Friday, November 11, 2011

গায়ক জুবিনঃ আপদ জুবিন

জুবিন গাৰ্গ আৰু জুবিন গাৰ্গৰ গানৰ বিৰুদ্ধে অসমৰ বিভিন্ন শ্ৰেণীৰ মানুহ আৰু সংগঠনে যি সময়ত হুংকাৰ দি আছিল, ফটোৱা জাৰি হৈছিল, তেনেকুৱা সময়তে আমি জুবিন আৰু তেওঁৰ গানৰ সপক্ষত ৰাজহুৱাভাৱে থিয় দিছিলো। ১৯৯৮ চনৰ অক্টোবৰ সংখ্যা ‘ৰংঘৰ’ত প্ৰকাশিত এই লেখকৰ ‘জুবিনৰ গান’ শীৰ্ষক লেখা আৰু আন এজন লেখকৰ লেখাই সম্ভৱতঃ জুবিনৰ সপক্ষত প্ৰথম বিশ্লেষণাত্মক লেখা। তাৰ পিছত, খুব সম্ভৱতঃ ‘দৈনিক জনমভূমি’ত বিশিষ্ট সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে এটা লেখা লিখিছিল।

কি আছিল আমাৰ লেখাটোত? কম পৰিসৰত আমি ফঁহিয়াবলৈ চেষ্টা কৰিছিলো জুবিনৰ (আৰু জুবিনৰ গানৰ) গুণ, দোষ আৰু কৰণীয়। আমি কৈছিলো— “ড. ভূপেন হাজৰিকাৰ পিছত নিজে ৰচনা কৰি, সুৰ দি, সংগীত সজাই গীত গাই ‘জনপ্ৰিয়’ হোৱা সংগীত শিল্পীসকলৰ ভিতৰত অন্যতম জুবিন গাৰ্গ। যি ধৰণৰ গীতেই নাগাওক কিয়, নিজে ৰচনা কৰি গীত গোৱা গায়ক খুব কম। পৰ্যৱেক্ষণে কয়, দুয়োটা

গুণেই সফল ৰূপত আয়ত্ত কৰাটো যথেষ্ট কঠিন।… জুবিনে কম-বেছি পৰিমাণে এই দুয়োটা গুণেই আয়ত্ত কৰিছে।… গায়ক জুবিন গাৰ্গৰ গীতিকাৰ হিচাপে এক মূল্য আছে।” কৈছিলো— “জুবিনৰ কণ্ঠ মিঠা। জুবিনৰ কণ্ঠৰ কিবা এক বাল-সুলভ কোমলতাই তেওঁৰ, বিশেষকৈ ৰোমাণ্টিক গানবোৰ বেলেগ এক উপলব্ধিৰ জগতলৈ লৈ যায়।“ কৈছিলো— “…(জুবিনৰ) গীতৰ কথাৰ লগত সংগীতে সমতা ৰক্ষা কৰিব পাৰিছে।“ এনে ধৰণে জুবিনৰ গুণসমূহ দেখুৱাবলৈ চেষ্টা কৰি দোষসমূহ ফঁহিয়াবলৈ চেষ্টা কৰি পাইছিলো— গীত ৰচনাত যিদৰে তেওঁ অৰ্হতা প্ৰদৰ্শন কৰিছে, সেই গীত ৰচনাৰ ক্ষেত্ৰতে তেওঁ দুৰ্বলতাও প্ৰদৰ্শন কৰিছে। মাজে মাজে অতি হৃদয়স্পৰ্শী শব্দ-বিন্যাসৰ বিপৰীতে মাজে মাজে অতি আপোচকামী শব্দ-বিন্যাসো তেওঁৰ গীতত পোৱা যায়; যিটো অতিক্ৰম কৰাত অধ্যয়নে, বিশেষকৈ অসমীয়া কবিতাৰ অধ্যয়নে বিশেষ সহায় কৰিব। কৈছিলো— বাছনিভুক্ত (selective) কাম কৰাৰ সময় আহিল। লাগবান্ধ নোহোৱা কথাৰে গণ্ডাই গণ্ডাই বিহুগীত (?)ৰ কেছেটত গান গাই স্থায়ী একো কৰিব নোৱাৰি। স্থায়ী ৰূপত যদি কিবা দিব পাৰে, সেয়া মৌলিক গীতকেইটাইহে দিব।

এই কথাকেইটা কোৱাৰ পিছত ১২ বছৰ উকলি গ’ল। আমি ব্যক্তিগতভাৱে কি লক্ষ্য কৰিলো— আমি তালিকাভুক্ত কৰা গুণবোৰৰ কোনো উত্তৰ-উৎকৰ্ষ নঘটিল, দোষবোৰ দোষ হৈয়েই থাকিল, কৰণীয় কামৰ একো কৰিবলৈ জুবিনৰ কোনো উদ্যম দেখা পোৱা নগ’ল। তাৰ বিপৰীতে ব্যক্তি জুবিনৰ কিছু অধঃপতনহে লক্ষ্য কৰা গ’ল। অসমীয়া জাতীয় জীৱনৰ শ্ৰদ্ধেয় ব্যক্তিত্বৰ প্ৰতি অৱমাননাসূচক মন্তব্য; সাংস্কৃতিক সন্ধ্যাত অভব্য আচৰণ; অসমীয়াৰ প্ৰাণ-পুৰুষ, সদ্য প্ৰয়াত, সুধাকণ্ঠ ড. ভূপেন হাজৰিকাৰ দাহ-সংস্কাৰথলীত উদ্ধত আচৰণে ব্যক্তি বা গায়ক জুবিনৰ কোনো ধৰণেই উত্তৰণ সূচিত নকৰে।


ইতিহাসে কৈ আহিছে— সমাজক কিবা এটা দিয়া লোকসকলৰ কোনো ব্যক্তিগত জীৱন নাথাকে; আজিৰ ইলেক্‌ট্ৰনিক মেডিয়া, ইণ্টাৰনেটৰ দিনত যিটো আৰু গভীৰভাৱে সত্য। যিটো জুবিনৰ ক্ষেত্ৰতো সত্য। জুবিনে যদি কেৱল পেনপেনীয়া প্ৰেমৰ ‘ক্লিচে’ (cliche) গানকে গাই থাকিলেহেঁতেন, তেনেহ'লে আমাৰো ক’বলৈ বৰ বেছি কথা নাথাকিলহেঁতেন; কিন্তু তেওঁ লাগিলে ‘ব্যৱসায় কৰিবলৈ’কে হওক, সমাজক ‘বাণী’ দিয়া গানো গাইছে; সেয়েহে প্ৰতি মুহূৰ্তত তেওঁ সকলো শ্ৰেণীৰ মানুহৰ নজৰত থকাটো স্বাভাৱিক আৰু সেই বাবেই তেওঁৰ সামাজিক আচৰণ পৰিচ্ছন্ন আৰু তেওঁৰ গানৰ আদৰ্শক প্ৰতিফলিত কৰা ধৰণৰ হ’বই লাগিব, অন্যথা শ্ৰদ্ধা-ভক্তিৰে ৰেকৰ্ড গঢ়িব পৰা অসমীয়াই ঘৃণাৰেও ৰেকৰ্ড গঢ়িব পাৰিব বুলিয়েই অনুভৱ হয়। আমাৰ ব্যক্তিগত অনুভৱ— এচাম 'হাৰ্ড ক'ৰ' (hard core) সমৰ্থকে ভালতো, ভুলতো জুবিনক সমৰ্থন দি প্ৰকৃতাৰ্থত তেওঁৰ সৰ্বনাশ কৰি আছে। প্ৰকৃতভাৱে ভাল পালে, শ্ৰদ্ধা কৰিলে, তেওঁৰ দোষবোৰ আঙুলিয়াই দি তেওঁক শুধৰণিৰ পথ দেখুৱালেহেঁতেন; তাকে নকৰি আনে ভুল আঙুলিয়ালেও 'জুবিন ইজ জুবিন' বুলি জুবিনৰ চেলেপু কাৰ্যকো গৰিমামণ্ডিত কৰিব বিচাৰে। আমি কোৱা নাই— জুবিন ইজ নট জুবিন; কিন্তু এইটোও সত্য যে জুবিন ইজ অন্‌লি জুবিন। তেওঁ শিল্পী হ'ব পৰা নাই এতিয়াও আৰু কেতিয়াবা যে পাৰিব, তাৰো সম্ভাৱনা ক্ষীণ— তাৰ বাটবোৰ তেওঁ নিজেই বন্ধ কৰি আহি আছে। ব্যক্তি হিচাপে নিজকে সমৰ্থ কৰিব নোৱৰা কোনো মানুহ কেতিয়াও শিল্পী হ'ব নোৱাৰে।

এতিয়া আমাৰ এটাই আশা,— শিল্পী হ'ব নোৱাৰিলেও জুবিন কম চে কম গায়ক হৈ থাকক, আপদ নহ'ব। ৰাজুহুৱা স্থানত ৰাইজৰ 'জুবিন, গ' বেক', 'এইটোক খেদা' ধৰণৰ উক্তিৰ পিছত আমাৰ আশংকা হৈছে— 'গায়ক জুবিন'ৰ পৰা 'আপদ জুবিন'লৈ পৰ্যৱসনৰ সুৰংগটো জুবিনে নিজেই খান্দিছে।

No comments:

Post a Comment