Wednesday, December 29, 2010

শ্রীধৰ কন্দলীৰ ‘কাণখোৱা’

    





















     ঘুমটি যায়োৰে             অ’ৰে কাণাই
          হুৰে কাণখোৱা আসে।
সকল শিশুৰ               কাণ খাই খাই
          আসয় তোমাৰ পাশে।।
মাৱৰ বচন                শুনি পাশ চাপি
          হাসিয়া বোলে কাণাই।
কেনেকুৱা গোটে            কাণ খাই ফুৰে
          চিনোৱা হাৰলী আই।।
তাৰ নাম শুনি            ঘুমটি নাসয়
          ডৰে কাম্পে মোৰ বুক।
দেখিলে লৱৰি              পলাইবাক পাৰি
          সত্বৰে চিনোৱা মোক।।

Tuesday, December 21, 2010

অসমীয়া ইউনিক’ডত লিখাৰ সমস্যা

ইন্টাৰেনটত অসমীয়া সমলৰ বাৰুকৈয়ে অভাৱ দেখা যায়। যিটো অন্ততঃ বাংলা ভাষাতো দেখা নাযায়। এই বিষয়ত চৰ্চা কৰা বহুকেইজনৰ ব্লগত ইয়াৰ বাবে অসমীয়াসকলক ইন্টাৰেনটত যিমান পাৰে সিমান অসমীয়াত সমল যোগানৰ বাবে আহ্বান জনোৱা হৈছে।
 

সজ কথা। অসমীয়া কিতাপ-পত্র প্রকাশৰ লগত আমি আজি প্রায় দহ বছৰে জড়িত হৈ আছোঁ। গম পোৱাৰে পৰা আমাৰ ব্যক্তিগত লেখা-মেলাসমূহ আমি ইউনিক’ড আখৰ (Unicode fonts) ব্যৱহাৰ কৰি লিখিছোঁ। কিন্তু ব্যৱসায়িক লেখা আৰু কিতাপ-পত্র ছপোৱাৰ ক্ষেত্ৰত আমি ইচ্ছা থাকিলেও অসমীয়া ইউনিক’ড ব্যৱহাৰ কৰিব পৰা নাই। আমি জনাত অসমৰ সকলো ছপাশালেই কিতাপৰ সজ্জাৰ বাবে এড’বে পেজমেকাৰ (Adobe PageMaker) ব্যৱহাৰ কৰে। পেজমেকাৰত এতিয়ালৈকে অসমীয়া ইউনিক’ডৰ সমর্থন দিয়া হোৱা নাই (আৰু বোধহয় নহ’বও, আমি শুনামতে পেজমেকাৰ বন্ধ কৰি দিয়া হৈছে)। আমি ব্যক্তিগতভাৱে এড’বে ইনডিজাইন (Adobe Indesign CS5)ও ব্যৱহাৰ কৰি চাইছোঁ, তাতো একে কথা। গতিকেই পেজমেকাৰত লিখিব পৰা ৰামধেনু বা তেনেধৰণৰ আহিলা ব্যৱহাৰ কৰি আমি Type 1 ফণ্ট ব্যৱহাৰ কৰিবলৈ বাধ্য হওঁ। ফলস্বৰূপে বহুতো সম্ভাৱনাপূর্ণ অসমীয়া সাহিত্য-সম্ভাৰ ইউনিক’ড নোহোৱাকৈ থাকি যায়। ইউনিক’ড সমৰ্থন কৰা পেজমেকাৰৰ বিকল্প এটাই এই ক্ষেত্রত যথেষ্ট সহায় কৰিব পাৰে বুলি আমি ভাবোঁ।
 

দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা হ’ল, অন্ততঃ ৰামধেনুৰ ফণ্ট (বিশেষকৈ গীতাঞ্জিল লাইট আৰু ব’ল্ড)ৰ পৰা ইউনিক’ড ফণ্টলৈ পৰিৱৰ্তন কৰিব পৰা পৰিৱৰ্তক এটাৰ বিশেষ প্রয়োজন। সেয়ে হ’লেই হাজাৰ হাজাৰ অসমীয়া লেখা ইউনিক’ড ফণ্টলৈ পৰিৱৰ্তিত কৰি ইণ্টাৰনেটত উপলব্ধ কৰাব পৰা যাব।

পাৰদৰ্শীসকলে এই দুটা বিষয়ত চিন্তা কৰি চাবনে?

Tuesday, December 14, 2010

যুদ্ধ দেহু


কিছু দিনৰ আগতে এখন অসমীয়া বাতৰি কাকত (অসমীয়া খবৰ)ত লুপ্তপ্রায় অসমীয়া গালি সম্পর্কে এটা চুটি লেখা লিখিছিলো। লেখাটোত অন্য ভাষাভাষী লোকৰ পৰা ধাৰ কৰা অশ্লীল গালিৰ পৰিৱর্তে আমাৰ নিজস্ব অ-অশ্লীল গালি প্রয়োগ কৰা বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়াৰ উপৰি লেখাটোত আমাৰ এজন বন্ধুৱে মৌলিকভাৱে উদ্ভাৱন কৰা কেইটামান গালিৰ প্রসংগও অনা হৈছিল। সেই বন্ধুজনক অলপতে লগ পাওঁতে তেওঁ ব্যৱহাৰ কৰা এক উদ্ভাৱনৰ বিষয়ে সদৰি কৰিব বিচাৰিছোঁ।

বন্ধু এজনৰ বিয়া। সেই উপলক্ষে আমি ঘনিষ্ঠ চাৰিজনমান প্রায় দুপৰীয়াৰ পৰা বিয়াঘৰত আছোঁ। ৰভা দিয়াৰ পৰা খাদ্য পৰিৱেশন কৰালৈকে সকলো কাম আজিকালি পেছাদাৰী মানুহে কৰে, গতিকে আমাৰ কৰিবলগীয়া একো কাম নাই। বিয়া খাবলৈ অহা মানুহৰো বিশেষ সমাগম হোৱা নাই। ৰভাতলতে বহি আমি আড্ডা মাৰি আছোঁ। আড্ডা মানে, দুলাল আৰু মোৰ মাজত ভয়ংকৰ তর্ক, বাকী বিলাকে ৰস লৈ আছে। আমাৰ এইটো স্বভাৱেই— য’তে লগ হওঁ, দুইটাই যিকোনো বিষয় লৈ দুর্বাদল তর্কত প্রবৃত্ত হওঁ। বিষয়টো ডাঙৰ কথা নহয়, ইটোৱে সিটোক ‘ডাউন’ দিয়াটোহে মূল কথা।

সেইদিনাও আমাৰ তর্কই নিজৰ বাটেৰে আগবাঢ়িছে। তর্ক ঠিক তুংগত থকোঁতেই ওপৰত উল্লেখ কৰা বন্ধুজনৰ আগমন ঘটিল। বাকী কেইজনৰ লগত দুই-এটা কথা পাতি তেওঁ আমাক মাত লগালে। কথাটো লক্ষ্য কৰিছিলো যদিও তেওঁক সঁহাৰি জনাবলৈ আমাৰ অৱসৰ নাই। তেওঁ কথাটো লক্ষ্য কৰি অকণমান মনে মনে ৰ’ল। তাৰ পিছত এবাৰ চোঁচা মাৰি আহি মোৰ মুখলৈ চাই ক্রোধ মিশ্রিত বক্রোক্তি কৰিলে— “ঐ, তই দেখোন বৰ বেছি বেছি ‘হিমন্তালি’ কৰি আছ, ৰভাতলিখন ‘নিউজ লাইভ’ বুলি ভাবিছ নেকি? মই ‘অখিলামি’ আৰম্ভ কৰিলে ‘হৰি’ৰ নাম লৈ তৎ নাপাবি।”

হৰি হৰি!

প্রথমে নবৌ, তাৰ পাছত মামা!

প্রথমে নবৌ, তাৰ পাছত মামা! শেহতীয়াকৈ, নিষিদ্ধ ঘোষিত ‘সংযুক্ত মুক্তি বাহিনী’ (আলফা)ৰ কাৰাৰুদ্ধ কেইবাজনো নেতা-পালিনেতাই পর্যায়ক্রমে মুক্তি পোৱা পৰিলক্ষিত হৈছে। আলফাৰ সাংস্কৃতিক সম্পাদক প্রণতি ডেকা কাৰাগাৰৰ পৰা মুক্ত হৈ জখলাবন্ধাৰ স্বামীগৃহলৈ আহিব বুলি গম পোৱাৰ লগে লগে কলিয়াবৰত হৈ-চৈ লাগিল (বাতৰি কাকতৰ মতে)। একেবাৰে নলগাও নহয়, কিন্ত কাকতত লিখাৰ দৰে সমগ্র কলিয়াবৰ তল-ওপৰ হৈ যোৱা নাছিল। জখলাবন্ধা এলেকাৰ কিছু মানুহে সমিতি পাতি প্রণতি ডেকাক আদৰণি আৰু সম্বর্ধনা জনাবলৈ উখল-মাখল লগালে। ঠিক একেটা ঘটনাই ঘটিল আলফাৰ উপদেষ্টা ভীমকান্ত বুঢ়াগোহাঁই (মামা) মুক্ত হোৱাৰ ক্ষেত্রতো। আগদিনা ভাড়া কৰা গাড়ীত মাইক লগাই পিছদিনালৈ হ’ব লগা ভীমকান্ত বুঢ়াগোহাঁই আদৰণি তথা সম্বর্ধনা সভালৈ ৰাইজক আমন্ত্রণ কৰা হ’ল।

ৰাজপথত তোৰণ লগাই 'আলফা নেতা' (তোৰণৰ ভাষা মতে) ‘মামা’ক আদৰা হ’ল। গামোচা পিন্ধাই ভীমকান্ত বুঢ়াগোহাঁই আৰু প্রণতি ডেকা (নবৌ?)ক সম্বর্ধনা জনোৱা হ’ল। বক্তৃতাৰ বাগাড়ম্বৰতো আছেই।


এতিয়া প্রশ্নটো হ’ল, আদৰণি-সম্বর্ধনা কাক জনোৱা হয়? জীৱনজোৰা সেৱাৰ পিছত অৱসৰপ্রাপ্ত এজন শিক্ষকক সম্বর্ধনা জনোৱা হয়, জীৱনজোৰা সাধনাৰ বাবে এজন শিল্পী বা সাহিত্যিকক সম্বর্ধনা জনোৱা হয়, সমাজৰ বাবে উল্লেখনীয় সেৱা আগবঢ়োৱা এজন ব্যক্তিক সম্বর্ধনা জনোৱা হয়। চমুকৈ এই কথা ক’ব পাৰি যে দহৰ উপকাৰৰ বাবে পর্যাপ্ত সেৱা আগবঢ়োৱা এজন ব্যক্তিক ৰাজহুৱা সম্বর্ধনা জনোৱা হয়।


তেতিয়া হ’লে ওপৰত উল্লেখ কৰা ব্যক্তি দুজনক কি সেৱাৰ ভিত্তিত ৰাজহুৱা সম্বর্ধনা জনোৱা হ’ল? আমি জনাত দহৰ উপকাৰৰ বাবে উক্ত দুয়োজনৰে কোনো ধৰণৰ অৰিহণা নাই। নে কথাটো এনেকুৱা— ধেমাজিৰ শিশু হত্যাকাণ্ডৰ বাবে আমি খুবেই উৎফুল্লিত আৰু তাৰ জৰিয়তে ‘অসমীয়াৰ নাম উজ্জ্বল কৰা’ সংগঠনটোৰ প্রতিনিধিক আনুষ্ঠানিক স্বীকৃতি তথা সম্বর্ধনা জ্ঞাপন কৰিলো? নে ছার্গেই গ্রীটছেংকোৰ অপহৰণ তথা হত্যাকাণ্ডৰ বাবে? নে সঞ্জয় ঘোষৰ অপহৰণ আৰু হত্যাকাণ্ডৰ বাবে? নে আৰু অলেখ তেনেকুৱা উদাহৰণৰ বাবে?


দ্বিতীয় প্রশ্নটো হ’ল— আলোচিত দুয়োজন ব্যক্তিয়েই বর্তমানো নিষিদ্ধ ঘোষিত সংগঠনটোৰে সদস্য, তেনে ক্ষেত্রত তেওঁলোকক ৰাজহুৱাভাৱে সম্বর্ধনা জনোৱাসকলে সেই নিষিদ্ধ সংগঠনৰ প্রতি আনুগত্য প্রকাশ কৰা নহ’লনে? তেনেহ’লে সেই সকলক দেশদ্রোহিতাৰ অপৰাধত গ্রেপ্তাৰ কৰি বিচাৰ চলোৱা উচিত নহয়নে?