Sunday, December 09, 2012

চিলা

ফাগুনমহীয়া আকাশখন
চিলা এখনে আঁকুহি-বাঁকুহি থাকে
গোটেই দুপৰীয়াটো উন্মাদ হৈ পৰে
চিলাখনেৰে কথা পাতিব খুজিও
কথা পাতিব নোৱাৰে

দুপৰীয়াটোৱে সন্ধ্যাক ঠাই এৰি দিয়াৰ সময়তে
সন্তর্পণে চিলাখন নাইকীয়া হয়
বুকুত অন্তর্দাহ লৈ ওলমি থাকে আকাশ

গান

এটা বেঙুনীয়া সাধুকথা আৰু
এটা তেজী নীলা গানে বাহ সজা
তোমাৰ দুটা চকুলৈ মই চায়েই থাকিব পৰাহেঁতেন !


হ'ব পৰাহেঁতেন ঊষা হৈ আহিব খোজা
ললিত ৰাগৰ নিছিগা ধাৰ

মোক সেই গান কৰি তোলা
মই চুই থাকিম তোমাৰ কণ্ঠহাৰ।

Wednesday, November 07, 2012

বৈজয়ন্তীৰ পাঁচ ৰং

দৰঙীয়া 'কালিয়া' বাদন
এক.
সুৰীয়া গীত-মাত আৰু পৰিৱেশ্য কলাৰ সাতোৰঙী ৰূপ আৰু ৰহস্যৰ মাজেৰেই আমি জন্মাৱধি লালিত হৈছোঁ। অসমৰ বিশিষ্ট সাংস্কৃতিক অঞ্চল কলিয়াবৰৰ গীত-মাত-ভাওনাৰে সমৃদ্ধ এখন সত্ৰৰ সাংস্কৃতিক সম্পদৰ সৈতে আমাৰ চিনাকি জ্ঞান হ'বৰ দিন ধৰি আজিকোপতি নিৰিৱচ্ছিন্ন। সময়ৰ লগে লগে বহুখিনি সম্পদৰ চৰ্চা খীণ হ'লেও বিলাপ-পয়াৰ-মুক্তাৱলী-মধ্যাৱলীৰ সুৰ আৰু ব্যঞ্জনা হৃয়ত অনুৰণিত হয় আজিও।


সত্ৰৰ নিজস্ব চৰ্চাৰ সম্পদখিনিৰ ব্যতিৰেকেও অলেখ লোক-সাংস্কৃতিক সম্পদ, পৰিৱেশ্য কলাৰ ৰূপ কলিয়াবৰৰ অৰঙে-দৰঙে সিঁচৰতি হৈ আছে।

পৰৱৰ্তী কালত আমি নিজে মঞ্চ আৰু অভিনয় জগতৰ লগত কম-বেছি পৰিমাণে জড়িত হোৱাৰ বাবেই হয়তো শৈশৱৰে পৰা চিনাকি হেঁচানাম, ব'ৰাগী নাম, হুঁচৰি, কলীবুঢ়ীৰ নৃত্য আদিয়ে আজিও আমাৰ মনত একেই কৌতুহল আৰু উল্লাসৰ সৃষ্টি কৰে;— 'মাধৈমালতী ফুল চালত শুকাল/ হৰিনাম লওঁতেই ৰাতি পুৱাল' বুলি মাঘৰ বিহুৰ হাৰলিঘৰৰ জুইৰ কাষতে ৰাতি পুৱাই দিয়াৰ ইচ্ছা জাগে।

দুই.
টেলিভিচনৰ পৰ্দা আৰু দুই-এটা আমন্ত্ৰিত দলৰ পৰিৱেশনা কৃত্ৰিম পৰিৱেশত চোৱাৰ বাহিৰে নামনি অসমৰ পৰিৱেশ্য কলাৰ লগত আমাৰ চিনাকি প্ৰায় নাছিল বুলিলেই হয়। অৰ্থাৎ এই সমূহৰ নিজস্ব ৰূপ-ৰস-গন্ধৰে পৰিৱেশিত অনুষ্ঠান আমাৰ ইন্দ্ৰিয়-চেতনাৰ বাহিৰতে ৰৈ আছিল। নামনি অসমৰ

Sunday, June 24, 2012

স্থানীয়কৰণ

ইউনিকোড পদ্ধতিৰ বিকাশে অনা-ইংৰাজী তথা লেটিন লিপি ব্যৱহাৰ নকৰা ভাষাসমূহৰ আগত ইণ্টাৰনেটৰ জগতত এক বিশাল সম্ভাৱনীয়তাৰ দুৱাৰ খুলি দিছে। এটা সময়লৈ মাথোঁ লেটিন লিপিৰ একাধিপত্যত থকা ইণ্টাৰনেটৰ জগত এতিয়া পৃথিৱীৰ (প্ৰায়) সকলো লিপিৰ বাবে উন্মুক্ত।(ইউনিকোড সম্পৰ্কীয় এটা প্ৰবন্ধ ‘নীলা চৰাই’ৰ এই সংখ্যাত প্ৰকাশিত হৈছে।)

প্ৰায় কুৰি বছৰ আগতেই অসমীয়া লিপি ('বাংলা লিপি' নামেৰে) ইউনিকোডৰ ভিতৰুৱা হ’ল যদিও যোৱা ডেৰ-দুই বছৰ মানৰ পৰাহে ই অসমীয়া ৰাইজৰ লাগী হোৱা দেখা পোৱা গৈছে। অৱশ্যে ইণ্টাৰনেট ব্যৱস্থাৰ অসূচলতাও ইয়াৰ এটা কাৰণ হ’ব পাৰে। কিছু সীমাৱদ্ধতা থাকিলেও যথেষ্ট সংখ্যক (অন্যৰ তুলনাত কম) অসমীয়া ব্লগ আৰু ৱেবছাইট বৰ্তমানে চাইবাৰ-বিশ্বত পোৱা গৈছে। ‘সীমাৱদ্ধতা’ বোলোঁতে বিশেষকৈ কাৰিকৰী আৰু নেপথ্য (Backend)ৰ কথা বুজোৱা হৈছে।

কথাটো এনেকুৱা হৈছে— প্ৰান্তীয় ব্যৱহাৰকাৰীসকল অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক আৰু ব্যৱহাৰ কৰিছেও; কিন্তু যিখিনি তেওঁলোকে কৰিব নোৱাৰে, সেইখিনিৰ ক্ষেত্ৰত কি হ’ব? উদাহৰণ স্বৰূপে, এজন অসমীয়া ব্লগাৰ, যিজনে তেওঁৰ লেখাৰ ওপৰত (বা তলত) অহা তাৰিখটোও অসমীয়াতে অহা বিচাৰে, কিন্তু সেইখিনি কৰি ল’বলৈ প্ৰয়োজনীয় কাৰিকৰী অৰ্হতা নাই, তেওঁ কি কৰিব? অসমীয়া ৱেবছাইট এটাৰ সদস্য পঞ্জীয়নৰ প্ৰ-পত্ৰখন অসমীয়াতে কিয় নাহে? আৰু এনেকুৱা অলেখ উদাহৰণ।প্ৰান্তীয় ব্যৱহাৰকাৰীজনে নজনা এনেকুৱা কাৰিকৰী বিষয়বোৰ ইংৰাজী ভাষা আৰু লিপিতে ৰৈ গৈছে। তেনেহ’লে কৰণীয় কি?

সাম্প্ৰতিক সময়ত প্ৰায় সকলোবোৰ আগবঢ়া ভাষাতে বিভিন্ন ছফটৱেৰৰ স্থানীয়কৰণ (Localization) হৈ গৈছে বা হৈ আছে। যথেষ্ট ভ্ৰান্তিৰে সৈতে দুবিধমান ছফটৱেৰ অসমীয়াতো

Thursday, March 01, 2012

তুমি থকা চহৰত


এদিন তুমি থকা চহৰত মই বাট বুলিম
মুখামুখি হোৱা অচিনাকি জনকো মাত লগাম
—ভালনে আপোনাৰ?
বাছষ্টেণ্ডৰ চুকৰ দোকানীজনৰ পৰা
এখন তামোল কিনিম
ঈষৎ মলিয়ন পাঁচটকীয়াটো দি ক'ম
—মোৰ হ'লে বেলেগ খুচুৰা টকা নাই!
দোকানীজনে হয়তো ক'ব— কিয়নো চিন্তা কৰিছে?
আৰু হঠাৎ মই দেখাৰ আগতেই
তোমাৰ মাত শুনিম— আহক!


আহক! কলৈ যাম কলৈ যাম মই?
—আপোনাক মোৰ চহৰ ফুৰাম
মোৰ শুৱনি চহৰৰ অলি-গলি অফিছ বজাৰ
আৰু দেখুৱাম মানুহ।
তোমাৰ গৰ্বিত চহৰেৰে বাট বুলি
এসময়ত তোমাৰ ঘৰ পাম
তুমি বাট দেখুৱাই নিবা
পুৰাতন ঐতিহ্যবাহী কিন্তু প্ৰাণ-প্ৰাচুৰ্যৰে উচ্ছল
তোমাৰ চ'ৰাঘৰত উপস্থিত কৰি
তুমি ক'বা— বহক।