Friday, October 23, 2015

অনলাইন বজাৰ আৰু কেশ্ববেক



আপোনাৰ অনলাইন বজাৰ কৰাৰ অভ্যাস আছেনে? যদি নাই, তেনেহ’লে আপুনি তলৰ কথাখিনি পঢ়া উচিত। যদি আছে, তেনেহ’লে ইতিমধ্যে আপুনি দুটা কথা উপলব্ধি কৰিছে—

১. অনলাইন বজাৰ কৰা যথেষ্ট লাভজনক। অৰ্থাৎ যথেষ্ট প্ৰতিযোগিতামূলক দামত সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা পোৱা যায়। উদাহৰণ স্বৰূপে, প্ৰায় সকলোবোৰ সামগ্ৰীয়েই ছপা মূল্যতকৈ কম মূল্যত অনলাইন বজাৰত পোৱা যায়। এই ক্ষেত্ৰত কেইবাটাও চাইটত একেটা বস্তু বিচাৰি চোৱাৰ আপোনাৰ আগ্ৰহ আৰু ধৈৰ্যই আপোনাক যথেষ্ট উপকৃত কৰিব পাৰে। এটা ব্যক্তিগত উদাহৰণ আগবঢ়াইছোঁ।


কাষৰ ছবিত দেখুওৱা কিতাপখনৰ ছপা মূল্য ৫০০.০০ টকা (হাৰ্ড কভাৰ)। মই
কিনাৰ সময়ত ফ্লিপকাৰ্ট (flipkart.com)ত কিতাপখন বিক্ৰী কৰিছিল ২৩৪.০০ টকাত (ডাকখৰছ ৬০.০০ টকা), এমাজন (amazon.in)ত ৩২৫.০০ টকাত, পে’টিএম (paytm.com)ত ৩২৫.০০ টকাত (ডাকখৰছ ৫০.০০ টকা) আৰু স্নেপডিলত ৪৫০.০০ টকাত। মই সন্ধান অব্যাহত ৰাখিলো আৰু ইবে’ (ebay.in)ত কিতাপখন পালো ১৭৫.০০ টকাত; ডাকখৰচ বিনামূলীয়া। এতিয়া কওক, মোৰ সন্ধানৰ আগ্ৰহ আৰু ধৈৰ্যই মোক লাভান্বিত কৰিলে নে নাই? সেইদৰে অন্যান্য সামগ্ৰীও (ইলেকট্ৰনিক সামগ্ৰীকে ধৰি) স্থানীয় বজাৰতকৈ কম মূল্যত অনলাইন বজাৰত পোৱা যায়।

২. স্থানীয় বজাৰত সহজে উপলব্ধ নোহোৱা সামগ্ৰী অনলাইন বজাৰত সহজে পোৱা যায়। ধৰক, আপোনাৰ স্মাৰ্ট ফোনটোৰ বাবে এডাল অটিজি কেৱল (OTG Cable)ৰ প্ৰয়োজন হ’ল। নগাঁও-তেজপুৰ-যোৰহাটৰ বজাৰত থিতাতে সামগ্ৰীবিধ বিচাৰি নাপায়। চিন্তাৰ কাৰণ নাই, অনলাইন বজাৰত সন্ধান কৰক— খাটাং পাব। আপোনাৰ ফোনৰ বাবে টেম্পাৰড গ্লাছ স্ক্ৰীন প্ৰটেক্টৰ এখন স্থানীয়ভাৱে পোৱা নাই? অনলাইন বজাৰত পাব। আজিকালি এনেকুৱা কিছুমান সামগ্ৰী,— বিশেষকৈ ইলেকট্ৰনিক সামগ্ৰী— যিবোৰ উৎপাদকে কেৱল অনলাইন বজাৰতহে বিক্ৰীৰ বাবে উলিয়াই দিয়ে। উদাহৰণ স্বৰূপে, জিয়াওমি কোম্পানীৰ স্মাৰ্ট ফোন আৰু টেবলেট ভাৰতত কেৱল অনলাইন বজাৰতহে উপলব্ধ। সেই দৰে ৱান প্লাছৰ ফোনৰ কথা ক’ব পাৰি। এনেকুৱা উদাহৰণ আৰু বহুত আছে।

ওপৰঞ্চি—
৩. স্থানীয় বজাৰৰ পৰা সামগ্ৰী কঢ়িয়াই অনাৰ কষ্টও নাই, কাৰণ অনলাইন বজাৰৰ সামগ্ৰী ডাকোৱালে আপোনৰ ঘৰৰ দুৱাৰ মুখতে দি যায়।

ওপৰত কোৱা ‘বিচৰাৰ আগ্ৰহ আৰু ধৈৰ্য’ৰ উপৰিও আৰু দুটামান কাৰকে আপোনাৰ অনলাইন বজাৰ কৰাৰ ইচ্ছাক অধিক যুক্তিযুক্ত আৰু লাভজনক কৰি তুলিব পাৰে। কি সেয়া?

ক. বিশেষ অফাৰ:
বিভিন্ন উপলক্ষ্যত (যেনে— স্বাধীনতা দিৱস, দুৰ্গা পূজা, দেৱালী, নৱবৰ্ষৰ প্ৰাক মুহূৰ্ত) ৱেবচাইটবিলাকে বিশেষ সুবিধা (deal) আৰু ৰেহাই ঘোষণা কৰে। তেনে সময়ত বজাৰ কৰাটো অধিক লাভজনক হৈ পৰে।

খ. কুপন:
কিছুমান বিশেষ কুপন কোড চাইটবিলাকে প্ৰায় সকলো সময়তে আগবঢ়ায়। সেই কোডবিলাক প্ৰয়োগ কৰাৰ লগে লগে কুপনৰ নিৰিখ অনুযায়ী সামগ্ৰীবিধৰ দাম কমি যায়। সাধাৰণতে ৭.৫ শতাংশৰ পৰা ১৫ শতাংশমানলৈ দাম কম কৰা কুপন পোৱা যায়। সাম্প্ৰতিক সময়ত বিভিন্ন চাইটত কি কি কুপন প্ৰয়োগ কৰিব পাৰি, সেই বিষয়ে খবৰ জনোৱা কিছুমান বিশেষ ৱেবচাইট আছে। উদাহৰণ হিচাপে— কুপন দুনীয়া (coupondunia.com), কুপন ৰাজা (couponraja.com), কুপন ইণ্ডিয়া (couponindia.in) আদি।

গ. ৱালেট অফাৰ:
ক্ৰেডিট/ ডেবিট কাৰ্ড, নেটবেংকিং আদিৰ উপৰি অনলাইন বজাৰত পইছা আদায় দিয়াৰ অন্যতম উপায় হ’ল বিভিন্ন প্ৰতিষ্ঠানে আগবঢ়োৱা ৱালেট সেৱা। কেইটামান জনপ্ৰিয় ৱালেট হ’ল — পে’টিএম (paytm.com), মবিকুইক (mobikwik.com), পকেটচ্ (আই চি আই চি আই বেংকৰ এণ্ড্ৰইড এপ) (Pockets, Android app by ICICI Bank), অক্সিজেন (Oxigen Wallet), চাইট্ৰাচ (Citrus Wallet) আদি। এই ৱালেটবিলাকেও সময়ে সময়ে তেওঁলোকৰ সেৱা ব্যৱহাৰ কৰি অনলাইন বজাৰ কৰিলে ৰেহাই আৰু কেশ্ববেকৰ সুবিধা প্ৰদান কৰে।

ঘ. কেশ্ববেক:

নিৰ্দিষ্ট ৱেবচাইটটোৰ সকলোবোৰ ৰেহাই আৰু কুপন প্ৰয়োগৰ সুবিধা গ্ৰহণ কৰাৰ পাছতো আপুনি ব্যয় কৰা টকাৰ কেইটামান টকা আকৌ ওভোটাই পাব বিচাৰে নেকি? আপোনাৰ বাবে আছে কেশ্ববেকৰ সুবিধা! সম্প্ৰতি কেইবাটাও চাইটে কেশ্ববেকৰ সুবিধা আগবঢ়াই আছে। কেশ্ববেকৰ ধাৰণাটো এফিলিয়েচনৰ পৰা উদ্ভাৱন কৰা হৈছে। পদ্ধতিটো সহজ— আপোনাৰ পছন্দৰ কেশ্ববেক চাইটটোত আপুনি এটা একাউণ্ট খুলি ল’ব লাগিব। যি চাইটতে আপুনি বজাৰ নকৰক কিয়, প্ৰতিবাৰেই আপুনি কেশ্ববেক চাইটটোত লগইন কৰি
সেই চাইটটোৱে দিয়া সংযোগেৰে (link) বজাৰ চাইটটোলৈ যাব লাগিব। বজাৰ কৰাৰ পাছত এটা সময় সীমাৰ ভিতৰত নিৰিখ অনুযায়ী কেশ্ববেক আপোনাৰ একাউণ্ট (কেশ্ববেক চাইটৰ একাউণ্ট)ত জমা হ’ব। পৰৱৰ্তী সময়ত সেই কেশ্ববেক আপোনাৰ বেংক একাউণ্ট বা ৱালেট একাউণ্টলৈ নিব পাৰিব। বহুকেইটা কেশ্ববেক চাইটৰ ভিতৰত নিয়াৰিকৈ কৰ্ম
সম্পাদন কৰি জনপ্ৰিয়তা অৰ্জন কৰা দুটামান চাইট হ’ল—

১. কেশ্বকৰো (cashkaro.com)


৩. লাফালাফা (lafalafa.com
(LafaLafa Android App: Google Playstore link) আদি। 

এই চাইটবিলাকৰ মাজত কিছু কিছু পাৰ্থক্য আছে যদিও মূল ধাৰণাটো একেই।
 

তেনেহ’লে দেৰি কিয় কৰে? কেশ্ববেক চাইটত নিজকে পঞ্জীয়ন কৰি আপোনাৰ অনলাইন বজাৰ কৰাৰ অভিজ্ঞতাক আৰু অধিক উপভোগ্য আৰু লাভজনক কৰি তোলক।

(দ্ৰষ্টব্য: এই পষ্টত উল্লেখ কৰা চাইটসমূহৰৰ লগত লেখক কোনো ধৰণেই জড়িত নহয়, নাইবা এয়া সেই চাইটসমূহৰ বিজ্ঞাপনো নহয়। পাঠকৰ সহায় হ’ব পাৰে বুলি ভাবি লেখাটি আগবঢ়োৱা হৈছে। সংলগ্ৰ ল'গ'সমূহৰ কপিৰাইট সংশ্লিষ্ট চাইটসমূহৰ।)

1 comment:

  1. বৰ ভাল তথ্য দিছে। এই ধৰণে চেস্টা কৰিম। ধন্যবাদ।

    ReplyDelete