Saturday, November 05, 2011

এক মহাজীৱনৰ প্ৰস্থানঃ বিদায় ভূপেন দা !

শ্ৰদ্ধাঞ্জলিঃ ভূপেন দালৈ
৮ ছেপ্তেম্বৰ ১৯২৬ — ৫ নৱেম্বৰ ২০১১




আজি ৫ নৱেম্বৰ। গতানুগতিকাৰ পৰা ফালৰি কাটি প্ৰায় বিয়লি চাৰে তিনিমান বজালৈকে ব্যস্ত আছিলো এজাক কণ কণ শিশুৰ সৈতে,— 'বুঢ়ী আইৰ সাধু'ৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে পতা এটা অনুষ্ঠানত। ৪.৪৫ বজামানত পালো খবৰটো, আমাৰ সামাজিক কাম-কাজৰ সংগী, দাদা মুৰুলী বৰাৰ পৰা।

মৃত্যু কি, বুজা হোৱা দিন ধৰি বহু মানুহৰ মৃত্যু দেখিছোঁ, শুনিছোঁ, ব্যথিত হৈছোঁ। অনাত্মীয় বহু মানুহৰ মৃত্যুতো স্থবিৰ হৈ গৈছোঁ, মুক হৈ গৈছোঁ, তাৰ পিছতো বহুদিন শুই থকা শোকে কুৰুকি কুৰুকি ৰক্তাক্ত কৰিছে হৃদয়; এই যেনেকৈ বিশিষ্ট লেখক, শিক্ষাবিদ হৰেশ্বৰ গোস্বামীৰ অকাল বিয়োগত, এই যেনেকৈ দহ্‌দহীয়া ডেকা শিল্পী প্ৰশান্ত বৰাৰ বিযোগত, এই যেনেকৈ...; নাঃ থাকক, আজি অন্য প্ৰসংগ।

মৃত্যু কি, বুজা হোৱা দিন ধৰি এনেকুৱা বিশাল মহীৰূহৰ পতন দেখা নাছিলো। অনুভৱ কৰা নাছিলো এনে সৰ্বনাশী শূন্যতা। বোধহয় কলাগুৰু ৰাভাদেৱৰ বিয়োগত হোৱা শূন্যতাবোধৰ লগত আজিৰ

শূন্যতাবোধক ৰিজাব পাৰি। যেন মাজ সাগৰত আমাক নাৱত এৰি গুচি গ'ল চাৰেং!

বিশ্বৰ আগত ভূপেন হাজৰিকাই আছিল অসমৰ সৰ্বপ্ৰথম চিনাকি। তেখেতৰ হাতত ধৰিয়েই যেন অসমে খোজ পেলাইছিল ভাৰতৰ অন্য প্ৰান্তত, পৃথিৱীৰ অন্য প্ৰান্তত। বহুতো মান-অভিমানৰ মাজেৰে ভূপেন দা আৰু অসমীয়া ৰাইজে পৰস্পৰৰ বাবে সাধ্যমতে কৰিলে। নগাঁও জিলাৰ কলিয়াবৰৰ কুঠৰীত থকা ভূপেন দাৰ উৰণীয়া আবাসৰ দেৱালতো এতিয়াও আছে ভিন্ন প্ৰান্তৰ অসমীয়া মানুহৰ ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা-মৰমৰ স্বাক্ষৰ। তথাপিও, আজি মন শোকেৰে ভৰিছে,— বৰ একাকী হৈ যেন গুচি গ'ল ভূপেন দা, অসমীয়া মানুহৰ পৰা বহু দূৰৈত, পৰিয়াল-পৰিজনৰ পৰা বহু দূৰৈত। অসমৰ শত-সহস্ৰ মানুহৰ অতি আপোন ভূপেন হাজৰিকা, পশ্চিম বংগ-বাংলাদেশৰ শত-সহস্ৰ মানুহৰ অতি আপোন ভূপেন হাজারিকা এগৰাকী অনাত্মীয়া মহিলাৰ শ্ৰদ্ধা-স্নেহেৰে লালিত হৈ গুচি গ'ল শত-সহস্ৰক এৰি।

অনেক সময়ত বিতৰ্কৰ আবৰ্তত সোমালেও, এই কথা ক'বই লাগিব যে ভূপেন হাজৰিকাৰ পিছৰ জীৱনছোৱা কল্পনা লাজমীৰ স্নেহ-শ্ৰদ্ধাৰে চিজিল লাগি থাকিল। ক'লে বেয়া শুনি, বোধহয় কল্পনা লাজমীয়ে ভূপেন দাক আবৰি-সাবৰি নথকা হ'লে ভূপেন দা আৰু আগতেই আমাৰ মাজৰ পৰা আঁতৰি গ'লহেঁতেন।

এগৰাকী অত্যন্ত প্ৰতিভাশালী শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু ভূপেন দাৰ পিছৰ জীৱনছোৱা শ্ৰদ্ধা-স্নেহ-সেৱাৰে মিঠা কৰি ৰাখি আপুনি আমাক কৃতজ্ঞতাৰ পাশত বন্দী কৰিলে কল্পনা, আপোনাক চেলুট !

জীৱন কেনেকৈ জীৱ পাৰি, সেই শিল্পৰ ৰণুৱা শিল্পী ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি। অলেখ গীত-কথাৰে জাতিটোক উজ্জীৱীত কৰি ৰখা অসমীয়াই ভূপেন হাজৰিকাক পাহৰিব নোৱাৰে;— প্ৰতিশ্ৰুতি দিলো ভূপেন দা।

No comments:

Post a Comment