Friday, October 23, 2015

অনলাইন বজাৰ আৰু কেশ্ববেক



আপোনাৰ অনলাইন বজাৰ কৰাৰ অভ্যাস আছেনে? যদি নাই, তেনেহ’লে আপুনি তলৰ কথাখিনি পঢ়া উচিত। যদি আছে, তেনেহ’লে ইতিমধ্যে আপুনি দুটা কথা উপলব্ধি কৰিছে—

১. অনলাইন বজাৰ কৰা যথেষ্ট লাভজনক। অৰ্থাৎ যথেষ্ট প্ৰতিযোগিতামূলক দামত সামগ্ৰী ক্ৰয় কৰাৰ সুবিধা পোৱা যায়। উদাহৰণ স্বৰূপে, প্ৰায় সকলোবোৰ সামগ্ৰীয়েই ছপা মূল্যতকৈ কম মূল্যত অনলাইন বজাৰত পোৱা যায়। এই ক্ষেত্ৰত কেইবাটাও চাইটত একেটা বস্তু বিচাৰি চোৱাৰ আপোনাৰ আগ্ৰহ আৰু ধৈৰ্যই আপোনাক যথেষ্ট উপকৃত কৰিব পাৰে। এটা ব্যক্তিগত উদাহৰণ আগবঢ়াইছোঁ।

Tuesday, September 08, 2015

সিপাৰে ভূপেন হাজৰিকাই গায়

শ্ৰৱ্য-পাঠ সংস্কৰণ: @ Postach

'কোন মোহনাই কোন সুর যায়
রঙ্গীলা বাঁশী কে একা বাজায়
কাকে চেনা লাগে কে থাকে অচেনা
স্মৃতিতে তবু আনা-গোনা তার
ছোট ছোট ঢেউ সচল গলার।'

 

২০১১ চনৰ ৫ নৱেম্বৰৰ সেই মহাপ্রয়াণৰ দিনটোৰ পাছদিনাই বংগৰ এই সময়ৰ জনপ্রিয়, অনুভৱী, শক্তিশালী আৰু সচেতন সংগীতকাৰ, স্বৰূপার্থত 'গানৰ কাৰিকৰ' সুমন চট্টোপাধ্যায়ে (কবীৰ সুমন) এই ধৰণে 'গানৰ দেৱতা'ক শ্রদ্ধাঞ্জলি যাঁচিছিল। ৬ নৱেম্বৰৰ আগবেলা তিনি স্তৱকৰ গীতটো ৰচনা কৰি, সুৰ দি, সংগীতেৰে সজাই আৰু বাণীবদ্ধ কৰি নিশালৈ ইণ্টাৰনেট যোগে মুক্তি দিছিল।
 

ড. ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছৰে পৰা অনেক শ্রদ্ধাঞ্জলি আমি দেখিছোঁ, পঢ়িছোঁ, শুনিছোঁ; স্বৰূপ বুজিছোঁ- সৎকাৰথলীৰ পৰা টিভিৰ পর্দালৈ, সুসজ্জিত মঞ্চৰ পৰা আলোচনীৰ পাতলৈ। নির্ভেজাল, অকৃত্রিম, অন্তৰৰ গভীৰ কোঠৰ পৰা উঠি অহা; আৰু কৃত্রিম, দায়িত্বৰ খাতিৰত, গ্লেমাৰৰ মোহতো। গ্লেমাৰ? শ্রদ্ধাঞ্জলি জ্ঞাপনত গ্লেমাৰৰ সন্ধান?

Thursday, March 05, 2015

বিষয়: অসমীয়া ভাষা

অসম সাহিত্য সভাৰ ৭৩তম কলিয়াবৰ অধিৱেশন (৩১ জানুৱাৰী-৪ ফেব্ৰুৱাৰী, ২০১৫)-ৰ সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ অভিভাষণত অসমীয়া ভাষাৰ অপ প্ৰয়োগ সম্পৰ্কত ডঃ ৰমেশ পাঠকৰ আলোচনা।
..............
# আমাৰ অসম, ২৮ ফেব্ৰুৱাৰী ২০১৫

Monday, March 02, 2015

আপোনাক, কেজৰিৱাল


৬৭ বছৰীয়া স্বাধীনতাৰ ভগা-ছিগাবোৰ বাটিবলৈ
এলান্ধু-কলীয়া গাৰ ৰং পোহৰ কৰিবলৈ
কংগ্ৰেছ নামৰ শেলুৱৈ, বিজেপি নামৰ ধৰ্মান্ধতা আৰু উন্মাদনা
বাগাড়ম্বৰ আৰু ছলাহী কথাৰ ফুলজাৰিৰ আধাপোৰা আৱৰ্জনা
সাৰি-মচি চিকুণাবলৈ স্বাধীনতা
৬৭ডাল কাঠীৰ এডাল বাঢ়নীয়েই লাগে চাগে কেজৰিৱাল?


অকণমান সততা, অকণমান নিষ্ঠাৰ ফিৰিঙতি দেখি
কৰ্পোৰেটৰ উদৰত জীণ নোযোৱা দুচকুৰ দীপ্তি দেখি
গৰম তেলৰ পৰা জুইত পৰা অজলা জনগণৰ
সেয়েহে চাগে ইমান উছাহ আৰু ওপচাই দিয়া শুভেচ্ছা
স্বাধীনতাৰ নাযায়-নুপুৱাই যেন লগা ৬৭ বছৰত
৬৭জনীয়া নিৰংকুশ সংখ্যাগৰিষ্ঠতা আপোনাক কেজৰিৱাল?

Thursday, June 05, 2014

এটা অতি ব্যক্তিগত টোকা: দোক্‌মোকালিৰ সংগীত


আঠ মাহৰ আগতে আমাৰ মাজলৈ এপাহ শেৱালি ফুল হৈ অহা আমাৰ ছোৱালীজনী একলা একলাকৈ ডাঙৰ হ'ব ধৰিছে। জন্মাৰ পাঁচ দিনৰ দিনা তেজ পৰীক্ষাত বিলিৰুবিনৰ পৰিমাণ বেছি থকা বুলি ওলোৱাত ফটো-থেৰাপিৰ বাবে একাষৰীয়া কোঠাটোত আন দহোটামান অনাত্মীয় কেঁচুৱাৰ লগতে তাইকো থোৱা হৈছিল— আঠচল্লিছ ঘণ্টাৰ বাবে। আৰু আত্মীয় সকলোৰে পৰা বিচ্ছিন্ন তাই দুঘণ্টা নহওঁতেই চেৰেউ-ফেৰেউকৈ হাত-ভৰি জোঁকাৰি কান্দিছিল; নাৰ্চ এগৰাকীয়ে যেতিয়া তাইক আনি মোৰ হাতত তুলি দিছিল, নিমিষতে এক অন্তৰ্ভেদি চাৱনিৰে মোৰ চকুত চকু থৈ তাই নিশ্চুপ হৈ গৈছিল, ভাবিছিল চাগে— আঃ কি প্ৰশান্তি!

তাইৰ জন্মৰ আগতেই, যদি আমাৰ মাজলৈ সঁচাকৈ ছোৱালী এজনী আহে, তেনেহ'লে তাইৰ নাম 'দোক্‌মোকালি' ৰাখিম বুলি ভাবিছিলো (ল'ৰা হ'লে কি নাম ৰাখিম, সেইটো অৱশ্যে ভবা নহ'ল, কিয় নাজানো, ভাব হৈছিল— ছোৱালী এজনীয়েই যেন আহিব!)। ৰাখিলো, কিন্তু যিদিনা তাইৰ মাকৰ ফালৰ আইতাকে জ্যোতিষী এজনক তাইৰ সোঁৱৰণি তৈয়াৰ কৰাৰ বাবে মাতি আনিলে, ৰাশি মতে

Thursday, July 18, 2013

শাৰীৰিক: পৃথিৱীৰ প্ৰথমখন অকবিতাৰ সংকলন

২০১২ চনৰ ২৮ চেপ্তেম্বৰ তাৰিখে ছপা ৰূপত প্ৰকাশ পাইছিল মোৰ অকবিতাৰ সংকলন 'শাৰীৰিক'— পৃথিৱীৰ প্ৰথমখন অকবিতাৰ সংকলন। ছপাৰূপত প্ৰকাশৰ পিছত শেহতীয়াকৈ কিতাপখন ই-বুক ৰূপত ইণ্টাৰনেটত প্ৰকাশ কৰা হ'ল। ইণ্টাৰনেটতে পঢ়িবৰ বাবে ই-বুক খন archive.org, issuu.com আৰু scribd.com-অত উপলব্ধ। ইয়াৰ বাহিৰে কিতাপখন ডাউনলোড কৰিবৰ বাবেও উপলব্ধ।

ক্ৰিয়েটিভ কমন্স লাইচেন্সৰ অধীনত কিতাপখন তলৰ যিকোনো মিৰৰৰ পৰা ডাউনলোড কৰিব পাৰে।



ছপা প্ৰকাশ: ২৮ চেপ্তেম্বৰ ২০১২
৬৪+৪ পৃষ্ঠা, পকাবন্ধা, চাৰিৰঙী বেটুপাত, এইচ বি কাগজত ছপা

Saturday, June 15, 2013

আই আই টি বম্বেৰ কথন শিক্ষণ প্ৰকল্প সম্পৰ্কে কিঞ্চিৎ

বিনামূলীয়া আৰু মুক্তউৎস চফট্‌ৱেৰ (Free & Open Source Software-FOSS) শিক্ষণৰ এটা আন্দোলন চলি আছে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান, বম্বে (IIT Bombay)-ৰ উদ্যোগত। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে অৰ্থৰ যোগান ধৰা 'কথন শিক্ষণ' প্ৰকল্পটোৰ বাবে আই আই টি বম্বেই চফট্‌ৱেৰবিলাক শিকাবৰ বাবে কিছুমান দৃশ্য-শ্ৰাব্য (Audio visual) শিক্ষণ সহায়িকা (Spoken Tutorial) তৈয়াৰ কৰিছে। এই সহায়িকাবিলাক পৰ্যায়ক্ৰমে ভাৰতীয় বিভিন্ন ভাষালৈ অনুবাদৰ কামো চলাই আছে। আমাৰ অসমীয়া ভাষালৈও সহায়িকাবিলাক অনুবাদ আৰু ডাবিঙৰ কাম চলি আছে। শিক্ষণৰ প্ৰাথমিক ধাৰণাটো হ'ল— নিজে শিকা; অৰ্থাৎ সহায়িকা এটা কম্পিউটাৰত চলাই চাই আৰু শুনি চফটৱেৰৰ বিষয়ে শিক্ষা লাভ কৰিব পাৰি। এই সহায়িকাবিলাক প্ৰকল্পটোৰ ৱেবচাইটৰ পৰা সহজে ডাউনলোড কৰিব পাৰি। শিক্ষণ আগবঢ়োৱা কিছুমান চফট্‌ৱেৰ হ'ল— চি (C), চি++ (C++), ফায়াৰফক্স (Firefox), জিঅ'জেব্ৰা (Geogebra), জিম্প (GIMP), জাভা (Jave), লেটেক (LaTeX), লিবাৰঅফিছ (LibreOffice), লিনাক্স (Linux), পাৰ্ল (Perl), পিএইচপি এণ্ড মাইএচকিউএল (PHP & MySQL),

Friday, January 04, 2013

২০১২: পৰ্যৱেক্ষণ আৰু উপলব্ধি

 ১/ পৰ্যৱেক্ষণ
অসমীয়া সাহিত্য জগতত বৈচিত্ৰ্যহীনতাৰে ২০১২ বছৰটো শেষ হ’ল। কথাষাৰ আমাৰ নিজস্ব উন্নাসিক মন্তব্য মাথোন নহয়, উত্তৰ-পূবৰ পৰা প্ৰকাশিত আৰু উত্তৰ-পূব সম্পৰ্কত প্ৰকাশিত গ্ৰন্থৰ আলোচনা আৰু পৰিচয়ৰ বাবে ৰুচিৰা আৰ্টছ ফাউণ্ডেচনে প্ৰকাশ কৰা ‘গ্ৰন্থ পৰিচিতি ২০১১-১২’ নামৰ গ্ৰন্থখনৰ সম্পাদকদ্বয় সঞ্জীৱ সভাপণ্ডিত আৰু অনুজ গোস্বামীৰো (“...গ্ৰন্থ পৰিচিতিৰ বাবে গোট খোৱা শ শ কিতাপলৈ যথেষ্ট আশাৰে বাট চোৱা হৈছিল। কিন্তু বিষয়বস্তুৰ মাজত নতুনত্ব তথা বৈচিত্ৰ্যৰ প্ৰাচুৰ্য দেখা নগ’ল। সংখ্যা কম। চেতনা জগাই তুলিব পৰা বা অজস্ৰ নতুন চিন্তাৰ বুৰবুৰণি তুলিব পৰা লেখা কম।”)। শ শ কিতাপৰ পঠন আৰু আলোচনা গ্ৰন্থনাৰ অভিজ্ঞতাৰ ভেটিত তেখেতসকলে এই অনুভৱেই প্ৰাপ্ত কৰিছে। ‘বৰ ফিকা হৈ গৈছে’ অসমীয়া সাহিত্য! ‘অমুক কলেজৰ তুমি তমুক হাজৰিকা’ৰ নিচিনা ধৰণেই এতিয়া ন-কবিসকলৰ কবিতাৰ মোক্ষ-সীমা। কবিতাক বাদ দি বাকী ফিকশ্যন শ্ৰেণীৰ সাহিত্যও একে ঠাইতে ৰৈ আছে— পুখুৰীৰ পানীৰ দৰে স্থিৰ। আমাৰ দৃষ্টিত, মানুহৰ অন্তৰ্জগতলৈ এতিয়াৰ অসমীয়া ফিকশ্যনে ভুমুকি মৰা দূৰৰে কথা, বহিৰ্জগতখনেই ভালকৈ প্ৰতিভাত কৰিব পৰা নাই। বৃহৎ নদীদ্বীপ বুলি গৰ্ব কৰা মাজুলীক লৈ, তাৰ জীৱন-যাত্ৰা, উদাসীন সত্ৰৰ ভকতসকলৰ জীৱন-যাত্ৰা, পোৱা-নোপোৱাক লৈ এখন সু-বৃহৎ উপন্যাস আজিলৈ ৰচিত হ’ল নে?

নন-ফিকশ্যন বিভাগতো একেই। বৈচিত্ৰ্যহীন গতানুগতিক বিষয়ত অহেতুক বাগাড়ম্বৰ। আলোচনীৰ পাতত ‘অসমীয়া জাতীয় জীৱনত বাঁহগছ’ জাতীয় লেখা আৰু গ্ৰন্থাকাৰে ‘বাঁহী’,’চেতনা’তে থমকি ৰোৱা সাহিত্যালোচনা। অন্য ভাষী সাহিত্যিকসকলে বিবিধ বিষয় বিচাৰি পোৱা সময়ত আমাৰ সাহিত্যিকসকল কূপ-মণ্ডুক হৈ ৰ’ল কিয়?

২/ উপল্ধি
মানুহৰ আসুৰিক প্ৰবৃত্তি আৰু তাৰ নিকৰুণ ফলশ্ৰুতিৰে ২০১২ বছৰটো শেষ হ’ল। ক’ব খুজিছোঁ দিল্লীৰ গণ ধৰ্ষণ আৰু ধৰ্ষণৰ বলি ছোৱালীজনীৰ নিদাৰুণ মৃত্যুৰ কথা। ফেচবুকৰ পৰা (আনকি গুৱাহাটীৰ প্ৰতিবাদথলীতো প্ৰতিবাদকাৰীৰ হাতৰ লেপটপত ফেচবুক!) বলিউদলৈ এতিয়া প্ৰতিবাদৰ

Sunday, December 09, 2012

চিলা

ফাগুনমহীয়া আকাশখন
চিলা এখনে আঁকুহি-বাঁকুহি থাকে
গোটেই দুপৰীয়াটো উন্মাদ হৈ পৰে
চিলাখনেৰে কথা পাতিব খুজিও
কথা পাতিব নোৱাৰে

দুপৰীয়াটোৱে সন্ধ্যাক ঠাই এৰি দিয়াৰ সময়তে
সন্তর্পণে চিলাখন নাইকীয়া হয়
বুকুত অন্তর্দাহ লৈ ওলমি থাকে আকাশ