Monday, February 21, 2011

স্নেহে আমাৰ শত শ্রাৱণৰঃ এটি পুনর্নির্মাণ

ৰ’দ আৰু বৰষুণ। বৰষুণ আৰু ৰ’দ। আগ বসন্তৰ দুই-এজাক বৰষুণ পৰিবলৈ লোৱাৰে পৰা এই দুটা চৰিত্রই মনত খুন্দিয়াই থাকে। কলহৰ কাণে ঢলা বৰষুণৰ দৰে মনৰ ভিতৰত বর্ষণপাত হৈ থাকে। দুটা বিপৰীত প্রক্রিয়া— ৰ’দ থাকিলে বৰষুণ নাথাকে, বৰষুণ থাকিলে ৰ’দ নাথাকে। কিন্তু ৰ’দৰ পাছত বৰষুণ থাকিব পাৰে আৰু বৰষুণৰ পাছতো ৰ’দ থাকিব পাৰে। দুয়োটা একেলগে থকাটো ব্যতিক্রম। তেনেহ’লে দুয়োটা প্রক্রিয়াৰ কথা একে সময়তে মনলৈ কিয় আহে? ৰ’দ আৰু বৰষুণ? আৰু মনলৈ বাৰে বাৰে উভতি আহে এই দুটা শাৰী—

অপৰূপ বাৰিষাৰ তৰংগৰাশিয়ে
নাচে নৱ সৃষ্টিৰ গানে


‘বাৰিষাৰ তৰংগৰাশি’ কি? কল্পনা কৰক— আহাৰ মাহৰ এটা ন বজাৰ পুৱা। দহ বজাত কর্মস্থলী অথবা শিক্ষানুষ্ঠান পাবগৈ লাগিব। তাৰ আগতে শেষ কৰিব লাগিব গা ধোৱা, আহাৰ খোৱা আদি যাৱতীয় কামবোৰ। দুডৰা মাটিত আলি বান্ধি কিম্বা পাঁচ আষি কঠীয়া তুলি খৰধৰকৈ ঘৰলৈ উভতি আহিছে। আকাশৰ কোনখিনিত জানো গোট খাই আছিল ইমানবোৰ মেঘ, ৰ’দখিনি শুহি খাই উত্তাল হৈ নামি আহিল এজাক বৰষুণ। যোৱা দুদিন একেৰাহে বৰষুণত তিতিছে, আজি আৰু তিতাৰ ইচ্ছা একেবাৰেই নাই। ক’ত সোমাব, ক’ত আশ্রয় ল’ব? এই দিগন্ত বিয়পা মুকলি পথাৰৰ মাজত? কথাষাৰ ভাবি এবাৰ চৌফালে চকু ফুৰাই ক্ষণিকতে সিদ্ধান্ত এটা লৈ দৌৰ মাৰিলে বঁকিয়াটোৰ কাষৰ প্রকাণ্ড আঁহতজোপাৰ তললৈ।

কেই মিনিটলৈ নিতিতাকৈ থাকিব? গছৰ পাতৰ পৰা বৰ বৰ টোপাল খহি পৰিবলৈ ধৰিলে দুহাতত, মূৰত, মুখত। ঢৌ তুলি তুলি উফৰি পৰিব ধৰিছে পথাৰৰ পানীত, বঁকিয়াটোৰ মাটিত আৰু বননিত। ঢৌ, ঢৌ আৰু ঢৌ। কেউফালে। বাৰিষাৰ তৰংগৰাশি— দিগন্ত বিয়পা।

এটা সময়ত এই গোটেই প্রক্রিয়াটোৱেই ভাল লাগি যায়। শৰীৰৰ আধাতকৈ বেছি তিতি যোৱাৰ পাছত গছৰ তলত থকাটো অসাৰ-সাৰ হৈ যায়। এটা মুহূর্তত গোটেই ঘটনাটোৱেই এক বিৰাট আনন্দৰ উৎস বুলি উপলব্ধি হ’ব আৰু সেই মুহূর্তত খুব নিশ্চিন্ত মনেৰে আপুনি মুকলিলৈ ওলাই আহিব। এটা নির্ভাৰ মন লৈ নিজৰ

Monday, February 14, 2011

অভিশাপ


মূল (বাংলা): তচলিমা নাচৰিন

প্ৰেমে মোক একেবাৰে ভাঙি টুকুৰা টুকুৰ কৰি পেলাইছে
মই আৰু মই হৈ থকা নাই, মোক আৰু মই চিনি নাপাওঁ
শৰীৰটোক নাপাওঁ, মনটোক নাপাওঁ।
চলা-ফিৰাবোৰক নাপাওঁ
দৃষ্টিবোৰক নাপাওঁ
কেনেকুৱা যেন অদ্ভুত হৈ গৈছোঁ, বন্ধুৰ আড্ডাত যেতিয়া 
                                হঁহা উচিত
মই হঁহা নাই, যেতিয়া দুখ কৰা উচিত, কৰা নাই।
মনটোক কোনো প্ৰকাৰেই প্ৰেমৰ পৰা তুলি আনি
অন্য ক’ৰবাত এক মুহূৰ্তৰ বাবেও
স্থিৰ কৰিব নোৱাৰোঁ।
গোটেই পৃথিৱীতে এতিয়া আন্ধাৰ নামি আহিছে,
চন্দ্ৰ-সূৰ্যৰ ঠিক নাই, ৰাতি-দিনৰ ঠিক নাই,
মোৰ জীৱন গৈছে, জীৱন-যাপন গৈছে
নাশ হৈ গৈছে।

এতিয়া শত্ৰুৰ বাবে যদি অভিশাপ দিবলগা হয়, মই আৰু
নকওঁ যে তোৰ কুষ্ঠ হওক, তই মৰি যা, তই মৰ।
এতিয়া অতিশয় স্বচ্ছন্দে এই বুলি অভিশাপ দি দিওঁ-
                     তই প্ৰেমত পৰ।

Saturday, February 12, 2011

ভাওনা

(সাহিত্যাচার্য যজ্ঞেশ্বৰ শর্মাদেৱক সশ্রদ্ধ সোঁৱৰণেৰে)
দালানৰ সন্মুখতে তিনিফালে মানুহ বহাৰ ঠাই
মাজতে চাচি-চিকুণাই ৰভাখন দিছে
তাতে ল’ৰাহ’তে বিজুলী-চাকি জ্বলাইছে
পোহৰকৈ

ডিঙিত চেলেং লোৱা থগিত ডেকাটিয়ে
মাইকত কিবা এটা কৈ শেষ কৰাৰ লগে লগে
হৰিধ্বনিৰ লগে লগে কলিয়াবৰীয়া শিল্পীসকলে
ডবা-কাঁহত কোব দিছে

দল বান্ধি মানুহ আহিছে
মানুহে ডিঙি মেলি মেলি চাইছে
আজি ৰাইজে প্ৰহ্লাদৰ ভক্তি
আৰু নৰসিংহৰ অতিমানৱিক ৰূপ চাব

আজি বৰপেটা সত্রত ভাওনা।

Tuesday, February 01, 2011

এটি আবেদন

ইত্যাদি.অর্গ
এটি আবেদন
সাম্প্রতিক সময়ত তথ্য আৰু জ্ঞান আহৰণ তথা বিনিময়ৰ এক শক্তিশালী মাধ্যম হ'ল ইণ্টাৰনেট। জ্ঞান-সাগৰৰ লক্ষ-কোটি উপকৰণেৰে ইণ্টাৰনেটৰ ভঁৰাল থাহ খাই আছে। কিন্তু দুখৰ বিষয়, ইণ্টাৰনেটত অসমীয়া সমলৰ বাৰুকৈয়ে অভাৱ। অসমৰ বিষয়ে বা অসমীয়া সম্পদৰ বিষয়ে কিছু পৰিমাণে পোৱা যায় যদিও অসমীয়া সাহিত্য কিম্বা সাংস্কৃতিক উপাদান আঙুলিৰ মূৰত লেখিব পৰা!
ব্যক্তিগতভাৱে তৈয়াৰ কৰা ব্লগ আৰু অসমীয়া বাতৰি কাকত আৰু আলোচনীৰ ৱেবচাইটসমূহত অসমীয়া আখৰেৰে লিখা লেখাবোৰ 'সন্ধানী যন্ত্র' (Search Engine, যেনে- Google)ই পঢ়িব নোৱৰা ৰূপ (format)ত (যেনে pdf, jpeg)ত দিয়াৰ বাবে প্রায়েই সন্ধান কৰোঁতাসকলৰ দৃষ্টিলৈ অহাৰ পৰা দূৰত থাকি যায়। ইউনিক'ড আখৰ (unicode fonts)ৰ বিকাশে এই ক্ষেত্রত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। Windows XP-ৰ পৰা পৰৱর্তী সংস্কৰণসমূহত এটা অসমীয়া (তথা বাংলা) ফণ্ট ('vrinda') দিয়া হৈছে। ইয়াৰ ফলত ইণ্টাৰনেট ব্রাউজাৰৰ সামান্য সাল-সলনিৰে অসমীয়া আখৰ সহজেই পঢ়িব পাৰি। ঠিক সেইদৰে Windows Vista আৰু Windows 7-অৰ ক্ষেত্রত সামান্য সাল-সলনি আৰু Windows XP-ৰ ক্ষেত্রত এটি সৰু আহিলা (যেনে 'অভ্র কিব'র্ড') ব্যৱহাৰ কৰি অতি সহজে অসমীয়া লিখিবও পাৰি।
১৯৯২ চনৰ পৰা কিছু ব্যতিক্রমী আৰু উদ্ভাৱনমূলক কাম-কাজেৰে কলিয়াবৰৰ বৌদ্ধিক সমাজখনৰ মনোযোগ আকর্ষণ কৰা সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান 'ইত্যাদি'য়ে ওপৰত উল্লেখ কৰা কথাখিনিৰ প্রতি লক্ষ্য ৰাখি 'ইত্যাদি.অর্গ' নামেৰে এটি প্রকল্প পৰিকল্পনা কৰিছে। এই প্রকল্পৰ অধীনত অসমীয়া সাহিত্যৰ সর্বপ্রথম চানেকিৰ পৰা আৰম্ভ কৰি গুৰু দুজনা তথা বৈষ্ণৱ লেখকসকলৰ সৃষ্টিৰাজি, পৰৱর্তী সময়ৰ সত্রাধিকাৰসকলে ৰচনা কৰা সাঁচিপাতত আৱদ্ধ নাটসমূহ, আধুনিক কালৰ সাহিত্য-সম্ভাৰলৈকে (ব্যক্তিগত আৰু পৰিয়ালৰ Copyright আঁতৰি যোৱা আৰু অনুমতিক্রমে Copyright বাহাল থকা) ইউনিক'ড আখৰত বিন্যাস কৰি ইণ্টাৰনেটত তুলি দিয়া হ'ব। ইউনিক'ড ব্যতিৰেকে আন ফণ্ট ব্যৱহাৰ কৰি লিখা লেখা এই প্রকল্পৰ বাবে উপযোগী নহ'ব।
প্রস্তাৱিত প্রকল্পটিৰ সকলো সম্পদ বিনামূলীয়াকৈ সকলোৰে বাবে উপলব্ধ হ'ব। Open source ধাৰণাৰে সকলোবোৰ সম্পদ সকলোৰে বাবে সহজে ডাউনলোড-যোগ্য হ'ব।
অলাভজনক (non profit) এই বিশাল কর্মযজ্ঞৰ বাবে বিপুল পৰিমাণৰ শ্রম, সময় আৰু অর্থৰ প্রয়োজন হ'ব। ইতিমধ্যে প্রকল্পটিৰ বাবে এটা ডমেইন নেম ('etyadi.org') পঞ্জীয়ন কৰি ইয়াৰ ৱেবচাইট ডিজাইনৰ কাম কৰি থকা হৈছে।
আপুনি এই প্রকল্পৰ এজন সক্রিয় অংশগ্রহণকাৰী হ'ব পাৰে। প্রাৰম্ভিক অৱস্থাত অপুনি তিনি ধৰণে এই প্রকল্পৰ অংশগ্রহণকাৰী হ'ব পাৰে
১।প্রকল্পটিত অন্তর্ভুক্ত কৰিব পৰা সাহিত্য-সম্ভাৰৰ তথ্য/ উৎস আমাক জনাব পাৰে।
অথবা/ আৰু ২। প্রকল্পত অন্তর্ভুক্ত গ্রন্থ/ গ্রন্থৰ অধ্যায় ইউনিক'ড আখৰত বিন্যাস (compose) কৰি আমাক জমা দিব পাৰে।
অথবা/ আৰু ৩। প্রকল্পটিত পেছাদাৰী ব্যক্তি নিয়োগৰ ক্ষেত্রত (আখৰ বিন্যাসৰ বাবে) সহায়ক হোৱাকৈ অর্থ-সাহায্য আগবঢ়াব পাৰে।

আপুনি যি ধৰণেই এই প্রকল্পত অংশগ্রহণকাৰী হ'ব বিচাৰে, সেই সম্পর্কে আমাক জনালে পৰৱর্তী নির্দেশনা আৰু কাৰিকৰী পথ-নির্দেশনা আপোনালৈ প্রেৰণ কৰা হ'ব।
এই যৌথ প্রকল্পৰ সকলো অংশগ্রহণকাৰীৰে নাম যথাস্থানত দিয়া হ'ব আৰু সকলোলৈকে ইত্যাদি.অর্গৰ তৰফৰ পৰা প্রমাণ পত্র আগবঢ়োৱা হ'ব।
আহক, এক সুদূৰপ্রসাৰী প্রকল্পৰ অংশীদাৰ হৈ অসম আৰু অসমীয়াৰ বাবে যোগাত্মক কিছু অৰিহণা আগবঢ়াওঁ!
শ্রদ্ধাসহকাৰে
পল্লৱপ্রাণ গোস্বামী
প্রকল্প সঞ্চালক,
ইতাদি.অর্গ


http://www.etyadi.org (under const.)
etyadi.org@gmail.com, etyadi.org@rediffmail.com, Ph. +91 94353 67802
etyadi.org, Barnamala, Hatbor Kendriya Natya Samaj Bhawan, Hatbor, Kaliabor, Nagaon 782 136, Assam, India