱদ্ধতা আছে, বিশেষকৈ 'ৎ' আখৰটো তাত নাই। সেয়েহে মই ব্যক্তিগতভাৱে এই আটাইকেইটা অপাৰেটিং চিষ্টেমতে এটা আহিলা ব্যৱহাৰ কৰিবৰ বাবে পৰামৰ্শ দিওঁ।

এতিয়া কথা হ'ল, কি আহিলা ব্যৱহাৰ কৰিম? ভাৰতীয় ইউনিক'ড (Indic Unicode) লিখিবৰ বাবে কেইবাটাও আহিলা পোৱা যায়। ইয়াৰ ভিতৰত 'বৰাহ' (Baraha) আৰু 'অভ্র কিব'ৰ্ড' (Avro Keyboard) উল্লেখযোগ্য। ইয়াৰ বাহিৰেও GIST-OT-TypingTool, পূবেৰুণ আদি ব্যৱহাৰ কৰিব পাৰি।

তলত বৰাহ আৰু অভ্ৰৰ স্থাপন আৰু টাইপিং পদ্ধতি আলোচনা কৰা হৈছে, যিকোনো এটা স্থাপন কৰি ল'লেই হ'ল। যদি আপোনাৰ আগতে ৰামধেনু, লিপঅফিছ, আক্ৰুতি আদি ব্যৱহাৰ কৰাৰ অভিজ্ঞতা আছে, তেনেহ'লে আপুনি বৰাহ পদ্ধতি চোৱাৰ প্ৰয়োজনেই নাই, পোনে পোনে অভ্ৰ স্থাপন পদ্ধতিলৈ (২ নম্বৰত) যাব পাৰে।

 ১. বৰাহ
প্রথমে আপুনি বৰাহ ছফটৱেৰৰ বিনামূলীয়া সংস্কৰণটি ডাউনলোড কৰক ইয়াৰ পৰা। .exe ফাইলটো ডাউনলোড হোৱাৰ পিছত আপোনাৰ কম্পিউটাৰত স্থাপন (install) কৰক। স্থাপন প্ৰক্ৰিয়াৰ শেষত বৰাহ পেড নিজে নিজে খোল খাই যাব আৰু আপোনাক ভাষা নিৰ্বাচন কৰিবলৈ দিব। অসমীয়া (Assamese) নিৰ্বাচন কৰক।


এতিয়া আপুনি খোল খাই যোৱা উইণ্ডসমূহ বন্ধ কৰি দিব পাৰে। সফলভাৱে স্থাপন হোৱাৰ পাছত আপোনাৰ ডেস্কটপত তিনিটা আইকন দেখা পাব— Baraha, BarahaIME আৰু BarahaPad। আমাক মূলতঃ BarahaIME আইকনটোৰ প্ৰয়োজন হ’ব।
এই আইকনটোত দুবাৰ ক্লিক কৰিলে বৰাহ সক্ৰিয় হ’ব আৰু আপোনাৰ ছিষ্টেম ট্ৰেত এটা সৰু আইকন দেখা পাব, য’ত লিখা থাকিব EN (মানে English)। এতিয়া কিব’ৰ্ডত থকা F11 ছাবিটো এবাৰ টিপি দিলে এই আইকনটোৰ আখৰকেইটা EN-অৰ পৰা AS
(মানে Assamese)-অলৈ পৰিৱৰ্তিত হ’ব। আগতে কোৱা ভাষা নিৰ্বাচন সঠিক নহ’লে বা কেতিয়াবা আন কাৰণতো AS নহৈ KN (মানে Kannada) হ’ব পাৰে। তেতিয়া সেই আইকনটোত মাউচৰ সোঁফালৰ ক্লিক (ৰাইট ক্লিক) কৰিলে এখন মেনু খোল খাব আৰু তাৰ Language স্থানলৈ কৈ ভাষা Assamese কৰি ল’ব লাগিব। এতিয়া এটা কথা পৰিষ্কাৰ হ’ল যে বৰাহত ভাষা পৰিৱৰ্তনৰ বাবে আমাক F11 ছাবিটোৰ বিশেষ প্ৰয়োজন হ’ব।

এতিয়া প্ৰশ্ন হ’ল, কি পদ্ধতি ব্যৱহাৰ কৰি আমি অসমীয়া লিখিম? বৰাহ ব্যৱহাৰ কৰি তিনি প্ৰকাৰে লিখিব পাৰি— ক. ফনেটিক (Phonetic), খ. বৰাহকিব’ৰ্ড (Brhkbd) আৰু গ. ইনস্ক্ৰিপ্ত (Inscript)।

>ক. ফনেটিক পদ্ধতিঃ এই পদ্ধতিত বিশেষ কোনো কিব’ৰ্ড সজ্জা মনত ৰখাৰ প্ৰয়োজন নহয়। ইংৰাজী আখৰ ব্যৱহাৰ কৰি যেনেকৈ অসমীয়া লিখা হয়, তেনেকৈয়ে (দুটামান ব্যতিক্ৰম বাদে) লিখিব পাৰি (সম্পূৰ্ণ বৰ্ণ আৰু ‘কাৰ’ৰ তালিকা একেবাৰে তলত চাওক।)। যেনে, ‘অসমীয়া’ লিখিবৰ বাবে “asamIyA” লিখিলেই হয়।

খ. বৰাহকিব’ৰ্ডঃ এই পদ্ধতিৰে লিখাৰ বিষয়ে আমি আলচ নকৰোঁ।

গ. ইনস্ক্ৰিপ্তঃ ভাৰত চৰকাৰে ভাৰতীয় ভাষাসমূহৰ বাবে অনুমোদন কৰা কিব’ৰ্ড সজ্জা (keyboard layout) হ’ল ইনস্ক্ৰিপ্ত। এই পদ্ধতি ব্যৱহাৰ কৰিবৰ বাবে ইংৰাজী কিব’ৰ্ডৰ কোন ঠাইত অসমীয়া কি আখৰ আছে তাক জনাৰ প্ৰয়োজন হয়। কিন্তু ইয়াৰ বিশেষ উপযোগিতা হ’ল, এই কিব'ৰ্ডখন আয়ত্ব হ'লে 'ৰামধেনু', 'লিপঅফিছ', 'আকৃতি' আদি আহিলাও অতি সহজে ব্যৱহাৰ কৰিব পৰা হ'ব। ইনস্ক্ৰিপ্ত কিব’ৰ্ডৰ সজ্জা পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰা অভ্ৰ কিব’ৰ্ডৰ বাবে তৈয়াৰ কৰা ‘বৰ্ণমালা’ কিব’ৰ্ডৰ সৈতে প্ৰায় একে (দুই-এটা ব্যতিক্ৰম)।

এতিয়া আপুনি ব্যৱহাৰ কৰিব বিচৰা পদ্ধতিটো সক্ৰিয় কৰিবৰ বাবে ছিষ্টেম ট্ৰেত থকা সৰু আইকনটোত ৰাইট ক্লিক কৰক আৰু খোল খোৱা মেনুখনৰ Keyboard ঠাইলৈ মাউচ কাৰ্চৰডাল লৈ যাওক; এখন উপ মেনু খোল খাব আৰু তাৰ পৰা আপোনাৰ প্ৰয়োজনীয় পদ্ধতিত ক্লিক কৰিলে সেই পদ্ধতি সক্ৰিয় হ’ব।
এতিয়া আপুনি যিকোনো প্ৰগ্ৰেম (এমএছ ৱৰ্ড, এক্সেল), ইণ্টাৰনেট, ই-মেইল, ফেচবুক আদিত অসমীয়া লিখিব পাৰিব।

 ২. অভ্ৰ কিব'ৰ্ড

প্রথমে আপুনি অভ্র কিব'ৰ্ড (বিনামূলীয়া) ডাউনলোড কৰক ইয়াৰ পৰা। ডাউনলোড কৰাৰ পিছত আপুনি সাধাৰণভাৱে ইয়াক আপোনাৰ কম্পিউটাৰত স্থাপন (install) কৰক। স্থাপন প্রক্রিয়াৰ এটা মুহূৰ্তত আপোনাক অসমীয়া নে বাংলা বুলি প্রশ্ন সুধিব, আপুনি "অসমীয়া" নিৰ্বাচন কৰক। সফলভাৱে স্থাপন হোৱাৰ পিছত আপুনি আপোনাৰ কম্পিউটাৰৰ সোঁফালে ওপৰৰ চুকত অভ্রৰ বাৰ এডাল দেখা পাব। অসমীয়া লিখিবৰ বাবে F12 ছাবিটো টিপি ইয়াক সক্রিয় কৰিব পাৰি। আকৌ অসমীয়াৰ পৰা ইংৰাজীলৈ যাবলৈ হ'লেও F12 ছাবিয়েই টিপি দিব লাগে ("অসমীয়া" বুলি নেদেখুৱায়, "বাংলা" বুলি দেখুৱাব, চিন্তা কৰিব নালাগে, অসমীয়াই লেখা যাব)। কথা হ'ল, কম্পিউটাৰৰ কোনটো ছাবি (key) টিপিলে অসমীয়া কোনটো আখৰ
লেখা যাব? দুই প্রকাৰে লেখা যাব পাৰে। অভ্র বাৰডালৰ য'ত "বাংলা" বা "English" বুলি লিখা আছে, তাৰ তলত থকা নিম্নমুখী কাঁড়ডালত ক্লিক কৰিলে এখন মেনু খোল খাব। তাত উপলব্ধ কিব'ৰ্ড লেআউটসমূহ দেখা পাব। একেবাৰে ওপৰত Avro Phonetic বুলি দেখা পাব। এইটো নিৰ্বাচন কৰি ইংৰাজী আখৰৰ মতে অসমীয়া লিখিব পাৰে, কিন্তু কামটো কষ্টকৰ আৰু অসমীয়া 'ৰ' আৰু 'ৱ' লিখিবৰ বাবে মাউচ ব্যৱহাৰ কৰিব লগা হয়। তাৰ তলত থকা কিব'ৰ্ড লেআউটসমূহো আয়ত্ব কৰি লৈ লিখিব পাৰি, কিন্তু এই সকলোবোৰ লেআউট বাংলাদেশত তৈয়াৰ হোৱা হেতুকে আমাৰ বাবে উপযোগী নহয়। সেয়েহে মই ভাৰতীয় সকলোবোৰ ভাষাৰ বাবে স্বীকৃত ইনস্ক্রিপ্ট (inscript) কিব'ৰ্ড ব্যৱহাৰ কৰাৰ বাবে পৰামৰ্শ দিওঁ। এই কিব'ৰ্ডখন আয়ত্ব হ'লে 'ৰামধেনু', 'লিপঅফিছ', 'আকৃতি' আদি আহিলাও অতি সহজে ব্যৱহাৰ কৰিব পৰা হ'ব।
কিন্তু সমস্যা হ'ল, অভ্রত ইনিস্ক্রপ্ট কিব'ৰ্ড দিয়া হোৱা নাই। এই সমস্যা দূৰ কৰিবৰ বাবে অভ্রৰ কিব'ৰ্ড লেআউট এডিটৰ ব্যৱহাৰ কৰি এখন ইনস্ক্রিপ্ট কিব'ৰ্ড তৈয়াৰ কৰি উলিওৱা হৈছে। এই কিব'ৰ্ড ফাইলটো ইয়াৰ পৰা ডাউনলোড কৰক। এই কিব'ৰ্ড লেআউটটো অভ্ৰৰ অফিচিয়েল ৱেবচাইতৰ পৰাও ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰা জিপ আৰ্কাইভটো প্রথমে আনজিপ কৰক আৰু 'Barnamala.avrolayout' ফাইলটো কপি কৰক আৰু ইয়ালৈ যাওকঃ C:\Program Files\Avro Keyboard\Keyboard Layouts আৰু ইয়াত ফাইলটো পেষ্ট কৰক। পেষ্ট কৰাৰ পাছত ফাইলটোত ডবল ক্লিক কৰক। ইয়ে লেআউটটো আপোনাৰ কম্পিউটাৰত স্থাপন কৰিব। এতিয়া তাৰ পৰা ওলাই আহক আৰু ডেস্কটপত থকা অভ্র বাৰৰ বন্ধ কৰা বাটনত (।) টিপি প্রগ্ৰামটো বন্ধ কৰক (exit)। এবাৰ কম্পিউটাৰটো বন্ধ কৰি পুনৰ আৰম্ভ কৰিব পাৰে।

নতুনকৈ আৰম্ভ কৰাৰ পাছত অভ্রবাৰৰ কিব'ৰ্ড লেআউট শিতানত নতুনকৈ স্থাপন কৰা লেআউটটো (Barnamala) দেখা পাব। তাত ক্লিক কৰি Barnamala নিৰ্বাচন কৰক। এতিয়া তাৰ কাষৰ (সোঁফালৰ) বাটনটোত ক্লিক কৰিলে কিব'ৰ্ড লেআউটটো (অৰ্থাৎ কোনটো আখৰ ক'ত আছে) দেখা পাব। এই ছবিখন উলিয়াই লৈয়ো আপুনি লিখিব পাৰে। দুদিনমান অভ্যাস কৰাৰ পাছত ভালকৈয়ে লিখিব পাৰিব বুলি আশা কৰোঁ। আধুনিক টাইপিং পদ্ধতি মতে আখৰটো টাইপ কৰাৰ পাছত 'কাৰ' যোগ দিব লাগে। মানে 'আমি' লিখিবলৈ হ'লে— আ (shift E)+ম (c)+ি (f), এনেকৈ লিখিব লাগে। অৱশ্যে পুৰণা ধৰণেও অভ্রত লিখিব পাৰি। তাৰ বাবে অভ্রৰ ছেটিঙলৈ গৈ অকমান সাল-সলনিটো কৰি ল'ব লাগে।

বৰাহ বা অভ্রৰ সহায়ত MS Word, Excel আদি সকলোতে লিখিব পাৰি। বৰ্তমান প্রায় সকলোবোৰ ছফ্টৱেৰেই ইউনিক'ড সমৰ্থন কৰে। অৱশ্যে এডবে (Adobe)ৰ উৎপাদনবিলাকত (PageMaker, Photoshop) এতিয়াও ইণ্ডিক ইউনিক'ডৰ সমৰ্থন দিয়া হোৱা নাই।

 বৰাহ (ফনেটিক)ত অসমীয়া বৰ্ণসমূহ

অ=a আ=A,aa ই=i ঈ=I,ee উ=u ঊ=U,oo ঋ=Ru
ৠ=RU এ=e,E ঐ=ai,oi ও=o,O ঔ=au,ou ক=k খ=K,kh
গ=g ঘ=G,gh ঙ=~g চ=c,ch ছ=C,Ch জ=j ঝ=J,jh
ঞ=~j ট=T ঠ=Th ড=D ঢ=Dh ণ=N ত=t
থ=th দ=d ধ=dh ন=n প=p ফ=P,ph ব=b
ভ=B,bh ম=m য=Y য়=y,Yx  ৰ=r ল=l,L ৱ=v,w
শ=S,sh ষ=Sh স=s হ=h,~h ক্ষ=kSh ত্‍ =t^ ড়=Dx
ঢ়=Dhx ◌ঁ=~M ◌ং=M ◌ঃ=H হলন্ত=()^^ Zero Width Joiner=^ Zero Width Non Joiner=^^



4 comments:

  1. টাইপিং পদ্ধতি সুন্দৰকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ।

    ReplyDelete
    Replies
    1. স্বাগতম amlansarma। এই বিষয়ত কিবা অসুবিধা পালে, আমাক জনালে আমি পৰাখিনি সহায় কৰিবলৈ প্ৰস্তুত। ব্লগটো পৰিদৰ্শন কৰা বাবে আপোনাক ধন্যবাদ।

      Delete
    2. মোৰ লেপটপত ভাষা ইণ্ডিয়াৰ চাইটৰ পৰা অসমীয়া লিখাৰ সঁজুলী অভ্ৰ' চেটাপ টো ল'লো । কিন্তু এতিয়া অন লাইন অসমীয়া লিখিব নোৱাৰা হলো । কি কৰো বাৰো! লেপটপত অনলাইন চালে অসমীয়া আখৰবোৰ বাকচ বাকচ দেখা যায় ।

      Delete
  2. Arnav Jyoti Mahanta, আপুনি ব্ৰাউজাৰ Google Chrome ব্যৱহাৰ কৰে নেকি? Firefox ব্যৱহাৰ কৰি চাওকচোন

    ReplyDelete